ETV Bharat / state

মিজো আৰক্ষীৰ গুলিত আঘাপ্ৰাপ্ত আন এজন আৰক্ষীৰ জোৱানৰ মৃত্যু

author img

By

Published : Jul 28, 2021, 8:16 AM IST

Updated : Jul 28, 2021, 10:06 AM IST

One More Police Dead By Assam Mijoram Border Incident
মিজোৰাম আৰক্ষীৰ গুলিত আন এজন অসম আৰক্ষীৰ মৃত্যু

মিজো দুৰ্বৃত্তৰ গুলিত আঘাতপ্ৰাপ্ত অসম আৰক্ষীৰ আৰু এজন জোৱান নিহত । মঙলবাৰে নিশা শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় জোৱান জনৰ ৷

শিলচৰ, 28 জুলাই : অসম-মিজোৰাম সীমান্ত (Assam-Mizoram Border)ৰ কাছাৰ জিলাৰ লায়লাপুৰ (lailapur)ত সোমবাৰে সংঘটিত হয় এটা বৰ্বৰ ঘটনা ৷ মিজো আৰক্ষীৰ (Mizo Police) গুলিত 5 জনকৈ অসম আৰক্ষীৰ (Assam Police) জোৱান শ্বহীদ হ'বলগীয়া হয় ৷ গুলীবৃদ্ধ অৱস্থাত সোমবাৰে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ষষ্ঠ অসম আৰক্ষী বেটেলিয়ানৰ হাবিলদাৰ শ্যাম সুন্দৰ দুসাতক । কিন্তু চিকিৎসাধীন অৱস্থাত মঙলবাৰে নিশা 8:41 বজাত শেষ নিশ্বাস ত্যাগ কৰে শ্যাম সুন্দৰ দুসাতে ৷

উল্লেখযোগ্য যে, সোমবাৰে অসম মিজোৰাম সীমান্তত মিজো আৰক্ষীয়ে অতৰ্কিতে অসম আৰক্ষীৰ ওপৰত উপৰ্যুপৰি গুলীবৰ্ষণ (Shoot) কৰে ৷ উক্ত ঘটনাত 5 জন অসম আৰক্ষী নিহত হোৱাৰ লগতে গুলিবৃদ্ধ হয় অসম আৰক্ষীৰ কেইবাজনো জোৱান তথা কাছাৰৰ আৰক্ষী অধীক্ষক নিম্বলকাৰ বৈভৱ চন্দ্ৰকান্ত ৷ সেই সকল জোৱানৰ মাজৰে এজন আছিল জোৱান শ্যাম সুন্দৰ দুসাত ৷ গুলীবৃদ্ধ অৱস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল (Silchar Medical College Hospital)ৰ আই.চিই.উ. (ICU)ত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত্যু মুখত পৰে আৰক্ষী জোৱান শ্যাম সুন্দৰ দুসাত ৷

One More Police Dead By Assam Mijoram Border Incident
মিজোৰাম আৰক্ষীৰ গুলিত আন এজন অসম আৰক্ষীৰ মৃত্যু

লগতে পঢ়ক-প্ৰয়োজনত প্ৰাণ দিব, কিন্তু ভূমি নিদিয়ে : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

শ্যাম সুন্দৰ দুসাতৰ মৃত্যুত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰে । ইপিনে ষষ্ঠ অসম আৰক্ষীৰ বেটেলিয়ানৰ হাবিলদাৰ শ্যাম সুন্দৰ দুসাতৰ মৃত্যুৰ পিচতে ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য (Forest Minister) শিলচৰ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ শোক প্ৰকাশ কৰে । একেদৰে সৰ্ব ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱো মঙলবাৰে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ উপস্থিত হৈ আৰক্ষী জোৱান সকলৰ স্বাস্থ্যৰ বুজ লয়।

অসম-মিজোৰাম সীমান্ত(Assam Mizoram border)ৰ ভূমি বিবাদ(land dispute)ৰ ঘটনাক কেন্দ্ৰ দুই ৰাজ্যৰ সীমান্তত সৃষ্টি হৈছিল এক অপ্ৰীতিকৰ পৰিস্থিতি ৷ যাৰ বাবে মঙলবাৰে পুৱা অশান্ত অসম-মিজোৰাম সীমান্তত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ অসম-মিজোৰামৰ সীমা বিবাদত শ্বহীদ হোৱা বীৰ জোৱানলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক-মিজোৰাম সীমান্তত শ্বহীদ নাজমূল হকৰ বাসগৃহত শোকাকুল পৰিৱেশ

মুখ্যমন্ত্ৰীৰ হুংকাৰ অসমে এক ইঞ্চি ভূমিও মিজোৰামক নিদিয়ে ৷ প্ৰয়োজনত আৰক্ষীয়ে প্ৰাণ দিব, কিন্তু ভূমি নিদিয়ে ৷ নিজৰ মাটি সুৰক্ষিত কৰাৰ দায়িত্ব অসমে পালন কৰিব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

বিবাদ নিস্পত্তিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ স্থিতিয়েই অসমৰ স্থিতি হ’ব বুলিও মত পোষণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মিজোৰামৰ বিৰুদ্ধে উচ্চতম ন্যায়লয়ৰো দাৰস্থ হ’ব বুলি হুংকাৰ দিয়ে মুখ্যমন্ত্ৰীয়ে ৷ আনহাতে, ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ 5 গৰাকী শ্বহীদ জোৱানৰ পৰিয়াললৈ 50 লাখ টকাকৈ এককালীন সাহায্য আগবঢ়াব ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma)ই মঙলবাৰে শিলচৰত এই কথা সাংবাদিকৰ আগত ব্যক্ত কৰে ৷

তেওঁ লগতে কয় অসম আৰক্ষীৰ 42 গৰাকী জোৱানলৈ 1 লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ’ব ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কাছাৰৰ আৰক্ষী অধীক্ষক নিম্বলকাৰক(IPS Nimbalkar Vaivab Chandrakant) এয়াৰ এম্বুলেঞ্চৰ সহায়ত উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে মুম্বাইলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক-মিজো আৰক্ষীৰ বৰ্বৰতাক দুৰ্ভাগ্যজনক আখ্যা বিধায়িকা নন্দিতা গাৰ্লচাৰ

Last Updated :Jul 28, 2021, 10:06 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.