বজাৰত লাগিছে জুই : দুদিনতেই 25 টকা বৃদ্ধি পালে পিয়াজৰ মূল্য

author img

By

Published : Oct 9, 2021, 8:51 PM IST

price-hike-in-market
বজাৰত লাগিছে জুই : দুদিনতেই 25 টকা বৃদ্ধি পালে পিয়াজৰ মূল্য ()

মূল্যবৃদ্ধিয়ে দহিছে সমগ্ৰ ৰাজ্য। দুদিনত প্ৰতিকিলোগ্ৰাম পিয়াজৰ মূল্য বৃদ্ধি হ’ল ২৫ টকা ৷

গুৱাহাটী, ৯ অক্টোবৰ: অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে পেট্ৰল, ডিজেল, ৰন্ধন গেছৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পাইছে । দেশৰ লগতে ৰাজ্যত কেতিয়াবাই শতকৰ ঘৰ পাৰ কৰিছে পেট্ৰলৰ মূল্যই ৷ ইপিনে ঘৰুৱা ৰন্ধন গেছৰো মূল্য বৃদ্ধি পাইছে ৯৫০ টকালৈ । উৎৱৰ সময়ত সকলো সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে চিন্তাত পেলাইছে সৰ্বসাধাৰণ ৰাইজক ।

শনিবাৰৰ দিনটোত গুৱাহাটীত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰ ৯৯.৪৫ টকা আৰু ডিজেলৰ মূল্য ৯১.৬৮ টকা । গুৱাহাটীত পেট্ৰলৰ মূল্যই ১০০ ঘৰ অতিক্ৰম কৰা নাই যদিও ৰাজ্যৰ কেইবাখনো জিলাত ১০০ ঘৰ অতিক্ৰম কৰিছে পেট্ৰলৰ মূল্যই । শনিবাৰৰ দিনটোত বৰপেটাত প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ১০০.২৫ টকা, বিশ্বনাথত ১০০.৮১ টকা হ’লগৈ ।

ইপিনে, ডিজেলৰ মূল্যও দিনে দিনে বৃদ্ধি পাইছে। এই হাৰত ডিজেলৰ মূল্য বৃদ্ধি হৈ থাকিলে ডিজেলৰ মূল্যও আগন্তুক দিনত সোনকালেই ১০০ ঘৰ অতিক্ৰম কৰিব । বজাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যোগান বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত অভাৱনীয় হাৰত বজাৰত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে ।

আনহাতে, মহানগৰীত পাচলিৰ মূল্যই ৫০ ঘৰ অতিক্ৰম কৰিছে । বজাৰত প্ৰতি কিলোগ্ৰাম পাচলি ৫০ টকাৰ তলত পাবলৈ নাই । ফলত বজাৰলৈ আহি হতাশ হৈছে গ্ৰাহক সকল । ইপিনে, পিয়াঁজৰ মূল্যই স্তম্ভিত কৰি তুলিছে সকলো গ্ৰাহকক ৷ উল্লেখ্য যে, ৭ অক্টোবৰত প্ৰতি কিলোগ্ৰাম পিয়াজৰ মূল্য আছিল ৪৫ টকা ৷ ৯ অক্টোবৰত প্ৰতিকিলোগ্ৰামত এই মূল্য হ’লগৈ ৭০ টকা ৷ অৰ্থাৎ, দুদিনত মুঠ মূল্য বৃদ্ধি হ’ল ২৫ টকা ৷ স্বাভাৱিকতেই এই অভাৱনীয় মূল্য বৃদ্ধিক লৈ এতিয়া চৰকাৰৰ হস্তক্ষেপ আশা কৰিছে ৰাইজে ৷

লগতে পঢ়ক : ৰাজকন্যা বৰুৱা কাণ্ডই জোকাৰি গৈছে ৰাজ্য:নাম সাঙোৰ খাইছে ৰৌ-বৰালিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.