বাৰিষাৰ ভৰা নৈ খোজকাঢ়ি পাৰ হ’বলগীয়া এটা বিশেষ অঞ্চল...

author img

By

Published : Aug 25, 2021, 2:15 PM IST

Updated : Aug 26, 2021, 11:43 AM IST

no bridge at koilajuli

অসম-অৰুণাচল সীমান্তৱৰ্তী কয়লাজুলিত ৰাইজৰ বিপদ সংকুল যাত্ৰা ৷ গাৰ নোম শিয়ৰি উঠা প্ৰতিটো দৃশ্য বন্দী সাংবাদিকৰ কেমেৰাত ৷ বিগত পাঁচটা বছৰে নিৰ্মাণ নহ'ল এখনো পকী দলং ৷ ফলত যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰিছে অঞ্চলটোৰ ৰাইজে ৷

ৰঙাপৰা, 25 আগষ্ট : গাৰ নোম শিয়ৰি উঠা এক দৃশ্য ৷ ভৰ বাৰিষাটো বিপদ সংকুলভাৱে যাতায়াত কৰিবলগাত পৰিছে কয়লাজুলিবাসীয়ে ৷ কিয়নো বিগত পাঁচটা বছৰে অসম-অৰুণাচল সীমান্তৱৰ্তী কয়লাজুলি নদীৰ ওপৰত নিৰ্মাণ হোৱা নাই এখনো দলং ৷

পাহাৰৰ পৰা বৈ অহা নদীখনৰ পানী গচকি কণ কণ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে বিপদ সংকুলভাৱে প্ৰতিদিনে যাতায়াত কৰিবলগাত পৰিছে ৷ এয়া আজি বা কালিৰ কথা নহয় ৷ বিগত পাঁচ বছৰ ধৰি কয়লাজুলি নদীখন এনেদৰে খোজকাঢ়িয়ে পাৰাপাৰ হৈ আহিছে অঞ্চলটোৰ ৰাইজে ৷ হাতৰ মুঠিতে প্ৰাণটো লৈ চাইকেল, মটৰ চাইকেল আদি পাৰ কৰি ৰাইজ গন্তব্য স্থানলৈ ৰাওনা হয় ৷

অসম-অৰুণাচল সীমান্তৱৰ্তী কয়লাজুলিত ৰাইজৰ বিপদ সংকুল যাত্ৰা

উল্লেখ্য যে, ৰঙাপৰাৰ উৰহীলগা হৈ কয়লাজুলি-চাৰিদুৱাৰ সংযোগী গুৰুত্বপূৰ্ণ পথচোৱাত থকা কয়লাজুলি নদীৰ ওপৰত থকা পকী দলংখন প্ৰায় পাঁচ বছৰ পূৰ্বে বাঢ়নী পানীয়ে এটা অংশ ভাঙি পেলাইছিল । পৰৱৰ্তী সময়ত বাঢ়নী পানীয়ে পকী দলংখনৰ বাকী থকা অংশটোও উটুৱাই লৈ যায় । যাৰ ফলত স্থানীয় ৰাইজে ভৰা নৈত বিপদ সংকুলভাৱে যাতায়াত কৰিবলগীয়াত পৰিছে ।

লগতে পঢ়ক: ধেমাজিত আদৰ্শ ক’ভিড কেয়াৰ কেন্দ্ৰ মুকলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কাণষাৰ নাই চাৰিবাৰকৈ চতিয়া বিধানসভা সমষ্টিৰ পৰা জয়ী হোৱা বিধায়ক পদ্ম হাজৰিকাৰ ৷ আনকি ৰাইজৰ খবৰ ল’বলৈও আহৰি নাই বিধায়কগৰাকীৰ ৷ এই অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷

চতিয়া বিধানসভা সমষ্টিৰ ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত অতি ভিতৰুৱা অঞ্চলৰ ৰাইজে কয়লাজুলি নদীখনৰ ওপৰত দলংখন নথকাৰ ফলত বিশেষকৈ ৰোগীকো চিকিৎসাৰ বাবে ৰঙাপৰা নাইবা তেজপুৰলৈ নিয়াৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ যাৰ ফলত চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ এইক্ষেত্ৰত চৰকাৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষক এই সমস্যা সমাধান কৰিবলৈ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক: নন্দিতা শইকীয়াক ন্যায় প্ৰদানৰ দাবীৰে ধেমাজিত প্ৰতিবাদ

Last Updated :Aug 26, 2021, 11:43 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.