ETV Bharat / state

40th Anniversary of Natures Bacon: নেচার্চ বেকনৰ বৰ্ষপূৰ্তি উপলক্ষে বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ পৰিকল্পনা

author img

By

Published : Aug 2, 2022, 7:33 AM IST

প্ৰকৃতিপ্ৰেমী সংগঠন নেচার্চ বেকনৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে ৪ আগষ্টৰ পৰা সমগ্ৰ অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এটি নতুন অনুষ্ঠান কাৰ্যকৰী কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে(Natures Bacon-a nature loving organization) ৷ ছাত্ৰ-ছাত্ৰীসকলৰ মনত প্ৰকৃতি সংৰক্ষণৰ চেতনা অধিক জাগ্ৰত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে এই কাৰ্যসূচী ৷
'মই পৃথিৱীৰ বাবে মঙ্গলজনক' শীৰ্ষক সজাগতা কাৰ্যসূচী গ্ৰহণ
Natures Bacon press mee

গুৱাহাটী,১ আগষ্ট: বিগত চাৰিটা দশক ধৰি উত্তৰ-পূব ভাৰতৰ পৰিবেশ সংৰক্ষণকাৰী সংগঠন নেচার্চ বেকনে বিভিন্ন পৰিৱেশ সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে(Environmental awareness programs)। সংগঠনটোৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে ৪ আগষ্টৰ পৰা অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এটি নতুন অনুষ্ঠান কাৰ্যকৰী কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে ৷

সোমবাৰে প্ৰকৃতিপ্ৰেমী সংগঠনটোয়ে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এখন সংবাদ মেলত এই কথা সদৰি কৰে নেচার্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই (Natures Bacon-a nature loving organization)। তেওঁ লগতে কয়, প্ৰকৃতিপ্ৰেমী সংগঠনটোৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক সামৰি ৰূপায়ণ কৰিবলৈ লোৱা এই অনুষ্ঠানটিৰ নাম দিয়া হৈছে 'মই পৃথিৱীৰ বাবে মঙ্গলজনক'(অহম বসুধাম কৃতে মঙ্গলজনকঃ)।

এই অনুষ্ঠানটিৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ মনত প্ৰকৃতি সংৰক্ষণৰ চেতনা অধিক জাগ্ৰত কৰা, ছাত্র-ছাত্রীসকলক দেশ আৰু জাতিৰ প্ৰতি অধিক কর্তব্য সচেতন কৰি তোলাৰ প্ৰয়াস কৰা, ছাত্ৰ-ছাত্ৰীসকলক মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা, প্রকৃতি সংৰক্ষণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ক্ষেত্রভিত্তিক আৰু বাস্তৱ প্রশিক্ষণ প্রদান কৰা, ছাত্ৰ-ছাত্ৰীসকলৰ বাস্তৱ তথা কাৰ্যকৰী পদক্ষেপৰ মাজেৰে স্থানীয় বন্যপ্রাণী আৰু তাৰ বাসস্থানক সুৰক্ষা প্ৰদান কৰা ।

ভৱিষ্যতে যাতে ছাত্র-ছাত্রীসকলে প্রকৃতি সংৰক্ষণৰ ক্ষেত্ৰত নিজকে সমল ব্যক্তি ৰূপে গঢ়ি তুলিব পাৰে আৰু পৰৱৰ্তী সময়ত অসমৰ পৰিৱেশ আন্দোলনক নেতৃত্ব দিবলৈ সক্ষম হয় তাৰ প্রস্তুতি কৰা, অসমৰ প্ৰতিটো জনগোষ্ঠীয় সমাজৰ মাজত, স্থানীয় ভাষাৰ মাধ্যমত প্ৰকৃতি সংৰক্ষণৰ চেতনা অধিক শক্তিশালী কৰি তোলা ইত্যাদি বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ পৰিকল্পনাৰ কথা উল্লেখ কৰিলে সৌম্যদ্বীপ দত্তই ৷ পৃথিৱীৰ, নিজৰ, দেশৰ আৰু প্ৰকৃতিৰ প্ৰতিটো প্ৰাণীৰ আৰু প্ৰাণৰ মঙ্গল চিন্তা যাতে ছাত্ৰ-ছাত্ৰীসকলৰ হৃদয়ত স্থাপিত হয়, পৰৱৰ্তী সময়ত ছাত্র-ছাত্রীসকল যাতে সুনাগৰিকৰূপে বিকশিত হ'ব পাৰে তাৰ বাবে ফলপ্ৰস্ৰু প্ৰচেষ্টা হাতত লোৱাৰ কথাও উল্লেখ কৰিলে প্ৰকৃতিপ্ৰেমী সংগঠনটোৰ সঞ্চালকগৰাকীয়ে।

সংবাদ মেলত জ্যেষ্ঠ সাংবাদিক ৰূপম বৰুৱা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

লগতে পঢ়ক: দীপৰ বিলৰ পৰিবেশ ৰক্ষাৰ স্বাৰ্থত দল সংগঠন তথা স্থানীয় ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.