ETV Bharat / state

অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মিজোৰাম আৰক্ষীৰ এজাহাৰ

author img

By

Published : Jul 31, 2021, 11:47 AM IST

FIR against Assam CM Himanta Biswa Sarma
অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মিজোৰাম আৰক্ষীৰ এজাহাৰ

মিজোৰাম আৰক্ষীয়ে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে শুকুৰবাৰে দাখিল কৰিছে এজাহাৰ । মিজো আৰক্ষীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে চাৰিগৰাকী আৰক্ষী বিষয়া, দুগৰাকী আমোলা আৰু প্ৰায় ২০০ গৰাকী অচিনাক্ত অসম আৰক্ষীৰ জোৱানৰ বিৰুদ্ধেও ৰুজু কৰিছে গোচৰ ।

নেশ্যনেল ডেস্ক, ৩১ জুলাই : ক্ৰমাৎ অৱনমিত হৈ গৈ আছে অসম মিজোৰামৰ সম্পৰ্ক । লাইলাপুৰৰ (Lailapur) ঘটনাৰ পাছৰে পৰা এই সম্পৰ্ক আৰু অধিক জটিল হৈ পৰা দেখা গৈছে । প্ৰথমে মিজো সাংসদে অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰৰোচিতমূলক মন্তব্য কৰিছিল আৰু এইবাৰ অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে মিজো আৰক্ষীয়ে ।

জানিব পৰা মতে মিজোৰাম আৰক্ষীয়ে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) বিৰুদ্ধে শুকুৰবাৰে এজাহাৰ দাখিল কৰিছে । মিজো আৰক্ষীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে চাৰিগৰাকী আৰক্ষী বিষয়া, দুগৰাকী আমোলা আৰু প্ৰায় ২০০ গৰাকী অচিনাক্ত অসম আৰক্ষীৰ জোৱানৰ বিৰুদ্ধেও ৰুজু কৰিছে গোচৰ । ২৬ জুলাইত আন্তঃৰাজ্যিক সীমান্তত সংঘৰ্ষৰ সন্দৰ্ভত হত্যাৰ চেষ্টা আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগত ৰুজু কৰা হৈছে গোচৰ ।

এজাহাৰখনত মিজোৰাম আৰক্ষীয়ে ২০০ গৰাকী সম্পূৰ্ণ সশস্ত্ৰ অসম আৰক্ষী কৰ্মীক তেওঁলোকৰ আৰক্ষী শিবিৰ বলপূৰ্বকভাৱে দখল কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে । তেওঁলোকে ইয়াক সংৰক্ষিত বনাঞ্চলৰ বেদখল বুলি অভিহিত কৰিছিল । গোচৰটো মিজোৰামৰ কোলাচিব জিলাৰ বৈৰেংটে আৰক্ষী চকীত দাখিল কৰা হৈছে ।

অসমৰ কাছাৰ জিলাৰ সীমাত অৱস্থিত কোলাচিব জিলাত সোমবাৰৰ সংঘৰ্ষৰ মূল বিন্দু আছিল । ইয়াৰ পূৰ্বে অসম আৰক্ষীয়ে মিজোৰামৰ ছয়গৰাকী জ্যেষ্ঠ বিষয়া আৰু এজন বিধায়কক চমন জাৰি কৰিছিল । আৰক্ষীয়ে আনকি দিল্লীৰ মিজো নেচনেল ফ্ৰণ্টৰ সাংসদ কে ভানলালভেনাৰ (MP K Vanlalvena) ঘৰলৈ গৈ চমন জাৰি কৰিছিল । মুঠতে দুয়োখন ৰাজ্যৰ মাজত এই সংঘাতে এতিয়া সকলোকে চিন্তিত কৰি তুলিছে ।

লগতে পঢ়ক :লাইলাপুৰ ঘটনা সন্দৰ্ভত শিলচৰত সৰ্বদলীয় বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.