ETV Bharat / bharat

Covid 19 update in India : বিগত 24 ঘণ্টাত দেশত নতুনকৈ আক্ৰান্ত 94,540 গৰাকী

author img

By

Published : Jan 22, 2022, 12:16 PM IST

covid-positive-cases-rapidly-increasing-in-india
দেশত 94,540 গৰাকী লোক বিগত 24 ঘণ্টাত নতুনকৈ আক্ৰান্ত ক’ভিডত

বিগত 24 ঘণ্টাত দেশত কৰ’ণাত আক্ৰান্ত হৈছে 94,540 গৰাকী লোক ৷ শনিবাৰে দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য (Covid 19 update in India) ৷

নিউজ ডেস্ক, 22 জানুৱাৰী : দেশত পুনৰ বৃদ্ধি হৈছে ক’ৰণাৰ সংক্ৰমণৰ হাৰ (Covid 19 cases increase in India) ৷ শনিবাৰে পুৱা দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি (Covid 19 update in India), দেশত পুনৰ 94,540 গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে (New covid cases in India) ৷ বৰ্তমান দেশত আক্ৰান্তৰ সংখ্যা হৈছে 2,11,33,65 গৰাকী হোৱাৰ লগতে সক্ৰিয় আক্ৰান্তৰ হাৰ হৈছে 5.43 শতাংশ ৷

ইয়াৰ বিপৰীতে মৃত্যু হৈছে 488 গৰাকীৰ ৷ ইয়াৰ লগে লগে দেশজুৰি ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা 4,88,884 গৰাকীলৈ বৃদ্ধি পাইছে ৷ যাৰ লগে লগে মৃত্যুৰ হাৰ হৈছে 1.26 শতাংশ ৷

উল্লেখ্য যে, আক্ৰান্তসকলৰ অধিকাংশই চিকিৎসাধীন অৱস্থাত আছিল ৷ চিকিৎসালয়ত ভৰ্তি হৈ থকা লোকসকলৰ ভিতৰত বিগত 24 ঘণ্টাত 2,42,676 গৰাকী লোকে আৰোগ্য লাভ কৰে ৷ ইয়াৰ লগে লগে আৰোগ্যৰ সংখ্যা হয়গৈ 3,63,01,482 গৰাকী ৷ সম্প্ৰতি আৰোগ্য হোৱা লোকৰ হাৰ হৈছে 93.31 শতাংশ ৷

বিগত 24 ঘণ্টাত 67,49,746 গৰাকী লোকক ক’ভিড ভেকচিন (Covid Vaccination in India) প্ৰদান কৰা হৈছে ৷ শনিবাৰৰ পুৱাৰ ভাগলৈ দেশত মুঠ 1,61,16,60,078 গৰাকী লোকক টীকাকৰণ প্ৰদান কৰা হৈছে ৷

সম্প্ৰতি দেশত অ’মিক্ৰণত আক্ৰান্তৰ সংখ্যাও ভয়ানকভাৱে বৃদ্ধি পাইছে (Omricron cases increase in India) ৷ ইয়াৰ মাজতে দিল্লী আৰু মুম্বাইত এই হাৰ অত্যাধিক হোৱা দেখা গৈছে ৷ শনিবাৰে স্বাস্থ্য বিভাগে জনোৱা মতে, দেশত এদিনতে প্ৰায় 10,050 গৰাকী লোক অ’মিক্ৰণত আক্ৰান্ত হৈছে ৷ শুকুৰবাৰৰ দিনটোত অ’মিক্ৰণৰ আক্ৰান্তৰ সংখ্যা 3.69 শতাংশ বৃদ্ধি হোৱা বুলি স্বাস্থ্য বিভাগৰ তথ্যত প্ৰকাশ পাইছে ৷

লগতে পঢ়ক : মন্ত্ৰী যোগেন মহনলৈ 2022 বৰ্ষৰ বীৰ পাংৰাও বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.