ETV Bharat / state

লখিমপুৰত আৰক্ষীৰ বেষ্টনীৰ মাজৰ পৰাই পলাল গেৰেজাই

author img

By

Published : Jan 22, 2022, 4:15 PM IST

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা অপৰাধীৰ পলায়ন । ক'ভিড ৱাৰ্ডৰ পৰা পলায়ন দুৰ্ধৰ্ষ ডকাইত গেৰেজাইৰ (Criminal escape from LMCH)। যোৱা বছৰ ২৪ ছেপ্টেম্বৰত আটক হৈছিল ডকাইতটো ।

Criminal escape from LMCH
লখিমপুৰত আৰক্ষীৰ বেষ্টনীৰ মাজৰ পৰাই পলাল গেৰেজাই

লখিমপুৰ,২২ জানুৱাৰী : লখিমপুৰত চাঞ্চল্যকৰ ঘটনা । আৰক্ষীৰ কঠোৰ বেষ্টনীৰ মাজৰ পৰাই পলায়ন দুৰ্ধৰ্ষ ডকাইতৰ । নিশা হাস্পতালৰ পৰা পলায়ন কৰিলে গেৰজাই ওৰফে ৰাজু বৰুৱা নামৰ অপৰাধীটো ।

উল্লেখ্য যে যোৱা বছৰ ২৪ ছেপ্টেম্বৰত ঢকুৱাখানাত আৰক্ষীয়ে এনকাউণ্টাৰৰ মাজত আটক কৰে গেৰজাইক । পৰৱৰ্তী সময়ত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল গেৰজাই । লখিমপুৰ জিলা কাৰাগাৰত ৰখা গেৰজাইক কিছুদিন পূৰ্বৰ পৰা লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ক'ভিড ৱাৰ্ডত চিকিৎসা প্ৰদান কৰি থকা হৈছিল । কিন্তু তাৰ মাজতে নিশা ক'ভিড ৱাৰ্ডৰ পৰা পলায়ন কৰে ডকাইতটো (Criminal escape from LMCH)।

কিন্তু আৰক্ষীৰ বেষ্টনীৰ পৰা কেনেকৈ পলাবলৈ সক্ষম হ'ল ৭টাকৈ গোচৰৰ অভিযুক্ত তথা দুৰ্ধৰ্ষ ডকাইতটো । আৰক্ষীৰ দায়িত্বৰ প্ৰতি অৱহেলা নে ইয়াৰ মাজত আন কোনো ৰহস্য আছে ? সম্প্ৰতি এই ঘটনাৰ পাছতে তীব্ৰ চাঞ্চল্যই বিৰাজ অসম আৰক্ষীৰ ভিতৰচ'ৰাত । সম্প্ৰতি গেৰেজাইক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ।

লগতে পঢ়ক :নিজ কন্যাৰ মৃতদেহ লৈ নগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অসহায় পিতৃ-মাতৃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.