ETV Bharat / state

নিজ কন্যাৰ মৃতদেহ লৈ নগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অসহায় পিতৃ-মাতৃ

author img

By

Published : Jan 22, 2022, 10:56 AM IST

কন্যাৰ মৃতদেহ লৈ নগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত এহাল পিতৃ-মাতৃ । স্বামীৰ নিৰ্যাতনৰ বলি হৈ কন্যাৰ মৃত্যু (Woman dies of domestic violence in Nagaon) হোৱা বুলি অভিযোগ তুলি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হ’ল অসহায় পিতৃ-মাতৃ ৷

dead-womens-parents-asking-justice-to-nagaon-sp
সমুখত নিজ কন্যাৰ মৃতদেহ লৈ আনন্দ মিশ্ৰৰ কাৰ্য্যালয়ত অসহায় পিতৃ-মাতৃ

নগাঁও, 22 জানুৱাৰী : নগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত হাজিৰ হ’ল এহাল অসহায় পিতৃ-মাতৃ, সন্মুখত নিজ কন্যাৰ মৃতদেহ (Dead women's Parents asking justice to Nagaon SP) ৷ স্বামীৰ অত্যাচাৰৰ বলি হৈ নিজৰ কন্যাৰ মৃত্যু (Woman dies of domestic violence in Nagaon) হোৱাৰ অভিযোগত এইদৰে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত হাজিৰ হ’ল অসহায় পিতৃ-মাতৃ ৷

সন্মুখত নিজ কন্যাৰ মৃতদেহ লৈ আনন্দ মিশ্ৰৰ কাৰ্যালয়ত অসহায় পিতৃ-মাতৃ

জানিব পৰা মতে, এমাহ পূৰ্বে নগাঁৱৰ কামপুৰৰ গমাৰীআটিৰ পদ্ম মেধি নামৰ যুৱক এজনে পলুৱাই নিছিল পিংকী বৰুৱা নামৰ যুৱতীগৰাকীক । কিন্তু পলাই যোৱাৰ আগতে পিংকীয়ে জনা নাছিল যে পদ্ম মেধি পূৰ্বৰেই পৰাই আছিল বিবাহিত । অভিযোগ অনুসৰি, স্বামীৰ গৃহত স্বামী পদ্ম মেধি আৰু প্ৰথমা পত্নী ৰীতা মেধিয়ে পিংকিৰ ওপৰত চলাইছিল অকথ্য নিৰ্যাতন ।

পিংকিৰ শৰীৰত পদ্মই নিজেই নিচাযুক্ত ইনজেকচন দিয়াৰ উপৰিও খাদ্যৰ লগতো মিহলাইছিল বিষাক্ত দৰৱ (Husband allegedly applied intoxicating injection on wife)। মৃত্যুৰ পূৰ্বে এই অভিযোগ নিজ মুখেৰেই কেমেৰাৰ সন্মুখত বৰ্ণনা কৰিছিল পিংকী বৰুৱাই । পিতৃ-মাতৃয়ে কন্যাৰ অসুস্থতাৰ খবৰ পাই তেওঁক ভৰ্তি কৰাইছিল নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ।

পিছে স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰে পিংকীক । অৱশেষত শুকুৰবাৰে পুৱা মৃত্যুক সাৱটি লয় তেওঁ । পিছে পিংকীক এইদৰে শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱা পদ্ম মেধি এতিয়াও মুকলি আকাশৰ তলতে আছে । এজাহাৰ দাখিলৰ পিছতো আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ নকৰাৰ বাবে মৃতদেহ লৈ শুকুৰবাৰে বিয়লি নগাঁও আৰক্ষী অধীক্ষকৰ ওচৰ পালে পিংকীৰ পিতৃ মাতৃ। সম্প্ৰতি দোষীক কঠোৰ শাস্তিৰ দাবী জনাই পিংকীৰ পিতৃ-মাতৃয়ে ।

লগতে পঢ়ক : APSC ৰ ভাষা বিষয়ক প্ৰশ্নকাকত প্ৰত্যাহাৰৰ বিষয়ত উচ্চ ন্যায়ালয়ত শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.