ETV Bharat / state

ধেমাজিত আদৰ্শ ক’ভিড কেয়াৰ কেন্দ্ৰ মুকলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

author img

By

Published : Aug 25, 2021, 12:07 PM IST

covid care centre inaugural by heslth minister
ধেমাজিত আদৰ্শ ক’ভিড কেয়াৰ কেন্দ্ৰ মুকলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

ইতিমধ্যে ৰাজ্যত শিথিল কৰা হৈছে ক’ভিড প্ৰট’কল ৷ কিন্তু তুলনামূলকভাৱে ৰাজ্যত বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণৰ সংখ্যা ৷ ৰাজ্যত নতুনকৈ মুকলি কৰা ক’ভিড কেয়াৰ কেন্দ্ৰসমূহে এই ছবিকে দাঙি ধৰিছে ৷

ধেমাজি, 25 আগষ্ট : ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মঙলবাৰে এটা আদৰ্শ ক’ভিড কেয়াৰ কেন্দ্ৰ মুকলি কৰে ৷ বিশ্ব বেংক আন্তৰ্জাতিক মুদ্ৰা নিধি(IMF) ক্লাবে ধেমাজি প্ৰশাসনৰ সহযোগত এই আদৰ্শ ক’ভিড কেয়াৰ কেন্দ্ৰটো নিৰ্মাণ কৰে ৷

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সভাত বন্তি প্ৰজ্বলনৰে অনুষ্ঠানটো আনুষ্ঠানিকভাৱে মুকলি কৰে ৷ এই অনুষ্ঠানত উপস্থিত থাকে ৱৰ্ল্ড বেংকৰ উপাধ্যক্ষ মনীষ মোহালকাৰ, সাংসদ প্ৰদান বৰুৱা, ধেমাজি জিলা উপাযুক্ত পি বিজয় ভাস্কৰ ৰেড্ডী, ভাৰপ্ৰাপ্ত জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ৰণীধৰ কাকতিকে ধৰি স্বাস্থ্য বিভাগৰ বহু শীৰ্ষ বিষয়া-কৰ্মচাৰী ৷

ধেমাজিত আদৰ্শ ক’ভিড কেয়াৰ কেন্দ্ৰ মুকলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

ইয়াৰ পূৰ্বে ধেমাজিত নিৰ্মাণ হ’বলগীয়া মেডিকেল কলেজৰ ভূমি পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷ ধেমাজি হিলৈদাৰী ব্লক আৰু কোৱাফলা ৰাজহ গাঁৱৰ প্ৰায় 150 বিঘা মাটি ইতিমধ্যে এই চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে প্ৰশাসনে চিনাক্ত কৰি উলিয়াইছে ৷ ইয়াতেই অচিৰে কাম আৰম্ভ হ’ব ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ ৷ এই কথা জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।

বিগত তিনিমাহ ধৰি ৰাজ্যত ক’ভিডৰ কঠোৰ নীতি নিৰ্দেশনা বাহাল থকাৰ পাছত 18 আগষ্টৰ পৰা চৰকাৰ তথা প্ৰশাসনে ৰাজ্যত কিছু শিথিলতা আনে ৷ ব্যক্তিগত যান-বাহন চলাচলৰ ক্ষেত্ৰত চৰকাৰে নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে ৷ ইয়াৰ লগতে লক ডাউনৰ সময় বিয়লি 5 বজালৈ শিথিল কৰা হৈছে ৷ কিন্তু ৰাজ্যত এতিয়াও ক’ৰণাত আক্ৰান্ত লোকৰ সংখ্যা দৈনিক বৃদ্ধি হোৱাহে পৰিলক্ষিত হৈছে ৷ ৰাজ্যত নতুনকৈ মুকলি কৰা ক’ভিড কেয়াৰ কেন্দ্ৰসমূহেও এই কথাকে প্ৰতিপন্ন কৰে ৷

লগতে পঢ়ক : Microfinance Loan: ঋণ ৰেহায়ৰ ক্ষেত্ৰত এখোজ আগুৱালে চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.