ETV Bharat / state

ছয়গাঁৱত ৰে’ল দুৰ্ঘটনা: লাইনচ্যুত ৫ টা ডবা

author img

By

Published : Aug 26, 2021, 6:03 PM IST

ছয়গাঁও ষ্টেচনত দুৰ্ঘটনাত পতিত হয় শৰাইঘাট এক্সপ্ৰেছ নামৰ ৰে’লখন । কামাখ্যা যোগীঘোপা ৰে’লপথত লাইনচ্যুত হৈ পাঁচটা ডবা পথৰ পৰা নামি যায় ।

rail-accident-at-chaygaon
ছয়গাঁৱত ৰে’ল দুৰ্ঘটনা: লাইনচ্যুত ৫ টা ডবা

ছয়গাঁও, 26 আগষ্ট : এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে দক্ষিণ কামৰূপৰ ছয়গাঁও ৷ ছয়গাঁৱত বুধবাৰে এখন যাত্ৰীবাহী ৰে’ল দুৰ্ঘটনাত পতিত হৈ পাঁচটা দবা লাইনচ্যুত হৈ পৰে ৷ জানিব পৰা মতে গুৱাহাটীৰ পৰা হাওৰা অভিমুখে গৈ থকা অৱস্থাত শৰাইঘাট এক্সপ্ৰেছ নামৰ ৰে’লখন ছয়গাঁও ষ্টেচনত দুৰ্ঘটনাত পতিত হয় ।

শৰাইঘাট এক্সপ্ৰেছখনৰ কামাখ্যা যোগীঘোপা ৰে’লপথত লাইনচ্যুত হৈ পাঁচটা ডবা লাইনৰ পৰা নামি যায় । ফলত ৰে’লপথৰ কিছু পৰিমাণে ক্ষতি হয় যদিও কোনো যাত্ৰী হতাহত হোৱা নাই । অৱশ্যে এই দুৰ্ঘটনাটো কিহৰ বাবে সংঘটিত হ’বলৈ পালে সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক : নগাঁৱত চালকৰ ভুৱা অনুজ্ঞাপত্ৰ প্ৰস্তুত কেন্দ্ৰ উৎখাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.