ETV Bharat / state

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি হৈছে এইডচ ৰোগীৰ সংখ্যা

author img

By

Published : Aug 26, 2021, 4:52 PM IST

অসমত ক্ৰমান্বয়ে বৃদ্ধি পাইছে এইডচ ৰোগত আক্ৰান্তৰ সংখ্যা । ড্ৰাগছ সহজলভ্য হোৱাৰ লগে লগে ৰাজ্যত বৃদ্ধি হৈছে এইডচ ৰোগীৰ সংখ্যা । ২০১৯ চনৰ সমীক্ষা অনুসৰি, ৰাজ্যত মুঠ ২১, ২২৩ গৰাকী এইডচ ৰোগী আছে ।

AIDS PATIENT INCREASES IN ASSAM
ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি হৈছে এইডচ ৰোগীৰ সংখ্যা

গুৱাহাটী, ২৬ আগষ্ট: অসমত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ সমান্তৰালকৈ বৃদ্ধি উদ্বেগজনকভাৱে বৃদ্ধি হৈছে এইডচ ৰোগীৰ সংখ্যা । বহু ড্ৰাগছ সেৱনকাৰী এইডচত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে । চিৰিঞ্জ ব্যৱহাৰ কৰি ড্ৰাগছ লোৱা বহু লোক আক্ৰান্ত হৈছে এই মাৰাত্মক ৰোগত । ৰাজ্যৰ নগাঁও, মৰিগাঁৱকে ধৰি কেইবাখনো জিলাত ড্ৰাগছ সেৱনকাৰীৰ দেহত এইডচৰ অৱস্থিতি ধৰা পৰিছে ।

অসম ৰাজ্যিক এইডচ নিয়ন্ত্ৰণ সমিতিৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, ২০১৯ চনৰ সমীক্ষা অনুসৰি, ৰাজ্যত মুঠ ২১, ২২৩ গৰাকী এইডচ ৰোগী আছে । অসমত আক্ৰান্তৰ হাৰ ০.০৯% । আনহাতে, কামৰূপ মহানগৰীত এইডচত আক্ৰান্ত ৰোগী সংখ্যা প্ৰায় ৬ হাজাৰ, কাছাৰত প্ৰায় ৪ হাজাৰ আৰু নগাঁৱত প্ৰায় ১ হাজাৰ জন । ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ হোৱাৰ পিছত বহু কেইগৰাকী ৰোগী চিনাক্ত হৈছে যদিও ৰাজ্যত বৰ্তমানলৈ সৰ্বমুঠ কিমান ৰোগী চিনাক্ত হৈছে তাৰ সঠিক তথ্য জানিব পৰা হোৱা নাই ।

ড্ৰাগছ বিৰোধী অভিযানৰ পিছত ড্ৰাগছ সেৱনকাৰী বহু লোকে চিৰিঞ্জ ব্যৱহাৰ কৰি ড্ৰাগছ লোৱাৰ বাবে এইডচত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে । সূত্ৰটোৱে জনোৱা মতে, এই লোকসকল হয়তো বহু আগৰে পৰা এইডচত আক্ৰান্ত হৈ আছে ।

শেহতীয়াকৈ পৰীক্ষা কৰাৰ পিছতহে তেওঁলোক এইডচত আক্ৰান্ত হোৱাৰ কথা প্ৰমাণত হৈছে । উল্লেখ্য যে, উত্তৰ-পূৰ্ৱাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত মিজোৰামত এইডচ আক্ৰান্তৰ হাৰ ২.৩২% , মণিপুৰত ১.১৮% আৰু নাগালেণ্ডত ১.৪৫% বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে । শেহতীয়াকৈ পোহৰলৈ অহা তথ্য চিন্তিত কৰিছে সকলোকে । ড্ৰাগছ সহললভ্য হোৱাৰ বাবে নৱ প্ৰজন্ম দিকভ্ৰস্ত হোৱাই নহয়, ক্ৰমান্বয়ে মৃত্যুমুখলৈও গতি কৰিছে ।

লগতে পঢ়ক:নগাঁৱত ড্ৰাগছসহ ৩ সৰবৰাহকাৰীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.