ETV Bharat / city

New SOP for Republic Day celebrations: গণৰাজ্য দিৱসৰ বাবে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা

author img

By

Published : Jan 22, 2022, 3:15 PM IST

গণৰাজ্য দিৱসৰ বাবে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা
গণৰাজ্য দিৱসৰ বাবে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা

গণৰাজ্য দিৱসৰ কাৰ্যসূচী পতাকা উত্তোলন(National Flag Hoisting), সন্মানীয় অতিথিৰ ভাষণ(Speech by the Guest of Honour) আৰু আনুষ্ঠানিক পেৰেড(Ceremonial parade)ৰ মাজতে সীমাবদ্ধ থাকিব । সাংস্কৃতিক কার্যসূচী, পুৰস্কাৰ বিতৰণ আদি অনুষ্ঠানৰ ক্ষেত্ৰত নিষেধাজ্ঞা। পেৰেডত স্কুলীয়া ছাত্ৰ-ছাত্ৰীক জড়িত কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা । ৰাজ্যিক পর্যায়ৰ কাৰ্যসূচীত সৰ্বাধিক ১,০০০ লোক উপস্থিত থাকিব পাৰিব । সেইদৰে জিলা পর্যায়ৰ কাৰ্যসূচীত সৰ্বাধিক ৫০০জনক আৰু অন্য পর্যায়ৰ কাৰ্যসূচীত সৰ্বাধিক ২০০জনক অনুমতি দিয়া হৈছে (New SOP for Republic Day celebrations) ।

গুৱাহাটী, ২২ জানুৱাৰী: ক’ভিডকালত উদযাপন হ'বলগীয়া গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই জাৰি কৰিছে নতুন নীতি-নিৰ্দেশনা (SOP issued by the Assam State Disaster Management Authority) । জাৰি কৰা নিৰ্দেশনা অনুসৰি গণৰাজ্য দিৱসৰ কাৰ্যসূচী পতাকা উত্তোলন(National Flag Hoisting), সন্মানীয় অতিথিৰ ভাষণ(Speech by the Guest of Honour) আৰু আনুষ্ঠানিক পেৰেড(Ceremonial parade)ৰ মাজতে সীমাবদ্ধ থাকিব । সাংস্কৃতিক কার্যসূচী, পুৰস্কাৰ বিতৰণ আদি অনুষ্ঠানৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । গণৰাজ্য দিৱসৰ কাৰ্যসূচীত জনসমাগমৰ ক্ষেত্ৰতো নিৰ্দিষ্ট সংখ্যা নির্ধাৰণ কৰি দিয়া হৈছে (New SOP for Republic Day celebrations) ।

সেই অনুসৰি কামৰূপ মহানগৰ জিলাত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক পর্যায়ৰ কাৰ্যসূচীত সৰ্বাধিক ১,০০০ লোক উপস্থিত থাকিব পাৰিব । সেইদৰে জিলা পর্যায়ৰ কাৰ্যসূচীত সৰ্বাধিক ৫০০জনক আৰু অন্য পর্যায়ৰ কাৰ্যসূচীত সৰ্বাধিক ২০০জনক অনুমতি দিয়া হৈছে । পেৰেডত স্কুলীয়া ছাত্ৰ-ছাত্ৰীক জড়িত কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে । পেৰেডত প্ৰতিষেধক সম্পূর্ণ কৰা আৰক্ষী, নিৰাপত্তাৰক্ষী আৰু গৃহৰক্ষী জোৱানেহে ভাগ ল'ব পাৰিব (Fully vaccinated shall be allowed) ।

গণৰাজ্য দিৱসৰ বাবে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা
গণৰাজ্য দিৱসৰ বাবে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা

ইফালে ক’ভিড প্ৰট'কলৰ মাজতে গণৰাজ্য দিৱস উদ্যাপনৰ প্ৰস্তুতি চলিছে অসমত । মহামাৰীৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ গণৰাজ্য দিৱস উদযাপনৰ পৰিসৰ কেতবোৰ ক্ষেত্ৰত সীমাবদ্ধ থাকিব । ইয়াৰ মাজতে কোন মন্ত্ৰী, স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য, উপ-মুখ্য কাৰ্যবাহী সদস্যই কোন জিলাত গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব, সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী কার্যালয়ৰ তৰফৰ পৰা এক নিৰ্দেশনা জাৰি কৰা হৈছে ।

নিৰ্দেশনাটোত উল্লেখ কৰা মতে, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নলবাৰীত, অতুল বৰাই যোৰহাটত, উখাও গৌৰা ব্ৰহ্মই তামুলপুৰত, চন্দ্ৰমোহন পাটোৱাৰীয়ে গোৱালপাৰাত, পৰিমল শুক্লবৈদ্যই বঙাইগাঁৱত, কেশৱ মহন্তই ডিব্ৰুগড়ত, ডাঃ ৰণোজ পেগুৱে শোণিতপুৰত, অশোক সিংহলে কাছাৰত, যোগেন মহনে লখিমপুৰত, সঞ্জয় কিষাণে গোলাঘাটত, অজন্তা নেওগে নগাঁৱত, পীযূষ হাজৰিকাই তিনিচুকীয়াত আৰু বিমল বৰাই ধুবুৰী জিলাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব । সেইদৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কোকৰাঝাৰত, উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ওদালগুৰিত, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰ্বি আংলঙত আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছাই ডিমা হাছাও জিলাত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা ।

ইফালে গুৱাহাটীক বাদ দি আন জিলা আৰু মহকুমা সদৰসমূহত সংশ্লিষ্ট উপায়ুক্ত আৰু মহকুমাধিপতিয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব।

লগতে পঢ়ক: বিগত 24 ঘণ্টাত দেশত নতুনকৈ আক্ৰান্ত 94,540 গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.