ETV Bharat / state

5 বছৰে মহকুমাৰ নামত প্ৰতাৰিত হ’ল বৃহত্তৰ সৰুক্ষেত্ৰীবাসী

author img

By

Published : Aug 26, 2021, 5:07 PM IST

সৰুক্ষেত্ৰী(Sarukhetri) ৰাইজক ঠগিলে নেকি ৰাজ্য় চৰকাৰে ? 5 বছৰ পূৰ্বে ঘোষণা কৰা মহকুমাৰ(Subdivision) নামত প্ৰতাৰণাৰ বলি হ’ল সৰ্থেবাৰীৰ লগতে সৰুক্ষেত্ৰীবাসী ৷ তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে(Tarun Gogoi) সৰুক্ষেত্ৰীক মহকুমা(Subdivision) ঘোষণা কৰিছিল যদিও আজি পৰ্যন্ত এই স্বীকৃতি দিয়া হোৱা নাই ৷ যাৰ পৰিপ্ৰেক্ষিতত ক্ষুব্ধ হৈ পৰিছে সৰুক্ষেত্ৰীৰ সাধাৰণ জনতা ৷

sarukhetri subdivision yet to become functional
মহকুমাৰ নামত প্ৰতাৰিত সৰুক্ষেত্ৰীবাসী

বৰপেটা, 26 আগষ্ট: অসম চৰকাৰৰ(Assam Govt) দ্বাৰা ঘোষিত মহকুমাৰ(Sub division) নামত প্ৰতাৰণাৰ বলি হ’ল অবহেলিত অনাদৃত আৰু অনগ্ৰসৰ সৰ্থেবাৰীৰ লগতে সৰুক্ষেত্ৰীৰ(Sarukhetri) সাধাৰণ জনতা । 40 বছৰীয়া এক দীৰ্ঘকালীন আন্দোলন তথা আবেদন-নিবেদনৰ অন্তত বৰপেটা জিলাৰ ঐতিহাসিক কাঁহ শিল্প নগৰী সৰ্থেবাৰীক সদৰ হিচাপে লৈ ঘোষণা কৰা হৈছিল ‘সৰুক্ষেত্ৰী মহকুমা’ ।

মহকুমা ঘোষণা হ’ল ঠিকেই, কিন্তু বিগত 5 টা বছৰে অসম চৰকাৰৰ এই ঘোষণা ঘোষণাতেই সীমাবদ্ধ থাকিল । মহকুমাৰ নামত প্ৰতাৰিত হ’ল ঐতিহাসিক কাঁহ শিল্প নগৰী সৰ্থেবাৰীৰ লগতে বৃহত্তৰ সৰুক্ষেত্ৰীৰ ৰাইজ । 2016 চনৰ 26 জানুৱাৰীত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে(Tarun Gogoi) সমগ্ৰ সৰুক্ষেত্ৰী অঞ্চলৰ ৰাইজৰ ক্ষীপ্ৰ উন্নয়ন আৰু ৰাইজৰ সু-শাসন লাভ কৰাৰ উদ্দেশ্যে কাঁহ শিল্প নগৰী সৰ্থেবাৰীক সদৰ হিচাপে লৈ সৰুক্ষেত্ৰী মহকুমা ঘোষণা কৰিছিল ।

মহকুমাৰ নামত প্ৰতাৰিত সৰুক্ষেত্ৰীবাসী

লগতে পঢ়ক: বাৰিষাৰ ভৰা নৈ খোজকাঢ়ি পাৰ হ’বলগীয়া এটা বিশেষ অঞ্চল...

সেই বৰ্ষৰে 28 ফেব্ৰুৱাৰীত সেই সময়ৰ জলসিঞ্চন মন্ত্ৰী চন্দন সৰকাৰে(Chandan Sarkar) বৰপেটা জিলাৰ তৃতীয়টো মহকুমা হিচাপে ঘোষিত সৰুক্ষেত্ৰী মহকুমাৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে উন্মোচন কৰি ৰাইজলৈ অৰ্পন কৰিছিল । তেতিয়াৰ পৰাই এই প্ৰস্তাৱিত কাৰ্যালয় চৌহদত স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ দিনা চৰকাৰী উদ্যোগত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি থকা হৈছে । মহকুমাৰ নামত প্ৰকৃততে ৰাইজে পালে একমাত্ৰ জাতীয় পতাকাখন আৰু এখন ফলক ।

এইদৰেই পৰি ৰৈছে মহকুমা কাৰ্যালয়ৰ বাবে আগবঢ়োৱা ৰাইজৰ গৃহ । বিগত 5 বছৰে সৰুক্ষেত্ৰী মহকুমা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত অসম চৰকাৰে প্ৰদৰ্শন অনিহাই এতিয়া হতাশাগ্ৰস্ত কৰি তুলিছে অবহেলিত সৰুক্ষেত্ৰীৰ ৰাইজক । সৰুক্ষেত্ৰীবাসীৰ এতিয়া একমাত্ৰ ভৰসা হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma) নেতৃত্বাধীন বিজেপি চৰকাৰ ৷

শীঘ্ৰেই সৰুক্ষেত্ৰীক মহকুমা হিচাপে কাৰ্যকৰীকৰণৰ বাবে বিজেপি চৰকাৰক আহ্বান জনাইছে প্ৰতাৰিত ৰাইজে । অন্যথা পুনৰ ৰাজপথ কঁপাবলৈ বাধ্য হ’ব বুলি হুংকাৰ প্ৰদান কৰে সৰুক্ষেত্ৰীবাসীয়ে ৷

লগতে পঢ়ক: মিকিৰ বামুনী গ্ৰাণ্টত সৌৰশক্তি প্ৰকল্প নিৰ্মাণৰ ফলত সমস্যাত ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.