ETV Bharat / city

বুলেটপ্ৰুফ জেকেট পিন্ধি অসম-মিজোৰাম সীমান্তলৈ দুই বীৰাংগনা

author img

By

Published : Jul 31, 2021, 5:29 PM IST

Updated : Aug 3, 2021, 11:16 AM IST

অসম-মিজোৰাম সীমান্তৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হৈছে দুগৰাকী বীৰংগনা ৷ সীমান্ত বিবাদক কেন্দ্ৰ কৰি অসম আৰক্ষীৰ ওপৰত মিজোৰাম আৰক্ষীয়ে নিৰ্বিচাৰ গুলীচালনা কৰাৰ ফলত 6 জনকৈ অসম আৰক্ষীৰ জোৱান নিহত হৈছিল ৷ এই ঘটনাক লৈ আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে ৰাজ্যত ৷

বুলেটপ্ৰুফ জেকেট পিন্ধি অসম-মিজোৰাম সীমান্তলৈ দুই বীৰাংগনা
বুলেটপ্ৰুফ জেকেট পিন্ধি অসম-মিজোৰাম সীমান্তলৈ দুই বীৰাংগনা

কাছাৰ, 31 জুলাই : সীমা বিবাদক লৈ সৃষ্টি হোৱা পৰিস্থিতি এতিয়াও শান্ত হোৱা নাই অসম-মিজোৰাম সীমান্তত ৷ 26 জুলাইত সীমা বিবাদে ভয়ংকৰ ৰূপ লোৱাৰ পিছতে সীমান্তৰ পৰা আঁতৰি আহিছে অসম আৰক্ষী ৷ ইয়াৰ বিপৰীতে আজিও সীমান্ততে বাহৰ পাতি আছে মিজো আৰক্ষী ।

কিন্তু মিজো আৰক্ষীক প্ৰতিহত কৰিবলৈ সীমান্তত সষ্টম হ’ল দুই বীৰাংগনা ৷ বুলেটপ্ৰুফ জেকেট পিন্ধি অসম-মিজোৰাম সীমান্তলৈ গৈছে দুগৰাকী বীৰাংগনা । সংঘাত জৰ্জৰ সীমান্তত অসম আৰক্ষীক (Assam Police) সন্মুখৰ পৰা নেতৃত্ব দিছে কাছাৰৰ আৰক্ষী অধীক্ষক (Cachar SP) ৰমনদ্বীপ কৌৰ (Ramandeep Kaur)আৰু উপায়ুক্ত কীৰ্তি জলীয়ে ৷

অসম-মিজোৰাম সীমান্তত উপস্থিত দুই বীৰাংগনা

অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ, মৰ্টাৰ, ৰকেট লাঞ্চাৰ, বুলেটপ্ৰুফ বাহন আৰু অসম আৰক্ষী কমাণ্ড বাহিনীক লগত লৈ কাছাৰৰ লাইলাপুৰৰ অসম-মিজোৰাম সীমান্তত উপস্থিত দুয়োগৰাকী মহিলা বিষয়া ৷

উল্লেখযোগ্য যে, যোৱা 26 জুলাইত কাছাৰ জিলাৰ অসম-মিজোৰামৰ সীমান্তৱৰ্তী অঞ্চল লাইলাপুৰত অসম প্ৰশাসনৰ দল এটিয়ে আন্তঃৰাজ্য সীমান্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়তে মিজোৰামৰ নিৰাপত্তাৰক্ষীয়ে অসমৰ নাগৰিকক লক্ষ্য কৰি নিৰ্বিচাৰে গুলীচালনা কৰে ৷ ফলত অসম আৰক্ষীৰ 6 জন জোৱান শ্বহীদ হোৱাৰ লগতে এজন সাধাৰণ লোকে মৃত্যুক সাৱটি লয় ৷ এই ঘটনাক লৈ আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে ৰাজ্যত ৷

two-biranganas-reach-to-assam-mizoram-border-etv-bharat-assam
অসম-মিজোৰাম সীমান্তত উপস্থিত দুই বীৰাংগনা

অসমৰ দল সংগঠন সমূহে মিজো আৰক্ষীৰ এই কাৰ্যক তীব্ৰ গৰিহনা দিয়াৰ লগতে নিজোৰামৰ বিৰুদ্ধে ঘোষণা কৰিছে অৰ্থনৈতিক অবৰোধ ৷ এনে স্পৰ্শকাতৰ পৰিস্থিতিৰ মাজতে সম্প্ৰতি ধলাই থানাৰ পৰা অত্যাধুনিক বুলেট প্ৰুফ বাহন লৈ কাছাৰৰ অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰলৈ ৰ‌াওনা হৈছে অসম আৰক্ষীৰ সু-সজ্জিত বিশাল বাহিনী ।

লগতে পঢ়ক: অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মিজোৰাম আৰক্ষীৰ এজাহাৰ

Last Updated :Aug 3, 2021, 11:16 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.