Vicky-Katrina Wedding : আজিৰে পৰা আৰম্ভ হ’ব বিবাহৰ মাংগলিক পৰ্বসমূহ

author img

By

Published : Dec 7, 2021, 1:34 PM IST

vicky katrina wedding rituals

সোমবাৰে ৰাজস্থানৰ চৱাই মাধোপুৰৰ Six Senses Fort ত উপস্থিত হৈছে হ’বলগীয়া ন-দম্পতী বিকি কৌশল আৰু কেটৰিণা কাইফ(Vicky Kaushal and Katrina Kaif reached Six Senses Fort) ৷ পৰিয়ালৰ সৈতে বিবাহস্থলীত উপস্থিত হোৱাৰ লগে লগে বৰৱাৰা দুৰ্গত এক উছাহভৰা আদৰণি লাভ কৰে বিকী-কেটৰিণাই । ইফালে আজিৰে পৰা Sangeet Ceremony ৰ সৈতে আৰম্ভ হ’ব দুয়োৰে বহু প্ৰত্যাশিত বিবাহৰ পৰম্পৰাগত পৰ্বসমূহ(Vicky-Katrina's wedding festivities kickstart from today) ৷

চিটাৰা ডেস্ক, 7 ডিচেম্বৰ : আজিৰে পৰা আৰম্ভ হৈছে বলীউডৰ আটাইতকৈ চৰ্চিত যুটি কেটৰিণা কাইফ আৰু বিকী কৌশলৰ বহু প্ৰত্যাশিত বিবাহৰ পৰ্বসমূহ(Vicky-Katrina's wedding festivities kickstart from today) ৷ 9 ডিচেম্বৰত ৰাজস্থানৰ চৱাই মাধোপুৰৰ Six Senses Fort ত বিবাহপাশত আৱদ্ধ হ’ব বিকী-কেটৰিণা(Vicky-Katrina wedding) ৷

সোমবাৰে নিশা দুয়োৱে পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে বিবাহস্থলীত উপস্থিত হয় ৷ দুয়ো উপস্থিত হোৱাৰ লগে লগে বিশাল আতচবাজীৰে আদৰণি জনোৱা হয় বিকী-কেটৰিণাক । মাংগলিকভাৱে ডিঙিত মালা পিন্ধাই কপালত তিলক লগাই বিকী-কেটৰিণাক হোটেলত আদৰণি জনোৱা বুলি জানিব পৰা গৈছে ৷

আজিৰে পৰা Sangeet Ceremony ৰ সৈতে আৰম্ভ হ’ব দুয়োৰে বিবাহৰ পৰম্পৰাগত পৰ্বসমূহ(Vicky-Katrina's wedding festivities kickstart from today) ৷ ইফালে বিকি কৌশল আৰু কেটৰিণা কাইফৰ পৰিয়ালক বৰৱাৰা দুৰ্গলৈ লৈ যোৱাৰ বাবে তিনিখন বিলাসী বাহনৰ ব্যৱস্থা কৰা হয় ৷ 12 ডিচেম্বৰলৈকে হোটেলতে থাকিব বিকী-কেটৰিণা । বিবাহৰ পাচতে দুয়ো চৌথ মাতাৰ মন্দিৰ দৰ্শন কৰাৰো সম্ভাৱনা আছে ।

লগতে পঢ়ক : Vicky-Katrina Wedding : উখল-মাখল পৰিবেশত ৰাজস্থানৰ এক ৰাজকীয় দুৰ্গত বিকী-কেটৰিণাৰ বিবাহ পৰ্ব

প্ৰাপ্ত তথ্য অনুসৰি, আজি নিশা Sangeet Ceremony ৰ পাচত বুধবাৰে পুৱা 11 বজাত Haldi Ceremony সম্পন্ন হ’ব ৷ 9 ডিচেম্বৰত সম্পন্ন হ’ব Sehrabandi বৈবাহিক ৰীতি ৷ ইয়াৰ পাচত 11 ডিচেম্বৰৰ আবেলি 3 বজাত বিবাহ সম্পন্ন হ’ব আৰু সেইদিনাই নিশা পুলচাইড পাৰ্টীৰ আয়োজন কৰা হৈছে ।

Rajwada Style ত বৈবাহিক ৰীতি-নীতি সম্পন্ন কৰিব বিকী-কেটৰিণাই ৷ অৱশ্যে দুয়োৰে বিবাহৰ পৰ্বসমূহ সম্পূৰ্ণৰূপে ব্যক্তিগত আৰু সীমিত সংখ্যক অতিথিৰ মাজত সম্পন্ন কৰা হ’ব ৷

লগতে পঢ়ক : বিবাহৰ পূৰ্বেই বিকী-কেটৰিণাৰ বিৰুদ্ধে অভিযোগ, কিন্তু কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.