পহিলা ছেপ্তেম্বৰৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান: ভেকচিন বাধ্যতামূলক

author img

By

Published : Aug 26, 2021, 6:09 PM IST

cabinet-dicision-on-education-sector

বৃহস্পতিবাৰে ৰাজ্যিক কেবিনেটৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ জানো আহক, ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্ত সমূহ ৷

গুৱাহাটী, 26 আগষ্ট : ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত মৰ্মে ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ, স্নাতক চূড়ান্ত বৰ্ষ আৰু স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ শ্ৰেণীসমূহ আৰম্ভ হ’ব । এইক্ষেত্ৰত শিক্ষাৰ্থী আৰু শিক্ষক সকলো ক’ভিড ভেকচিনৰ প্ৰথম পালি গ্ৰহণ কৰাটো বাধ্যতামূলক । ৰাজ্যৰ ১৮ বছৰৰ উৰ্দ্ধৰ সকলো শিক্ষাৰ্থীৰ উপৰি শিক্ষকসকলক শুকুৰবাৰৰ পৰা ৰাজ্য চৰকাৰে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব । বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

বৈঠকত ১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেট বৈঠকৰ পাছত অনুষ্ঠিত হোৱা এখন সংবাদমেলত এই কথা সদৰি কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে,' ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত মৰ্মে ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ, স্নাতক চূড়ান্ত বৰ্ষ আৰু স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ শ্ৰেণী সমূহ আৰম্ভ হ’ব । এইক্ষেত্ৰত শিক্ষাৰ্থী আৰু শিক্ষক সকলোৱে ক’ভিড ভেকচিনৰ প্ৰথম পালি গ্ৰহণ কৰাটো বাধ্যতামূলক কৰা হৈছে ।

পহিলা ছেপ্তেম্বৰৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান: ভেকচিন বাধ্যতামূলক

তেওঁ লগতে কয় যে, ৰাজ্যৰ ১৮ বছৰৰ উৰ্ধৰ সকলো শিক্ষাৰ্থীৰ উপৰি শিক্ষকসকলক শুকুৰবাৰৰ পৰা ৰাজ্য চৰকাৰে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব । ৰাজ্যৰ শিক্ষা বিভাগৰ ব্ল’ক, জিলা পৰ্যায়ৰ লগতে স্কুল পৰিদৰ্শকৰ কাৰ্যালয়সমূহত শুকুৰবাৰৰ পৰা শিক্ষাৰ্থীসকলৰ লগতে শিক্ষকসকলৰ বাবে বিশেষ টিকাকৰণৰ ব্যৱস্থা কৰা হ'ব । আনহাতে আটাইকেইখন বিশ্ববিদ্যালয়ৰ চৌহদত ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হ'ব । এই বিশেষ ভেকচিন প্ৰদানৰ ব্যৱস্থা ৫ ছেপ্তেম্বৰলৈ চলিব ।

আনহাতে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰাৱাস আৰু ছাত্ৰীনিবাসসমূহো ছেপ্তেম্বৰ মাহৰ পৰা পুনৰ খুলি দিয়া হ’ব । অৱশ্যে ছাত্ৰাৱাস আৰু ছাত্ৰীনিৱাস সমূহত থকাৰ বাবে সকলোৱে ক’ভিডৰ দুয়োপালি ভেকচিন গ্ৰহণ কৰা হ’ব লাগিব । শিক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে,' ঢকুৱাখনাৰ কৃতি ছাত্ৰী নন্দিতা শইকীয়াইৰ মৃত্যুত আজিৰ কেবিনেটে গভীৰ শোক প্ৰকাশ কৰে । সমগ্ৰ ঘটনাটোৰ ফাৰ্ষ্ট ট্ৰেক আদালতত তদন্ত কৰিবৰ বাবে চৰকাৰে নিৰ্দেশ দিছে । আনহাতে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো তদাৰক কৰিবৰ বাবে দায়িত্ব অৰ্পণ কৰা হৈছে, যাতে দোষীয়ে উপযুক্ত কঠোৰতম শাস্তি পায় ।

লগতে পঢ়ক : ৰাজ্যৰ ১০ শতাংশ লোকেহে লাভ কৰিছে ক'ভিডৰ দুয়োপালি ভেকচিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.