ETV Bharat / state

পুনৰ উত্তাল যোৰহাটৰ অইল ইণ্ডিয়া লিমিটেডৰ পাম্পিং ষ্টেচন

author img

By

Published : Aug 26, 2021, 5:56 PM IST

অইল ইণ্ডিয়াৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে সদৌ অসম ছাত্ৰ সন্থা । এইবাৰ যোৰহাটত অইল ইণ্ডিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে যোৰহাট আছুৱে । পিছে এইবাৰ কি ভুল কৰিলে অইল ইণ্ডিয়া লিমিটেডে ?

protest
পুনৰ উত্তাল যোৰহাটৰ অইল ইণ্ডিয়া লিমিটেডৰ পাম্পিং ষ্টেচন

যোৰহাট,২৬ আগষ্ট : বিভিন্ন সময়ত অইল ইণ্ডিয়া লিমিটেডে (Oil India Limited) থলুৱা নিবনুৱাক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে । যাৰ বাবে বহু সংগঠনে মাজে সময়ে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । এইবাৰ একেটা অভিযোগতে সদৌ অসম ছাত্ৰ সন্থাই (All Assam Student Union) অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

যোৰহাটত অইল ইণ্ডিয়াৰ ৩ নং পাম্পিং ষ্টেচন গেটত ছাত্র সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে । অইল ইণ্ডিয়া লিমিটেডে প্ৰকাশ কৰা চাকৰিৰ বিজ্ঞাপনত অইল সৰবৰাহ অঞ্চল হোৱা স্বত্বেও যোৰহাট জিলাৰ নাম ষড়যন্ত্ৰমূলক ভাৱে কৰ্তন কৰি জিলাখনৰ অৰ্হতা সম্পন্ন নিবনুৱাকসকলক চাকৰিৰ আবেদন দাখিলৰ পৰা বঞ্চিত কৰাৰ প্ৰতিবাদত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই এই সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে । অইল ইণ্ডিয়াৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে আছুৱে ।

পুনৰ উত্তাল যোৰহাটৰ অইল ইণ্ডিয়া লিমিটেডৰ পাম্পিং ষ্টেচন

কৰ্তৃপক্ষৰ এনে সিদ্ধান্তক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে যোৰহাট জিলাৰ অৰ্হতা সম্পন্ন নিবনুৱা সকলক যাতে কোনো কাৰণতে অইল ইণ্ডিয়াই চাকৰিৰ পৰা বঞ্চিত কৰিব নোৱাৰে তাৰ তীব্ৰ দাবী জনাই আছুৱে । যদি কোনো কাৰণত শিক্ষিত অৰ্হতা সম্পন্ন নিবনুৱাই এই চাকৰিৰ পৰা বঞ্চিত হয় তেতিয়া ছাত্র সন্থাই যোৰহাটৰ অইল ইণ্ডিয়া পাম্পিং ষ্টেচনৰ সকলো কাম অচল কৰি দিব বুলি হুংকাৰ প্ৰদান কৰে ।

ছাত্ৰ নেতাসকলে জনোৱা মতে ইয়াৰ পূৰ্বেও অইল কৰ্তৃপক্ষক তেওঁলোকে এনে বিষয়ৰ ওপৰত স্মাৰক পত্ৰ প্ৰদান কৰি আহিছে । কিন্তু আজিলৈ অইল ইণ্ডিয়াই কোনো পদক্ষেপে গ্ৰহণ নকৰিলে । যাৰ বাবে আছুৱে এইবাৰ অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে মাহ জুৰি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে বুলি অৱগত কৰে আছু নেতাই ।

লগতে পঢ়ক :5 বছৰে মহকুমাৰ নামত প্ৰতাৰিত হ’ল বৃহত্তৰ সৰুক্ষেত্ৰীবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.