ETV Bharat / state

লাইলাপুৰ ঘটনা সন্দৰ্ভত শিলচৰত সৰ্বদলীয় বৈঠক

author img

By

Published : Jul 31, 2021, 10:26 AM IST

Joint all party MLAs of Barak Valley held a meeting in Circuit House Silchar
লাইলাপুৰ ঘটনা সন্দৰ্ভত শিলচৰত সৰ্বদলীয় বৈঠক

লাইলাপুৰ ঘটনা সন্দৰ্ভত শিলচৰত এখন সৰ্বদলীয়া বৈঠক অনুষ্ঠিত হয় ৷ উক্ত সভা খনত মিজোৰাম আৰক্ষীৰ বিৰুদ্ধে উচ্চতম ন্যালয়ৰ দ্বাৰস্থ হোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে বিধায়ক সকলে ৷

শিলচৰ, 31 জুলাই : অসম-মিজোৰাম সীমান্ত (Assam Mizoram Border) লাইলাপুৰত 26 তাৰিখে সংঘটিত মিজোৰাম আৰক্ষীৰ বৰ্বৰতাৰ আক্ৰমনৰ ঘটনাৰ বিৰুদ্ধে দেশজুৰি চৰ্চা লাভ কৰিছে ৷ উক্ত ঘটনাটোত অসম আৰক্ষী (Assam Police)ৰ 6জনকৈ জোৱান শ্বহীদ হ'বলগীয়া হয় ৷ উক্ত ঘটনাত শাসকীয় বিজেপি চৰকাৰৰ লগতে বিৰোধী পক্ষই তীব্ৰ গৰিহণা দিয়ে মিজোৰাম চৰকাৰক ৷ উক্ত ঘটনাক লৈ এতিয়াও সীমান্ত অঞ্চলত চেপা উত্তেজনা বিৰাজ কৰি আছে ৷

ইফালে লাইলাপুৰৰ ঘটনা সন্দৰ্ভত শুকুৰবাৰে বৰাক উপত্যকাৰ শিলচৰত অভিভাৱক মন্ত্ৰী অশোক সিংঘালৰ (Ashok Singhal) অধ্যক্ষতাত এখন সৰ্বদলীয় সভা অনুষ্ঠিত হয় ৷ উক্ত সভাখনত বৰাক উপত্যকাৰ তিনিখন জিলাৰ ১৫ জন বিধায়কৰ ভিতৰত 11 জন বিধায়ক (MLA) উপস্থিত থাকে ৷ বৈঠকত মিজোৰাম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব বুলি প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷

লাইলাপুৰ ঘটনা সন্দৰ্ভত শিলচৰত সৰ্বদলীয় বৈঠক

আনহাতে, মিজোৰামৰ একমাত্ৰ সাংসদ ভানলালভেনাৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰস্তাৱ গ্ৰহণ কৰা এই সভাখনত ৷ অসম আৰক্ষীৰ সকলো জোৱানক গুলীয়াই মাৰিম বুলি ৰাজ্যসভাৰ বাহিৰত মন্তব্য কৰিছিল মিজোৰামৰ সাংসদজনে (Mozoram MP) ৷

লগতে পঢ়ক -কি পৰিস্থিতিৰ সৃষ্টি হৈছে কৰিমগঞ্জৰ অসম-মিজোৰাম সীমান্তত ?

অভিভাৱক মন্ত্ৰী অশোক সিংঘালে কয় যে, ৰাজ্যৰ যিকোনো সংকট কালত শাসকীয় চৰকাৰ তথা বিৰোধী পক্ষ একেলগে আছো আৰু ভৱিষ্যতেও একেলগে কাম কৰি যাম ৷ দলগতভাৱে সকলো বিধায়কে অসম চৰকাৰে গ্ৰহণ কৰা যিকোনো ইতিবাচক পদক্ষেপৰ বাবে সমৰ্থন ৰখাৰ আশ্বাস দিয়ে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই ৷ মিজোৰামৰ বৰ্বৰতাৰ বিৰিদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় বিধায়ক কমলাক্ষ দে পুৰকায়স্থই ৷

প্ৰাক্তন সীমান্ত মন্ত্ৰী চিদ্দিক আহমেদে লগতে কয় যে, আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ৰ সৈতে আছো আৰু আশা কৰো মুখ্যমন্ত্ৰীগৰাকীয়ে অসম-মিজোৰামৰ সৈতে থকা সীমান্ত বিবাদৰ স্থায়ী সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব । লগতে এআইইউডিএফ (AIUDF)ৰ বিধায়ক সোনাই কৰিম উদ্দিন বৰভূঞাই কয় যে, চৰকাৰ-বিৰোধী উভয়পক্ষই এই সংকটৰ বিৰুদ্ধে যুঁজিবলৈ জনসাধাৰণৰ সৈতে হাত মিলাই থিয় দিব লাগে ৷ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সীমান্ত অঞ্চলত বসবাস কৰা লোক সকলক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত উচিত প্ৰদক্ষেপ ল'বলৈ আহ্বান জনাইছে এ আই ইউ দি এফৰ বিধাকগৰাকীয়ে ৷

লগতে পঢ়ক- সীমান্ত সমস্যাৰ নেপথ্যত কংগ্ৰেছ দল: কৃষিমন্ত্ৰী অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.