Encounter at Nagaon : নগাঁৱত গুলীবিদ্ধ দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া

author img

By

Published : Dec 7, 2021, 9:40 AM IST

Updated : Dec 7, 2021, 10:00 AM IST

গুলীবিদ্ধ দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া

সোমবাৰে নিশা নগাঁও আৰক্ষীৰ এনকাউণ্টাৰ(Encounter at Nagaon) ৷ আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ কুখ্যাত ড্ৰাগছ মাফিয়া(Drugs Mafia injured by police encounter) ৷ ভৰিত আঘাতপ্ৰাপ্ত ড্ৰাগছ মাফিয়াটোক নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷

নগাঁও, 7 ডিচেম্বৰ : পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ মাৰণাস্ত্ৰ । অপৰাধীৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে অসম আৰক্ষী । অপৰাধ দমনৰ বাবে যিকোনো পন্থাই অৱলম্বন কৰিবলৈ বাধ্য হৈছে আৰক্ষীয়ে । কোনো কাৰণতে অপৰাধীক সাৰি যাবলৈ নিদিয়াৰ পন্থা হাতত লৈছে অসম আৰক্ষীয়ে ৷

পুনৰবাৰ নগাঁও আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হৈছে দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া(Drugs Mafia injured by police encounter) ইফু ৷ ঘটনাৰ বিৱৰণী অনুসৰি, দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছিল যুৱ কংগ্ৰেছৰ নেতা আব্দুল বাছেদ ওৰফে ইফু ৷ সোমবাৰে নিশা জিলাখনৰ চকীটোপৰ এক গোপন স্থানত আত্মগোপন কৰি থকা অৱস্থাত নগাঁও আৰক্ষীয়ে অভিযান চলাই ইফুক কৰায়ত্ত কৰে ৷ উক্ত সময়তে আৰক্ষীৰ পৰা হাত সাৰিবলৈ পলায়নৰ চেষ্টা চলায় মাফিয়াটোৱে ৷ যাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰে ৷

নগাঁৱত গুলীবিদ্ধ দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া

অপৰাধীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা নগাঁও আৰক্ষীয়ে পুনৰ সফলতা লাভ কৰে ড্ৰাগছৰ বিৰুদ্ধে ৷ উল্লেখ্য যে, বিভিন্ন অপৰাধজনিত ঘটনাৰ লগত জড়িত থকা ইফুক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ দীৰ্ঘদিনৰ পৰাই প্ৰচেষ্টা অব্যাহত ৰাখিছিল ৷ ইফুৰ বিৰুদ্ধে নগাঁও সদৰ থানাকে ধৰি বিভিন্ন থানাত ৰুজু হৈ আছে কেইবাটাও গোচৰ ৷ অৱশেষত সোমবাৰে নিশা নগাঁও আৰক্ষীয়ে ইফুক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

সোঁ ভৰিত আঘাতপ্ৰাপ্ত ইফুক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ৷

বিগত সাত বছৰ পূৰ্বে নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাৰ বৰবজাৰস্থিত নিজা বাসভৱনত আক্ৰমণ কৰাৰ অপৰাধত কাৰাবাস খাটিবলগীয়া হৈছিল ইফুৱে ৷ ইফুৰ সৈতে আৰক্ষীয়ে আন 6 জন অভিযুক্তকো আটক কৰিছে ৷ সম্প্ৰতি আটকাধীনসকলৰ জেৰা অব্যাহত আছে ৷

লগতে পঢ়ক : Encounter : কামৰূপ আৰক্ষীৰ এনকাউণ্টাৰত গুলিবিদ্ধ দুধৰ্ষ ড্ৰাগছ মাফিয়া

Last Updated :Dec 7, 2021, 10:00 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.