AASU Demand to Repeal AFSPA : AFSPA প্ৰত্যাহাৰৰ দাবী আছুৰ

author img

By

Published : Dec 7, 2021, 1:58 PM IST

সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ দাবী আছুৰ

ভাৰতীয় সামৰিক বাহিনীয়ে নাগালেণ্ডৰ মন জিলাত গুলীচালনা কৰি 14 গৰাকী শ্ৰমিকক হত্যা কৰা ঘটনা(Ambush on civilians in Nagaland)ক সদৌ অসম ছাত্ৰ সন্থাই গৰিহণা দিছে ৷ এই ঘটনাৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিছে ছাত্ৰ সংগঠনটোৰ সভাপতি দীপাংক নাথে ৷

গুৱাহাটী, 7 ডিচেম্বৰ : নাগালেণ্ডৰ মন জিলাত ভাৰতীয় সামৰিক বাহিনীয়ে 14 গৰাকী কয়লা খাদত কাম কৰা শ্ৰমিকক নিৰ্বিচাৰে গুলীচালনা কৰি হত্যা কৰাৰ ঘটনা(Ambush on civilians in Nagaland)ক সদৌ অসম ছাত্ৰ সন্থাই গৰিহণা দিয়ে ৷ লগতে অতি শীঘ্ৰে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰা(AASU Demand to Repeal AFSPA) ৰ বাবে দাবী জনাইছে ।

লগতে পঢ়ক: Armed Forces Special Powers Act নালাগে শান্তিপূৰ্ণ নাগালেণ্ডত :নেফিঅ’ ৰিঅ’

এই সম্পৰ্কত আছুৰ সভাপতি দীপাংক নাথে(AASU President Dipanka Nath on Nagaland ambush) কয় যে, সামৰিক বাহিনীয়ে নিৰ্বিচাৰ গুলীচালনা কৰি ১৩ গৰাকী শ্ৰমিকক হত্যা কৰা কাৰ্য কোনো কাৰণতে ক্ষমাৰ যোগ্য নহয় । চোৰাংচোৱা বাহিনীৰ বিফলতাৰ বাবেই খাপ পিটি থাকি সাধাৰণ জনতাৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰা ঘটনা কোনো কাৰণত মানি লোৱা নহ’ব ।

সশস্ত্ৰ বাহিনীয়ে বিশেষ ক্ষমতা আইনৰ গইনা লৈ এনেদৰে নিৰীহ মানুহৰ জীৱন লৈ থকাৰ কথা কোনো কাৰণতে গ্ৰহণযোগ্য নহয় ৷

বিগত বিভিন্ন সময়ত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনখন প্ৰত্যাহাৰ(AASU Demand to Repeal AFSPA) কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে । যিসকল সামৰিক বাহিনীৰ লোকে এই কাণ্ড সংঘটিত কৰিলে, তাৰ বিচাৰ হ’ব লাগিব বুলি দাবী জনায় আছুৰ সভাপতিগৰাকীয়ে । এই ঘটনাৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিত্তিত প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও তেওঁ মন্তব্য কৰে । এই প্ৰতিবাদৰ বাবে ইতিমধ্যে নগা ষ্টুডেণ্ট ফেডাৰেশ্যন(Naga Students Federation)ৰ লগত আলোচনা কৰা বুলি দীপাংক নাথে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Nagaland Civilians Deaths : নাগালেণ্ডৰ সেনা আক্ৰমণক দুৰ্ভাগ্যজনক আখ্যা অমিত শ্বাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.