ETV Bharat / state

সাৱধান! ৰাজ্যত অব্যাহত আছে মানৱ সৰবৰাহ

author img

By

Published : Aug 1, 2021, 9:06 PM IST

ৰঙিয়াত মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা কিশোৰ আৰু যুৱতীসহ 2 গৰাকী মহিলা উদ্ধাৰ ৷ অভিযানকাৰী দলটোৱে লগতে দুই সৰবৰাহকাৰী যুৱকক আটক কৰিবলৈ সক্ষম হৈছে । উদ্ধাৰ হোৱা আটাইকেইজনৰ ঘৰ ওদালগুৰি জিলাৰ টংলাত বুলি জানিব পৰা গৈছে ৷

2-women-including-teenage-girl-recovered-from-human-trafficking-in-rangia-etv-bharat-assam-news
সাৱধান! ৰাজ্যত অব্যাহত আছে মানৱ সৰৱৰাহ

ৰঙিয়া, 1 আগষ্ট : ৰঙিয়াত মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা কিশোৰ আৰু যুৱতীসহ 2 মহিলা উদ্ধাৰ ৷ ৰঙিয়া ষ্টেচনৰ সমীপৰ গুৰকুছিৰ জিতুল চৌধুৰীৰ ঘৰত আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাই কিশোৰ আৰু যুৱতীসহ মহিলাকেইগৰাকীক উদ্ধাৰ কৰে ৷ ইয়াৰ লগতে অভিযানকাৰী দলটোৱে দুই সৰবৰাহকাৰী যুৱককো আটক কৰিবলৈ সক্ষম হয় । উদ্ধাৰ হোৱা আটাইকেইজনৰ ঘৰ ওদালগুৰি জিলাৰ টংলাত বুলি জানিব পৰা গৈছে ৷

ৰঙিয়াত মানৱ সৰৱৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কিশোৰ যুৱতী সহ 2 মহিলা উদ্ধাৰ

আৰক্ষীয়ে বৰপেটা জিলাৰ দ্বীপ দাস আৰু ৰঙিয়াৰ উদিয়ানাৰ মতিন আলীক মানৱ সৰবৰাহত জড়িত থকাৰ অভিযোগত আটক কৰিছে । প্ৰাপ্ত তথ্য অনুসৰি, সৰবৰাহকাৰীয়ে আটাইকেইজনকে চেন্নাইৰ কোম্পানী এটাত কাম দিয়াৰ প্ৰলোভনেৰে নিবলৈ ওলোৱাৰ মুহূৰ্তত আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰ কৰে । পিছত সৰবৰাহকাৰীসহ উদ্ধাৰ কৰা আটাইকেইজনক ৰঙিয়া থানালৈ লৈ আহে অভিযানকাৰী দলটোৱে । লকডাউনৰ সময়তো দৰিদ্ৰতাৰ সুযোগ লৈ এচাম পৰিয়ালৰ কিশোৰ-কিশোৰীক মানৱ সৰবৰাহকাৰী চক্ৰই এনেদৰে বহিঃৰাজ্যত বিক্ৰী কৰি আহিছে ।

উল্লেখ্য যে, ড্ৰাগছ তথা অন্যান্য অবৈধ ব্যৱসায়ৰ সমান্তৰালকৈ মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে অসম আৰক্ষীয়ে ৷ আৰক্ষীৰ অভিযানত শেহতীয়াকৈ চিকিমৰ পৰা উদ্ধাৰ কৰা হৈছিল মানৱ সৰবৰাহকাৰীৰ কবলত পৰা চিৰাঙৰ 42 টাকৈ শিশু ৷ শুকুৰবাৰে চিৰাঙৰ বেংতল কলেজত উপস্থিত হৈ উক্ত 42 টা শিশুৰ অভিভাৱকৰে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ উক্ত আলোচনাত উপস্থিত থাকি মানৱ সৰবৰাহকাৰী চক্ৰৰ বলি হোৱা প্ৰতিটো পৰিয়াললৈ 20 হাজাৰ টকাৰ চেক প্ৰদানৰ লগতে অৰুনোদয় আঁচনিত সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে বিটিআৰৰ মুখ্য প্ৰমোদ বড়োৱে ৷

উক্ত আলোচনাৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমক জনায় যে, লক ডাউনৰ ফলত আৰ্থিক দুৰৱস্থাত ভোগা দৰিদ্ৰ পৰিয়ালৰ দৰিদ্ৰতাৰ সুযোগ লৈ কৃষ্ণ যোগী নামৰ এটা মানৱ সৰবৰাহকাৰীয়ে শিশুকেইটাক চিকিমলৈ নিয়াৰ ব্যৱস্থা কৰিছিল ৷ ধৃত লোকজনে 80 জন ল'ৰা-ছোৱালী লৈ গৈছিল আৰু তাৰে 42 জনক উদ্ধাৰ কৰা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ আনহাতে বাকী সকলৰ সন্ধান বৰ্তমানেও লাভ কৰিব পৰা নাই বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে সজাগ হৈ থাকিবলৈ অসমবাসীক আহ্বান জনোৱাৰ লগতে এই সন্দৰ্ভত কিবা খবৰ থাকিলেই আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: বুলেটপ্ৰুফ জেকেট পিন্ধি অসম-মিজোৰাম সীমান্তলৈ দুই বীৰাংগনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.