ETV Bharat / city

ৰাজকন্যা বৰুৱা কাণ্ডই জোকাৰি গৈছে ৰাজ্য:নাম সাঙোৰ খাইছে ৰৌ-বৰালিৰ

author img

By

Published : Oct 9, 2021, 7:07 PM IST

rajkanya-baruah-case-bringing-more-twist
ৰাজকন্যা বৰুৱা কাণ্ডই জোকাৰি গৈছে ৰাজ্য:নাম সাঙোৰ খাইছে ৰৌ-বৰালিৰ

দিছপুৰ থানাত চলিছে মাৰাথান জেৰা। জেৰাৰ সন্মূখীন হৈছে জি এন আৰ চিৰ প্ৰশাসনীয় বিষয়া। ৰাজকন্যা বৰুৱা সন্দৰ্ভত ডাঃ নভনীল বৰুৱাই অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক টেলিফোন যোগে অৱগত কৰিছিল। একাংশ সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ হোৱাত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই দিলে স্পষ্টিকৰণ ।

গুৱাহাটী, ৯ অক্টোবৰ : ৰাজকন্যা বৰুৱা সংক্ৰান্তীয় গোচৰত দহ ঘণ্টীয়া জেৰাৰ অন্তত শুকুৰবাৰে নিশা স্বাস্থ্য পৰীক্ষা কৰাই ঘৰলৈ যাব দিয়া হৈছিল ডাঃ নভনীল বৰুৱাক ৷ জ্যেষ্ঠ চিকিৎসক গৰাকী শনিবাৰে পুনৰ হাজিৰ হৈছে দিছপুৰ থানাত । উল্লেখ্য যে, ১ অক্টোবৰৰ নিশা ১.৩০ বজাত আঠজনকৈ শ্ৰমিকক সুৰামত্ত হৈ বাহনেৰে মহতীয়াই নিয়া বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছে ডাঃ নভনীল বৰুৱাৰ বিৰুদ্ধে ।

শুকুৰবাৰে দিছপুৰ থানা চৌহদত সংবাদ মাধ্যমৰ আগত তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ খণ্ডন কৰি ৰাজকন্যা বৰুৱাক চিনি নাপাও বুলি মন্তব্য কৰিছিল ডাঃ বৰুৱাই । কিন্তু তেওঁ ৰাজকন্যা বৰুৱাক যে ভালদৰে চিনি পায় সেই কথা সামাজিক মাধ্যমত প্ৰকাশ পোৱা বহু তথ্যই ইতিমধ্যে স্পষ্ট কৰিছে । আৰক্ষীৰ জেৰাত ডাঃ নভনীল বৰুৱাই বাধ্যত পৰি ৰাজকন্যা বৰুৱাক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ কথা স্বীকাৰ কৰিছে । ৰাজকন্যা বৰুৱাই চিকিৎসালয়ত ভৰ্তি নকৰিলে আত্মহত্যা কৰাৰ ভাবুকিৰে মেছেজ দিয়া বুলি ডাঃ নভনীল বৰুৱাই জেৰাত উল্লেখ কৰিছে ।

ৰাজকন্যা বৰুৱা কাণ্ডই জোকাৰি গৈছে ৰাজ্য:নাম সাঙোৰ খাইছে ৰৌ-বৰালিৰ

লক্ষণীয় বিষয় যে, ৰাজকন্যা বৰুৱাই আত্মহত্যা কৰাৰ ভাবুকিৰে দিয়া মেছেজ সন্দৰ্ভত ডাঃ নভনীল বৰুৱাই অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক টেলিফোন যোগে অৱগত কৰিছিল । আৰক্ষীৰ জেৰাত ডাঃ নভনীল বৰুৱাই এই কথা উল্লেখ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতেই আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে নিজৰ স্পষ্টিকৰণ দাঙি ধৰিছে ।

ইফালে, ৰাজকন্যাক আই চি ইউত থৈছে নে ক'ত থৈছে সেই কথা আলোচনা হোৱা নাছিল বুলিও মন্তব্য কৰিছে ভাস্কৰজ্যোতি মহন্তই । সমগ্ৰ ঘটনাটোক লৈ এতিয়া বিভিন্ন নতুন দিশ উন্মোচিত হোৱাৰ লগতে বিভিন্ন প্ৰশ্নৰো অৱতাৰণা হৈছে । অৱশ্যে, আৰক্ষীৰ তদন্তৰ পাছতেহে সকলো তথ্য পোহৰলৈ আহিব বুলি ধাৰণা কৰা হৈছে ৷ ইফালে, ডাঃ নভনীল বৰুৱা গ্ৰেপ্তাৰ হ'ব নে নাই সেই বিষয়ক লৈয়ো ৰাজ্যজুৰি সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া ৷

লগতে পঢ়ক : ভাৰতীয় উপকূলৰক্ষী বাহিনীক প্ৰশংসা ৰাজনাথ সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.