Jorhat Mob Lynching : পুনৰায় আটক ঘটনাৰে জড়িত অভিযুক্ত

author img

By

Published : Dec 7, 2021, 12:31 PM IST

As_jrt_7dec_one_more_youth_arrested_image_AS10039

কৰায়ত্ত কৰা হৈছে যোৰহাটৰ গণ প্ৰহাৰ (Jorhat Mob Lynching) ৰ ঘটনাত জড়িত এগৰাকী অভিযুক্তক ৷ এতিয়ালৈকে 15 গৰাকী অভিযুক্ত পৰিল আৰক্ষীৰ জালত ৷ পল্টন বজাৰ আৰক্ষীয়ে কৰায়ত্ত কৰে যুৱকজনক ৷

যোৰহাট, 7 ডিচেম্বৰ : যোৰহাটৰ অনিমেষ ভূঞা হত্যাকাণ্ড (AASU leader Animesh Bhuyan Murder)ৰ আন এজন অভিযুক্তক কৰায়ত্ত ৷ মহানগৰীৰ পল্টন বজাৰ আৰক্ষীয়ে গুৱাহাটীৰ পৰা কৰায়ত্ত কৰে যুৱকজনক ৷ ধৃত যুৱকজন বালিগাঁৱৰ সুশান্ত শৰ্মা বুলি জানিব পৰা গৈছে ৷

বৰ্তমানলৈকে যোৰহাটৰ গণ প্ৰহাৰ(Jorhat Mob Lynching) ৰ ঘটনাৰ সৈতে জড়িত 15 জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ ঘটনাৰ মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নীৰজ দাসৰ যোৱা 1 ডিচেম্বৰত এক দুৰ্ঘটনাত মৃত্যু ঘটে ৷ মুখ্যমন্ত্ৰীয়ে অভিযুক্তৰ বিচাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত সম্পন্ন কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰে ৷

লগতে পঢ়ক : Mob Lynching in Jorhat : 91 টা গোচৰ বুকুত সাৱতি বগা চাদৰৰ তলত শুই পৰিল ক’লা ল’ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.