ETV Bharat / state

ৰাজ্যৰ ২৪টা ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানত ৬১৫ কোটি টকাৰ লোকচান

author img

By

Published : Jan 22, 2022, 3:30 PM IST

ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানসমূহক ৰাজনৈতিক সংস্থাপনৰ আহিলা কৰি অধিক ব্যয়ৰ বোজা জাপি দিয়া হৈছে । কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ পয়ালগা ছবি । লোকচানত ডুবিছে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান (Public sector institutions in Assam facing losses)। লোকচানত থকা প্রতিষ্ঠানসমূহত ৰাজ্য চৰকাৰে গাড়ী, পেট্র'ল, ভ্রমণ বানচ, কার্যালয়, মাহিলি পাৰিতোষিকৰ নামত ব্যয়ৰ বাট মুকলি কৰিবলৈ অধ্যক্ষ, উপাধ্যক্ষও নিযুক্তি দিছে ।

Public sector institutions in Assam
ৰাজ্যৰ ২৪টা ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানত ৬১৫ কোটি টকাৰ লোকচান

গুৱাহাটী,২২ জানুৱাৰী: চৰকাৰী পুঁজি বিনিয়োগৰ পাছতো লাভৰ মুখ দেখাৰ সলনি লোকচানত আছে দেশৰ লগতে অসমৰ বহু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান (Public sector institutions in Assam facing losses)। এই কথা পোহৰলৈ আহিছে দেশৰ মহা হিচাপ পৰীক্ষকৰ প্রতিবেদনত । লক্ষণীয় বিষয় যে ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানসমূহক ৰাজনৈতিক সংস্থাপনৰ আহিলা কৰি অধিক ব্যয়ৰ বোজা জাপি দিয়া হৈছে । বছৰ বছৰ ধৰি লোকচানৰ সন্মুখীন হৈ ৰুগ্ন হৈ পৰা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বা কোম্পানীসমূহৰ ব্যয় কমোৱাৰ পৰিৱর্তে অধ্যক্ষই নহয় উপাধ্যক্ষ, সঞ্চালক আদি নিযুক্তি দি ওপৰেঞ্চি ব্যয়ৰ বাট মুকলি কৰা হৈছে ।

Public sector institutions in Assam
ৰাজ্যৰ ২৪টা ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানত ৬১৫ কোটি টকাৰ লোকচান

মহা হিচাপ পৰীক্ষকে (কেগ) অসমৰ ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানসমূহৰ লোকচানৰ তথ্য সদৰী কৰিছে বার্ষিক প্রতিবেদনত । অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক তিনিটা কোম্পানীত বিভক্ত কৰাৰ পাছত লোকচানৰ পৰিমাণ ১১৩.৫৯ কোটি টকা হোৱাৰ কথা কেগে উদঙাই দিছে । আনহাতে অসম চাহ নিগমৰ ৩০৫.৭৭ কোটি টকা, ভৈয়াম জনজাতি উন্নয়ন নিগমৰ ৩৬.৭২ কোটি টকা, অসম অনুসূচিত জাতি নিগমৰ বাবে অসম ৰাজিক উন্নয়ন নিগমৰ ২৩.৭৪ কোটি টকা লোকচান হৈছে ।

Public sector institutions in Assam
ৰাজ্যৰ ২৪টা ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানত ৬১৫ কোটি টকাৰ লোকচান

ৰাজ্যৰ ২৪ টা ৰাজহুৱা প্রতিষ্ঠানত মুঠ লোকচানৰ পৰিমাণ ৬১৪.৬২ কোটি টকা বুলি কেগে প্রতিবেদনত উল্লেখ কৰিছে । কিন্তু এই লোকচানত থকা প্রতিষ্ঠানসমূহত ৰাজ্য চৰকাৰে গাড়ী, পেট্র'ল, ভ্রমণ বানচ, কার্যালয়, মাহিলী পাৰিতোষিকৰ নামত ব্যয়ৰ বাট মুকলি কৰিবলৈ অধ্যক্ষ, উপাধ্যক্ষও নিযুক্তি দিছে ।

উল্লেখ্য যে পূৰ্বতে ৰাজহুৱা প্রতিষ্ঠানসমূহত অধ্যক্ষ নিযুক্ত কৰা হৈছিল যদিও শেহতীয়াকৈ উপাধ্যক্ষ নিযুক্তি দি প্রতিষ্ঠানসমূহক অধিক ব্যয়ৰ বোজা বহন কৰিবলৈ এৰি দিয়া হৈছে । ৰাজ্যৰ ২৪ টা ৰাজহুৱা প্রতিষ্ঠানত ২০১৫-১৬ত ৰাজ্য চৰকাৰে বিনিয়োগ কৰিছিল ২৪০৪.৩৭ কোটি টকা । ৰাজহুৱা প্রতিষ্ঠানসমূহ ঠন ধৰি উঠিবলৈ প্ৰতিখন চৰকাৰে বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰি আহিছে । পৰিমাণ বৃদ্ধি কৰাৰ ফলত ২০১৯-২০ বৰ্ষত বিনিয়োগ হৈছিলগৈ ২৯২০.২৫ কোটি টকা ।

Public sector institutions in Assam
ৰাজ্যৰ ২৪টা ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানত ৬১৫ কোটি টকাৰ লোকচান

অর্থাৎ ৫টা বছৰৰ ব্যৱধানত ৰাজ্যত ২৪ টা ৰাজহুৱা প্ৰতিষ্ঠানত বিনিয়োগৰ পৰিমাণ বৃদ্ধি হৈছিল ৫১৫.৮৮ কোটি টকা । বিনিয়োগৰ পৰিমাণ ৰাজ্য চৰকাৰে বৃদ্ধি কৰি আছে যদিও ৰাজহুৱা প্রতিষ্ঠানসমূহে লাভৰ মুখ নেদেখি কোটি কোটি টকাৰ লোকচানত ককবকাই আছে । লোকচানত থকা প্রতিষ্ঠানসমূহৰ ব্যয় হ্রাস কৰি আত্মনিৰ্ভৰ কৰি তোলাৰ পৰিৱৰ্তে অধ্যক্ষ, উপাধ্যক্ষ, সঞ্চালক, সদস্য আদি নিযুক্তিৰে অধিক ব্যয়ৰ বাট মুকলি কৰিছে ৰাজ্য চৰকাৰে ।

উল্লেখ্য যে অলপতে ৰাজহুৱা প্রতিষ্ঠান, আয়োগ, নিগম আদিত ৪৪ গৰাকী ব্যক্তিক অধ্যক্ষ, উপাধ্যক্ষ, সঞ্চালক আদি পদত নিযুক্তি দিছে ৰাজ্য চৰকাৰে । নতুনকৈ নিযুক্তসকলৰ সা-সুবিধা, পাৰিতোষিকৰ বাবত হোৱা ব্যয়ৰ বোজা বহন কৰিব লাগিব লোকচানত থকা প্রতিষ্ঠানসমূহে । এইক্ষেত্রত চৰকাৰে বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ নকৰি ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰিলে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ মৃতপ্ৰায় হৈ পৰাটো স্বাভাৱিক ।

লগতে পঢ়ক :দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ অধীনত এতিয়াৰে পৰা বন্ধ কামৰূপৰ বনভোজস্থলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.