ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jan 22, 2022, 7:10 PM IST

TOP 10 AT 7PM
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

Rajya Sabha election: ৰাজ্যসভা নিৰ্বাচনে পুনৰ মিলন ঘটাব কংগ্ৰেছ-এ আই ইউ ডি এফৰ

ৰাজ্যসভাত বৰ্তমানে কংগ্ৰেছৰ হাতত থকা দুখন আসন আৰু এটা মাহৰ পিছতে খালি হ’ব ৷ বিৰোধী পক্ষই সমিলমিলেৰে যদি ইয়াৰে অন্ততঃ এখন আসনত নিজা প্ৰাৰ্থী জয়ী কৰাই পঠিয়াব খোজে, তেন্তে প্ৰয়োজন হ’ব ৪২ টা ভোটৰ, যিটো আজিৰ তাৰিখত বিৰোধীৰ হাতত আছে ৷ সেয়েহে এতিয়া পুনৰ পৰস্পৰে পৰস্পৰৰ ওচৰ চপাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ আৰু শতিকা প্ৰাচীন কংগ্ৰেছ দলৰ মাজত (Congress AIUDF alliance for Rajya Sabha election) ৷

ৰাজ্যৰ ২৪টা ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানত ৬১৫ কোটি টকাৰ লোকচান

ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানসমূহক ৰাজনৈতিক সংস্থাপনৰ আহিলা কৰি অধিক ব্যয়ৰ বোজা জাপি দিয়া হৈছে । কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ পয়ালগা ছবি । লোকচানত ডুবিছে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান (Public sector institutions in Assam facing losses)। লোকচানত থকা প্রতিষ্ঠানসমূহত ৰাজ্য চৰকাৰে গাড়ী, পেট্র'ল, ভ্রমণ বানচ, কার্যালয়, মাহিলি পাৰিতোষিকৰ নামত ব্যয়ৰ বাট মুকলি কৰিবলৈ অধ্যক্ষ, উপাধ্যক্ষও নিযুক্তি দিছে ।

অসমৰ মাটি মেঘালয়ক এৰি দিয়াৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

সম্পূৰ্ণ একপক্ষীয়ভাৱে আৰু সাংবিধানিক বিধি-নিৰ্দেশনা অনুসৰণ নকৰাকৈ অসমৰ মাটি মেঘালয়ৰ সৈতে ভগাই ল'বলৈ অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা বুলি অভিযোগ কৰি অসম প্ৰদেশ কংগ্ৰেছে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবী তুলি শণিবাৰে গুৱাহাটীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Congress protests against transfer of Assam land to Meghalaya)৷

New SOP for Republic Day celebrations: গণৰাজ্য দিৱসৰ বাবে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা

গণৰাজ্য দিৱসৰ কাৰ্যসূচী পতাকা উত্তোলন(National Flag Hoisting), সন্মানীয় অতিথিৰ ভাষণ(Speech by the Guest of Honour) আৰু আনুষ্ঠানিক পেৰেড(Ceremonial parade)ৰ মাজতে সীমাবদ্ধ থাকিব । সাংস্কৃতিক কার্যসূচী, পুৰস্কাৰ বিতৰণ আদি অনুষ্ঠানৰ ক্ষেত্ৰত নিষেধাজ্ঞা। পেৰেডত স্কুলীয়া ছাত্ৰ-ছাত্ৰীক জড়িত কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা । ৰাজ্যিক পর্যায়ৰ কাৰ্যসূচীত সৰ্বাধিক ১,০০০ লোক উপস্থিত থাকিব পাৰিব । সেইদৰে জিলা পর্যায়ৰ কাৰ্যসূচীত সৰ্বাধিক ৫০০জনক আৰু অন্য পর্যায়ৰ কাৰ্যসূচীত সৰ্বাধিক ২০০জনক অনুমতি দিয়া হৈছে (New SOP for Republic Day celebrations) ।

চূড়ান্ত বিস্ফোৰণৰ জৰিয়তে চেলা পাছৰ সুৰংগ নিৰ্মাণৰ খনন কাৰ্য সমাপ্ত

২০১৯ চনৰ পৰা অব্যাহত আছে চেলা পাছৰ সুৰংগৰ নিৰ্মাণৰ কাম । অৱশেষত অন্তিমটো বিস্ফোৰণেৰে সীমান্ত পথ সংস্থাই খনন কাৰ্য সমাপ্ত কৰিবলৈ সক্ষম হয় (BRO completes excavation of Sela tunnel project)। সীমান্ত পথ সংস্থাৰ (BRO) মুখ্য অভিযন্তা ব্ৰিগেদিয়েৰ হৰিশ কুমাৰৰ উপস্থিতিত এই বিশেষ খনন কাৰ্য সম্পন্ন হয় ।

নলবাৰীৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক মদন কলিতাৰ আকস্মিক মৃত্যু

শুকুৰবাৰে নিশা অকস্মাতে মৃত্যুক সাৱটি লোৱা মদন কলিতালৈ শ্ৰদ্ধাঞ্জলি বিধায়ক জয়ন্ত মল্ল বৰুৱা, সাংসদ দিলীপ শইকীয়া, প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ (The former Congress MLA died suddenly after getting a heart attack) ৷ প্ৰাক্তন বিধায়ক হোৱাৰ উপৰিও কলিতা আছিল এগৰাকী সামাজিক লোক ৷ বিভিন্ন সমাজ হিতৈষী অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল তেওঁ ৷

লখিমপুৰত আৰক্ষীৰ বেষ্টনীৰ মাজৰ পৰাই পলাল গেৰেজাই

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা অপৰাধীৰ পলায়ন । ক'ভিড ৱাৰ্ডৰ পৰা পলায়ন দুৰ্ধৰ্ষ ডকাইত গেৰেজাইৰ (Criminal escape from LMCH)। যোৱা বছৰ ২৪ ছেপ্টেম্বৰত আটক হৈছিল ডকাইতটো ।

ইণ্ডিয়া গেটত স্থাপন কৰা হ’ব নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি

ইণ্ডিয়া গেটত স্থাপন কৰা হ'ব নেতাজী সুভাষ চন্দ্ৰ বসুৰ এটা গ্ৰেনাইটৰ প্ৰতিমূৰ্তি (Netaji statue to be installed at India Gate) ৷ গ্ৰেনাইটৰ এই মূৰ্তি সাজু নোহোৱালৈকে সেই স্থানত নেতাজীৰ এটা হল’গ্ৰাম মূৰ্তি স্থাপন কৰা হ'ব ৷

নিজ কন্যাৰ মৃতদেহ লৈ নগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অসহায় পিতৃ-মাতৃ

কন্যাৰ মৃতদেহ লৈ নগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত এহাল পিতৃ-মাতৃ । স্বামীৰ নিৰ্যাতনৰ বলি হৈ কন্যাৰ মৃত্যু (Woman dies of domestic violence in Nagaon) হোৱা বুলি অভিযোগ তুলি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হ’ল অসহায় পিতৃ-মাতৃ ৷

Assam Police Recruitment : অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ ফলাফলত বিসংগতিৰ অভিযোগ

অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ ফলাফল বিসংগতিৰ অভিযোগ নলবাৰীৰ একাংশ প্ৰাৰ্থীৰ (candidates deprives from written examination of Assam Police) ৷ শুকুৰবাৰে ৰাজপথলৈ ওলাই আহিল ভুক্তভোগী প্ৰাৰ্থীসকল ৷ উচিত ন্যায়ৰ দাবীত চৰকাৰ বিৰোধী শ্ল’গানৰে প্ৰতিবাদ সাব্যস্ত কৰিলে প্ৰাৰ্থীসকলে ৷ অসম আৰক্ষীৰ লিখিত ফলাফলৰ ক্ষেত্ৰত বিসংগতিৰ অভিযোগ কৰা যুৱকসকলে বিগত ২০১৮ চনৰ পৰা কনিষ্টবলৰ পদত সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি চলাই আছিল বুলি সদৰী কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.