ETV Bharat / city

অসমৰ মাটি মেঘালয়ক এৰি দিয়াৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Jan 22, 2022, 6:37 PM IST

সম্পূৰ্ণ একপক্ষীয়ভাৱে আৰু সাংবিধানিক বিধি-নিৰ্দেশনা অনুসৰণ নকৰাকৈ অসমৰ মাটি মেঘালয়ৰ সৈতে ভগাই ল'বলৈ অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা বুলি অভিযোগ কৰি অসম প্ৰদেশ কংগ্ৰেছে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবী তুলি শণিবাৰে গুৱাহাটীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Congress protests against transfer of Assam land to Meghalaya)৷

অসমৰ মাটি মেঘালয়ক এৰি দিয়াৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ
অসমৰ মাটি মেঘালয়ক এৰি দিয়াৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

গুৱাহাটী, 22 জানুৱাৰী: সম্পূৰ্ণ একপক্ষীয়ভাৱে আৰু সাংবিধানিক বিধি- নিৰ্দেশনা অনুসৰণ নকৰাকৈ অসমৰ মাটি মেঘালয়ৰ সৈতে ভগাই ল'বলৈ অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা বুলি অভিযোগ কৰি অসম প্ৰদেশ কংগ্ৰেছে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবী তুলি শণিবাৰে গুৱাহাটীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Congress protests against transfer of Assam land to Meghalaya)। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে কংগ্ৰেছৰ ৰাজ্যিক মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনৰ পৰা দিছপুৰলৈ এক প্ৰতিবাদী সমদল উলিওৱাৰ চেষ্টা কৰে যদিও ৰাজীৱ ভৱনৰ দুৱাৰমুখতে আৰক্ষী আৰু চি আৰ পি এফৰ বৃহৎ বাহিনীয়ে সমদল উলিওৱাত বাধা প্ৰদান কৰে । প্ৰতিবাদস্থলীত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হয় ।

পিছত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে ৰাজীৱ ভৱনৰ পৰা আৰক্ষীৰ বাহন উঠি দিছপুৰত গৈ মুখ্য সচিবক সাক্ষাৎ কৰি সম্পূৰ্ণ একপক্ষীয়ভাৱে আৰু সাংবিধানিক বিধি- নিৰ্দেশনা অনুসৰণ নকৰাকৈ অসমৰ মাটি মেঘালয়ৰ সৈতে ভগাই ল'বলৈ অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।

অসমৰ মাটি মেঘালয়ক এৰি দিয়াৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

কাৰ্যসূচীত ভাষণ দি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে অসম-মেঘালয় সীমা সমস্যাক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যোৱা মঙলবাৰে কইনাধৰাত অনুষ্ঠিত কৰা বৈঠকত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছৰ চাৰিগৰাকী বিধায়কে অংশগ্ৰহণ কৰিছিল । সৰ্বদলীয় বৈঠকত অসম-মেঘালয়ৰ সীমা সমস্যা সন্দৰ্ভত চৰকাৰৰ ফালৰ পৰা দিয়া প্ৰস্তাৱৰ ক্ষেত্ৰত কংগ্ৰেছৰ তৰফৰ পৰা বিষয়টো বিধানসভাত বিশদভাৱে আলোচনা নকৰা পৰ্যন্ত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনোৱা হৈছিল ।

কিন্তু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সীমা সমস্যাৰ বিষয়টো বিধানসভাত আলোচনা নকৰাকৈ নিজৰ ব্যক্তিৰ স্বাৰ্থত ৫০:৫০ ফৰ্মূলা গ্ৰহণ কৰিছে । এতিয়া ভৱিষ্যতে অন্য ৰাজ্যৰ লগত থকা সীমা বিবাদৰ ক্ষেত্ৰতো একেই নীতি গ্ৰহণ কৰিব লাগিব । ফলত অসমৰ সীমা সংকুচিত হৈ আহিব । চৰকাৰে বহু অঞ্চল মেঘালয়ক এৰি দিব বিচাৰিছে । নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ আদি ৰাজ্যৰ লগতো অসমৰ সীমা বিবাদ আছে ।

এনেদৰে সকলোকে ভূমি এৰি দিলে তথা সীমাৰ ক্ষেত্ৰত আপোচ কৰিলে অসমখন সংকুচিত হৈ আহিব । কংগ্ৰেছ দলে এই কথা কোনো কাৰণতে মানি ল'ব নোৱাৰে বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সদৰী কৰে ৷ তেওঁ কয় - বি জে পি চৰকাৰে আমাক আৰক্ষীৰ বন্দুক, লাঠীৰ ভয় দেখুৱাই শান্তি সমদল কৰাত বাধা দিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গণতান্ত্ৰিক প্ৰতিবাদৰ কণ্ঠ ৰুদ্ধ কৰাৰ চেষ্টা কৰিছে । নিজৰ ব্যক্তি স্বাৰ্থ পূৰণৰ বাবে অসমৰ ভূমি সংকুচিত বিচৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে কংগ্ৰেছ দলে আগন্তুক দিনত গণ আন্দোলন গঢ়ি তুলিব বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই হুংকাৰ দিয়ে ।

লগতে পঢ়ক: গণৰাজ্য দিৱসৰ বাবে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.