ETV Bharat / state

নন্দিতা শইকীয়াক ন্যায় প্ৰদানৰ দাবীৰে ধেমাজিত প্ৰতিবাদ

author img

By

Published : Aug 25, 2021, 12:14 PM IST

Updated : Aug 25, 2021, 1:44 PM IST

assu protest at dhemaji
ধেমাজি কাণ্ড: শ শ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত উত্তাল ধেমাজি

ন্যায় পাবনে ধেমাজি মৰিঢল কলেজৰ শিক্ষাৰ্থী নন্দিতা শইকীয়া আৰু কাস্মিনা দত্তই ? ছাত্ৰী দুগৰাকীক বৰ্বৰভাৱে আক্ৰমণ কৰা ৰিণ্টু শৰ্মাই উচিত শাস্তি পাবনে ? নে আইনৰ সুৰুঙাৰে সাৰি যাব অভিযুক্ত যুৱকজন ? সম্প্ৰতি এনে বহু প্ৰশ্নই দোলা দি আছে ৰাজ্যবাসীৰ মনত ৷ যাৰ বাবে দোষীক কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদানৰ দাবীত উত্তাল হৈ আছে ধেমাজিৰ লগতে সমগ্ৰ ৰাজ্য ৷

ধেমাজি, 25 আগষ্ট : ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ধেমাজি কাণ্ডৰ ভুক্তভোগী নন্দিতা শইকীয়া ৷ চহৰখনৰ মাজ-মজিয়াত ধেমাজি মৰিঢল মহাবিদ্যালয়ৰ এজন কৰ্মচাৰীৰ বৰ্বৰ আক্ৰমণত মগজুত গুৰুতৰভাৱে আঘাত পাইছিল একেখন মহাবিদ্যালয়ৰে ছাত্ৰী নন্দিতা শইকীয়া আৰু কাস্মিনা দত্তই ৷ ছাত্ৰী দুগৰাকীক ন্যায় প্ৰদানৰ দাবীত ইতিমধ্যে উত্তাল হৈ আছে সমগ্ৰ ধেমাজি জিলা ৷

assu protest at dhemaji
আছুৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী

নন্দিতা শইকীয়া আৰু কাস্মিনা দত্তক ন্যায় প্ৰদানৰ লগতে আক্ৰমণকাৰী যুৱকজনক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত মঙলবাৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত জিলাখনৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে জিলাখনৰ আছুৰ কাৰ্যালয়ৰ শ্বহীদ উদ্যানৰ পৰা নগৰৰ মাজেৰে এক বিশাল প্ৰতিবাদী শোভাযাত্ৰা বাহিৰ কৰি চৰকাৰ তথা প্ৰশাসন বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে ৷

লগতে পঢ়ক : কেনে আছে নন্দিতা শইকীয়া ?

প্ৰতিবাদকাৰীসকলে চহৰখনৰ মাজেৰে সমদল উলিয়াই পুনৰ শ্বহীদ উদ্যানৰ সন্মুখত উপস্থিত হৈ পথ অৱৰোধ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মা আৰু কল্যাণ গগৈয়ে স্থানীয় বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ তেওঁলোকে চহৰখনৰ মাজমজিয়াত এখন আৰক্ষী চকীৰ প্ৰায় ওচৰতে দিন-দুপৰতে দুগৰাকী ছাত্ৰী বৰ্বৰ আক্ৰমণৰ বলি হ’বলগীয়া হোৱাত আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰে ৷

শতাধিক ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত অংশগ্ৰহণ

সংগঠনটোৰ নেতাদ্বয়ে এই ঘটনাৰ পাছত ছাত্ৰ-ছাত্ৰীয়ে নিৰাপত্তাহীনতাত ভোগা বুলি মন্তব্য কৰে ৷ এই বিক্ষোভ কাৰ্যসূচীত মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা, ধেমাজি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা, ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাকে ধৰি স্থানীয় কেইবাটাও দল-সংগঠন তথা মহাবিদ্যালয়ৰ চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : ধেমাজিত দিন দুপৰতে দুগৰাকী কলেজীয়া ছাত্ৰীক দাৰে ঘপিয়ালে এজন যুৱকে

Last Updated :Aug 25, 2021, 1:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.