ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Aug 26, 2021, 7:00 PM IST

TOP 10 AT 7PM
সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

পহিলা ছেপ্তেম্বৰৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান: ভেকচিন বাধ্যতামূলক

বৃহস্পতিবাৰে ৰাজ্যিক কেবিনেটৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ জানো আহক, ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্ত সমূহ ৷

১ ছেপ্টেম্বৰত বিধায়ক পদ এৰিব ফণী তালুকদাৰে

সকলো জল্পনা-কল্পনাৰ অৱসান ঘটনাই এআইউডিএফ এৰিবলৈ সাজু হৈছে ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰ ৷ 1 ছেপ্তেম্বৰত গেৰুৱা হ’ব বিধায়ক গৰাকী ৷ বৃহস্পতিবাৰে এআইইউএফ দলৰ নেতৃত্বক জনালে দল ত্যাগ কৰাৰ কথা ৷

বীৰ লাচিত সেনাক কি প্ৰতিশ্ৰুতি দিছিল ৰামেশ্বৰ তেলীয়ে ?

অইলৰ সৈতে অ’এনজিচি অসম সম্পদৰ চামিলকৰণত সৰৱ হৈ পৰিছে বীৰ লাচিত সেনা ৷ জানো আহক এই সন্দৰ্ভত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কি প্ৰতিশ্ৰুতি দিছিল বীৰ লাচিত সেনাক ৷

ছয়গাঁৱত ৰে’ল দুৰ্ঘটনা: লাইনচ্যুত ৫ টা ডবা

ছয়গাঁও ষ্টেচনত দুৰ্ঘটনাত পতিত হয় শৰাইঘাট এক্সপ্ৰেছ নামৰ ৰে’লখন । কামাখ্যা যোগীঘোপা ৰে’লপথত লাইনচ্যুত হৈ পাঁচটা ডবা পথৰ পৰা নামি যায় ।

চাৰি দশকত জব্দ-উদ্ধাৰ কৰা গঁড়ৰ খৰ্গ ধ্বংস কৰাৰ পৰিকল্পনা বন বিভাগৰ

চোৰাংচিকাৰী তথা সৰবৰাহকাৰীৰ পৰা জব্দ কৰা তথা মৃত গড়ৰ পৰা উদ্ধাৰ কৰা আঢ়ৈ হাজাৰ খৰ্গ ধ্বংস কৰা হ'ব । ২৯ আগষ্টত গুৱাহাটীৰ জালুকবাৰীস্থিত অসম বন বিদ্যালয়ৰ চৌহদত ৰাজহুৱা শুনানি গ্ৰহণ কৰা হ'ব । এই শুনানিৰ পাছতে বন বিভাগে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব । পৰীক্ষা-নিৰীক্ষা আৰু শৈক্ষিক গৱেষণাকে ধৰি বিভিন্ন কাৰণত পাঁচ শতাংশ খৰ্গ সংৰক্ষণ কৰা হ'ব ।

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি হৈছে এইডচ ৰোগীৰ সংখ্যা

অসমত ক্ৰমান্বয়ে বৃদ্ধি পাইছে এইডচ ৰোগত আক্ৰান্তৰ সংখ্যা । ড্ৰাগছ সহজলভ্য হোৱাৰ লগে লগে ৰাজ্যত বৃদ্ধি হৈছে এইডচ ৰোগীৰ সংখ্যা । ২০১৯ চনৰ সমীক্ষা অনুসৰি, ৰাজ্যত মুঠ ২১, ২২৩ গৰাকী এইডচ ৰোগী আছে ।

পুনৰ উত্তাল যোৰহাটৰ অইল ইণ্ডিয়া লিমিটেডৰ পাম্পিং ষ্টেচন

অইল ইণ্ডিয়াৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে সদৌ অসম ছাত্ৰ সন্থা । এইবাৰ যোৰহাটত অইল ইণ্ডিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে যোৰহাট আছুৱে । পিছে এইবাৰ কি ভুল কৰিলে অইল ইণ্ডিয়া লিমিটেডে ?

5 বছৰে মহকুমাৰ নামত প্ৰতাৰিত হ’ল বৃহত্তৰ সৰুক্ষেত্ৰীবাসী

অসম চৰকাৰৰ(Assam Govt) দ্বাৰা ঘোষিত মহকুমাৰ(Sub division) নামত প্ৰতাৰণাৰ বলি হ’ল অবহেলিত অনাদৃত আৰু অনগ্ৰসৰ সৰ্থেবাৰীৰ লগতে সৰুক্ষেত্ৰীৰ(Sarukhetri) সাধাৰণ জনতা । 40 বছৰীয়া এক দীৰ্ঘকালীন আন্দোলন তথা আবেদন-নিবেদনৰ অন্তত বৰপেটা জিলাৰ ঐতিহাসিক কাঁহ শিল্প নগৰী সৰ্থেবাৰীক সদৰ হিচাপে লৈ ঘোষণা কৰা হৈছিল ‘সৰুক্ষেত্ৰী মহকুমা’ ।

ৰাজ্যৰ ১০ শতাংশ লোকেহে লাভ কৰিছে ক'ভিডৰ দুয়োপালি ভেকচিন

ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসমত 18 আগষ্টৰ পৰা লকডাউন কিছু পৰিমাণে শিথিল কৰা হৈছে ৷ ব্যক্তিগত যান বাহনৰ যাতায়তৰ ক্ষেত্ৰত বিভিন্ন জিলাসমূহৰ মাজত থকা নিষেধাজ্ঞা ইতিমধ্যে বাতিল কৰিছে চৰকাৰে ৷ কিন্তু গুৱাহাটী মহানগৰীত এতিয়াও নিয়ন্ত্ৰিত হোৱা নাই সংক্ৰমণ । মহানগৰীত এতিয়াও আক্ৰান্তৰ হাৰ এতিয়াও শতাধিক হৈ আছে ।

ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ে উৎপাদন কৰিব 'Green tea'

অসমৰ এখন মহাবিদ্যালয়ে গ্ৰীণ টি উৎপাদনৰ ক্ষেত্ৰত লৈছে এক বিশেষ ভূমিকা । প্ৰায় ২০ বিঘা মাটিত চাহ বাগিচাৰ পুলি ৰোপণ কৰি গ্ৰীণ টি উৎপাদনৰ এক লক্ষ্য কৰি লৈছে মহাবিদ্যালয়খনে । ইয়াৰ ৪ বিঘা মাটিত বুধবাৰে জৈৱিক সাৰ প্ৰয়োগ কৰি চাহগছ ৰোপণ কৰিলে মহাবিদ্যালয় কৰ্তৃপক্ষই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.