ETV Bharat / state

সীমান্ত সমস্যাৰ নেপথ্যত কংগ্ৰেছ দল: কৃষিমন্ত্ৰী অতুল বৰা

author img

By

Published : Jul 31, 2021, 8:33 AM IST

লাইলাপুৰত সংঘটিত হোৱা ঘটনাক লৈ বিভিন্ন দল-সংগঠনে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ ৷ ইয়াৰ মাজতে উক্ত ঘটনাৰ নেপথ্যত আওপকীয়াকৈ কংগ্ৰছ দলক দোষাৰোপ কৰিলে কৃষি মন্ত্ৰী অতুল বৰাই ৷

congress-is-the-reason-of-border-conflict-minister-atul-bora
সীমান্ত সমস্যাৰ নেপথ্যত কংগ্ৰেছ দলঃ কৃষি মন্ত্ৰী অতুল বৰা

শিলচৰ, 31 জুলাই : অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত সংঘটিত হোৱা ঘটনাক লৈ ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল-সংগঠনে এই ঘটনাক লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উক্ত ঘটনাত জড়িত দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে ৷ ইয়াৰ মাজতে সমগ্ৰ ঘটনাটোৰ আঁৰত অন্য ৰাজনীতি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজৰ দলৰ লগতে কংগ্ৰেছ দলে ৷ ইয়াৰ মাজতে সীমান্ত সমস্যাৰ নেপথ্যত কংগ্ৰেছ দল বুলি মন্তব্য কৰিছে কৃষিমন্ত্ৰী অতুল বৰা (Atul Bora) ই ৷

মন্ত্ৰী অতুল বৰাই শুকুৰবাৰে হাইলাকান্দিত উপস্থিত হৈ এই মন্তব্য কৰে ৷ লগতে সংবাদ মাধ্যমৰ আগত তেঁও মত প্ৰকাশ কৰি কয় যে, কংগ্ৰেছ চৰকাৰেহে অসমত সীমান্ত সমস্যাৰ সৃষ্টি কৰিছিল ৷ কংগ্ৰেছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহ গঠন কৰাৰ সময়তে সৃষ্টি কৰিছিলে এই সমস্যা ৷ ৰাজ্যত কংগ্ৰেছ দলৰ চৰকাৰ শাসনত থকাৰ সময়তে প্ৰতিবেশী ৰাজ্যই অসমৰ ভূমি দখল কৰিছিল বুলি মন্তব্য কৰে অগপৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাই ৷

সীমান্ত সমস্যাৰ নেপথ্যত কংগ্ৰেছ দলঃ কৃষি মন্ত্ৰী অতুল বৰা

উল্লেখ্য যে, হাইলাকান্দিত ক'ভিডত স্বামীহাৰা হোৱা 11 গৰাকী মহিলাক ৰাজ্য চৰকাৰ পৰা আৰ্থিক সাহাৰ্য প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি এই মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই ৷

উল্লেখনীয় যে, ৰাজ্যত দীৰ্ঘ 10 বছৰ অগপ চৰকাৰ ক্ষমতাত আছিল আৰু বিজেপিৰ মিত্ৰ হিচাপে আছিলে 5 টা বছৰ ৷ কিন্তু ইয়াৰ পিছতেও কিও তেওঁলোকে সীমান্ত সমস্যা সমাধান কৰিব নোৱাৰিলে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে,কংগ্ৰেছ চৰকাৰ শাসনত থকাৰ দিনতহে অধিকাংশ ভূমিৰ বেদখল হৈছিল ৷ লগতে বৰ্তমান ৰাজ্য চৰকাৰে সীমান্ত অঞ্চলৰ উন্নয়নৰ কামত হাত দিয়াৰ বাবেই প্ৰতিবেশী ৰাজ্যৰ বেদখলৰ তথ্য পোহৰলৈ আহিছে বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই ৷

শুকুৰবাৰে হাইলাকান্দিত ক'ভিড-19 ত স্বামীহাৰা হোৱা 11 গৰাকী বিধবা মহিলাক আহি 2.5 লাখ টকাৰ চেক প্ৰদান কৰা হয় ৷ এই অনুষ্ঠানত মূখ্য অতিথি হিচাপে কৃষি মন্ত্ৰী অতুল বৰা উপস্থিত থকাৰ লগতে উপস্থিত আছিল বন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷

লগতে পঢ়কঃ মিজো আৰক্ষীৰ গুলিত নিহত জোৱানলৈ শ্ৰদ্ধাঞ্জলি অসম আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.