ETV Bharat / state

Paddler arrest with Drugs : শদিয়াত ড্ৰাগছসহ কৰায়ত্ব দুই

author img

By

Published : Dec 7, 2021, 2:06 PM IST

শদিয়াত ড্ৰাগছসহ আটক দুই
শদিয়াত ড্ৰাগছসহ আটক দুই

শদিয়াত ড্ৰাগছসহ কৰায়ত্ব কৰা হ’ল দুই মাফিয়াক (Drugs paddler arrested in Sadiya) ৷ দেওবাৰে নিশা স্থানীয় যুৱ সংঘৰ সদস্যই অভিযান চলাই আটক কৰে ড্ৰাগছ মাফিয়া দুটাক ৷ আটকাধীন দুই যুৱকৰ পৰা নিষিদ্ধ ব্ৰাউন চুগাৰৰ লগতে বহু সামগ্ৰী জব্দ কৰা হয় ৷

শদিয়া, 7 ডিচেম্বৰ : আৰক্ষী প্ৰশাসনে নহয়, এইবাৰ স্থানীয় এক যুৱ সংঘই অভিযান চলাই কৰায়ত্ব কৰিলে দুই ড্ৰাগছ মাফিয়াক ৷ শদিয়াৰ সোণজান যুৱ সংঘই দেৱ কুমাৰ মৰাণ ওৰফে গেজুৰ ঘৰত অভিযান চলাই ড্ৰাগছসহ দুজনক হাতে-লোটে কৰায়ত্ব কৰিবলৈ সক্ষম হয় (Drugs paddler arrested in Sadiya) । আটকাধীন ড্ৰাগছ মাফিয়া দুটা ক্ৰমে সোণজান গাঁৱৰ পবেশ্বৰ মৰাণৰ পুত্ৰ দেৱ কুমাৰ মৰাণ(৩৭) আৰু বৰমেছাই গাঁৱৰ মিলেশ্বৰ দহোতীয়াৰ পুত্ৰ দিন দহোতীয়া (৩৮) ।

ড্ৰাগছ মাফিয়া দুটাৰ লগত একে গাঁৱৰে প্ৰীতম নামৰ যুৱকজনে ড্ৰাগছ সেৱন কৰি ঘৰলৈ ওভতাৰ পিছত নিষিদ্ধ ব্ৰাউন চুগাৰ কিনা-বেচা কৰি থাকোতেই যুৱ সংঘটোৰ সদস্যসকলে অতৰ্কিতে অভিযান চলাই দুয়োকে আটক কৰে ।

লগতে পঢ়ক: Encounter at Nagaon : নগাঁৱত গুলীবিদ্ধ দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া

আটক কৰাৰ কিছু সময়ৰ পাছত ক্ৰমে কাকপথাৰ আৰক্ষী, বৰডুমচা আৰক্ষী আৰু ডুমডুমাৰ চক্ৰ পৰিদৰ্শক ঘটনাস্থলীত উপস্থিত হৈ নিষিদ্ধ সামগ্ৰীসমূহ জব্দ কৰি আটকাধীন দুয়োকে বৰডুমচা থানালৈ লৈ যায় । পৰৱৰ্তী সময়ত গাঁৱখনৰ অন্য এজন ব্যক্তিক আৰক্ষীয়ে আটক কৰিবলৈ চেষ্টা চলায় যদিও ব্যৰ্থ হয় । আৰক্ষীয়ে অতি কম দিনৰ ভিতৰতে গাঁৱখনৰ পৰা ড্ৰাগছ সেৱন কৰা আৰু বিক্ৰী কৰা 8 জন লোকক আটক কৰাৰ লগতে বৰমেচাই গাঁৱৰ তিনিজন লোকক আটক কৰিব বুলি জানিবলৈ দিয়ে ।

আটকাধীন ড্ৰাগছ মাফিয়া দুটাৰ পৰা আৰক্ষীয়ে কিছু পৰিমাণৰ ব্ৰাউন চুগাৰ, নগদ ধন, নম্বৰ প্লেটবিহীন মটৰ চাইকেল আৰু ম’বাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: Fake Gold Seized in Biswanath: নকল সোণৰ সামগ্ৰীকে ধৰি নকল টকা বনোৱা মেচিন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.