ETV Bharat / state

দীপৰ বিলৰ পৰিবেশ ৰক্ষাৰ স্বাৰ্থত দল সংগঠন তথা স্থানীয় ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Apr 11, 2022, 10:46 PM IST

ডাম্পিং গ্ৰাউণ্ডে বিপদ মাতিছে পামহীবাসীলৈ । দীপৰ বিলসহ দাঁতি কাষৰীয়া ৰাইজৰ পৰিবেশ ৰক্ষাৰ স্বাৰ্থত ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰাৰ দাবী পামহী কাৰ্বিপাৰা ৰাইজৰ লগতে বিভিন্ন দল সংগঠনৰ (Demand to remove dumping ground from Pamohi)।

people-protest-against-dumping-ground-near-dipor-bil
দীপৰ বিলৰ পৰিবেশ ৰক্ষাৰ স্বাৰ্থত দল সংগঠন তথা স্থানীয় ৰাইজৰ প্ৰতিবাদ

গুৱাহাটী , ১১ এপ্ৰিল : গুৱাহাটীৰ হৃৎপিণ্ড স্বৰূপ দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত গুৱাহাটী পৌৰ নিগমে ( জি এম চি ) বিগত বছৰৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহত অবৈধভাৱে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি দূষিত আৱৰ্জনা পেলোৱাক লৈ দীপৰ বিলৰ দুয়োপাৰে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ১৬ খন গাঁৱৰ ৰাইজ দুৰ্গন্ধৰ সৈতে সহাৱস্থান কৰিবলগীয়া হৈছে ।

আনকি, বিগত সময়চোৱাত জিএমচিয়ে ৰাইজৰ দাবীত ডাম্পিং গ্ৰাউণ্ডত বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি প্ৰদূষণৰ পৰা অঞ্চলটোক ৰক্ষা কৰিব বুলিও কেইবাৰো প্ৰতিশ্ৰুতি আগবঢ়াইছিল যদিও সেয়া ফোটোকাৰ ফেনলৈ ৰূপান্তৰিত হোৱাত এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চটোৰ স্থানীয় ৰাইজ ৷ যাৰ ফলত ডাম্পিং গ্ৰাউণ্ডৰ বিপৰীত দিশত থকা পামহী কাৰ্বিপাৰা ৰাইজে মৃত্যুমুখী দীপৰ বিলৰ পৰিবেশ ৰক্ষাৰ স্বাৰ্থত দীপৰ বিলৰ পাৰত দুঘণ্টাযোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ।

কাৰ্যসূচীত সদৌ অসম ট্ৰাইৱেল সংঘ, কাৰ্বি ছাত্ৰসন্থা , দীপৰ বিল পাঁচপাৰা সমবায় সমিতি, ধলবামা গ্ৰাম্য উন্নয়ন সমিতি , পামহী বড়ো সমাজ , মাঘুৱাপাৰা , দেউছতাল , পামহী , কলিতাপাৰা , নেপালীপাৰা , ধলবামা , আজাৰা ছাত্ৰ সন্থাকে ধৰি অঞ্চলটোৰ ১৬ টা দল সংগঠনৰ দুই শতাধিক লোকে হাতে হাতে বেনাৰ , প্লে-কাৰ্ড লৈ দীপৰ বিলক ৰক্ষা কৰক , ৰেললাইন স্থানান্তৰ কৰক , ডাম্পিং গ্ৰাউণ্ডত আৱৰ্জনা পেলোৱা আৰু পামহী কেনেলৰে দীপৰ বিলত দূষিত পানী পেলোৱা বন্ধ কৰক ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে (Public protest against dumping ground near Dipor Bil)।

দিনৰ ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ অনুষ্ঠিত দুঘন্টাযোৰা প্ৰতিবাদী কাৰ্যসূচীত সুশীল টেৰণ , প্ৰমোদ কলিতা , উৎপল কুমাৰ দাস , গোলক দাস , সুনীল টেৰণ , ভোলা দলে , ধৰ্মেন্দৰ দেউৰীকে ধৰি কেইবাজনো নেতা আৰু পৰিবেশ কর্মীয়ে প্ৰকৃতিৰ ৰম্যভূমি দীপৰ বিলক মৃত্যুমুখলৈ ঠেলি দিয়াৰ বাবে জিএমচিয়ে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা , পামহী কেনেলৰে দূষিত পানী পেলোৱা আৰু শেষত এলিফেণ্ট কৰিডৰ ধ্বংস কৰি দ্বৈত ৰেললাইন নিৰ্মাণৰ কাম আৰম্ভ কৰা বুলি অভিযোগ উত্থাপন কৰে ।

আনকি, দুৰ্গন্ধ নাশ কৰাৰ বাবে ২২ ফেব্ৰুৱাৰীৰ ভিতৰত বৈজ্ঞানিক পদ্ধতি তথা তেনে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দি ডেৰমাহ পাৰ হৈ যোৱাৰ পাছতো অঞ্চলবাসীয়ে বিগত সময়চোৱাত দুর্গন্ধৰ সৈতে সহাৱস্থান কৰিবলগীয়া হৈছে বুলি স্থানীয় ৰাইজ তথা বিভিন্ন দল-সংগঠনমূহে অভিযোগ উত্থাপন কৰে । ইফালে, বক্তাসকলে দীপৰ বিলত অঞ্চলটোৰ মাছমৰীয়া লোকসকলৰ জীৱন নিৰ্বাহৰ বাবে পূৰ্বৰ দৰে মাছ মৰাৰ অনুমতি দিবৰ বাবেও দাবী জনায় ।

লগতে পঢ়ক : ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধীতাৰে পামহী কাৰ্বিপাৰাবাসী ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.