ETV Bharat / city

মন্ত্ৰী যোগেন মহনলৈ 2022 বৰ্ষৰ বীৰ পাংৰাও বঁটা

author img

By

Published : Jan 22, 2022, 9:52 AM IST

আমগুৰিত 27 জানুৱাৰীৰ পৰা কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ'ব মে-ডাম-মে-ফী ৷ এই অনুষ্ঠানতেই টাই আহোম যুৱ পৰিষদৰ উদ্যোগত মন্ত্ৰী যোগেন মোহনলৈ আগবঢ়োৱা হ'ব বীৰ পাংৰাও বঁটা (Minister Jogen Mohan nomitated for Bir Pangrao Award) ৷ শুকুৰবাৰে অনুষ্ঠানটোৰ লাইখুঁটা স্থাপন কৰা হয় ৷

Minister Jogen Mohan nomitated for Bir Pangrao Award
মন্ত্ৰী যোগেন মহনলৈ 2022 বৰ্ষৰ বীৰ পাংৰাও বঁটা

আমগুৰি, 22 জানুৱাৰী : মন্ত্ৰী যোগেন মোহনলৈ টাই আহোম যুৱ পৰিষদৰ উদ্যোগত আগবঢ়োৱা হ'ব এই বছৰৰ বীৰ পাংৰাও বঁটা (Minister Jogen Mohan nomitated for Bir Pangrao Award) ৷ এইবাৰ আমগুৰিত টাই আহোম যুৱ পৰিষদৰ উদ্যোগত ঐতিহাসিক পাংৰাও ক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে মে-ডাম-মে-ফী পালন কৰা হ'ব (Me dam me phi organize by Tai Ahom Yuba Parishad) ৷ এই দিনটোতে মন্ত্ৰী যোগেন মোহনক প্ৰদান কৰিব বীৰ পাংৰাও বঁটা ৷

শুকুৰবাৰে আমগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত লালিমচাপৰি বীৰ পাংৰাও সমন্বয় ক্ষেত্ৰত বৃহত্তৰ আমগুৰি কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ'বলগীয়া মে-ডাম-মে-ফী আৰু বীৰ পাংৰাও বঁটা প্ৰদান অনুষ্ঠানৰ লাইখুটা স্থাপন কৰা হয় (Lai khuta of Me dam me phi set up at Amguri) । পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'বলগীয়া এই অনুষ্ঠানৰ লাইখুঁটা স্থাপন কৰে মে-ডাম-মে-ফী উদযাপন সমিতিৰ সভাপতি বুদ্ধেশ্বৰ শেনচোৱা, জিতু গগৈ, নৃপেন গগৈ, মৃদুল বাইলুং ফুকন, দীনেশ দুৱৰা আদি বিশিষ্ট ব্যক্তিসকলে ।

মন্ত্ৰী যোগেন মহনলৈ 2022 বৰ্ষৰ বীৰ পাংৰাও বঁটা

এই অনুষ্ঠানত লাইখুঁটা স্থাপনৰ লগতে বুদ্ধেশ্বৰ শেনচোৱাক উদযাপন সমিতিৰ সভাপতি, দীনেশ দুৱৰা আৰু নৃপেন গগৈক সম্পাদক, মৃদুল বাইলুং ফুকন আৰু জিতু গগৈক কাৰ্যকৰী সভাপতি, সামগ্ৰিক ব্যৱস্থাপক তথা পৰিকল্পক, সমাজকৰ্মী পুতুল গগৈক লৈ এখন সমিতি গঠন কৰে ।

উল্লেখ্য় যে, আহোম ৰাজত্বকালত পাঙৰাও বীৰে আইটনীয়া নগাক পৰাস্ত কৰি আহোম ৰাজ্য সুৰক্ষিত কৰিছিল । এই আইটনীয়া নগাই আহোমৰ চুহুংমুং স্বৰ্গদেউৰ ৰাজত্বকালত ৰাজ্যত যথেষ্ট উপদ্ৰৱ চলাই বিস্তৰ ক্ষতিসাধন কৰিছিল । নগাসকলৰ এনেধৰণৰ কাৰ্য-কলাপত অসন্তুষ্ট হৈ আহোম ৰজাই নগাসকলক খেদিবৰ কাৰণে চাৰিঙীয়া বীৰ পাঙৰাওক দায়িত্ব অৰ্পণ কৰিছিল ।

এই পাংৰাও বীৰৰ মৈডাম সম্প্ৰতি পুৰাতত্ত্ব বিভাগে নিজৰ অধীনত যোৱাৰ পাচতেই ৰাজহ মন্ত্ৰী যোগেন মহনে পাংৰাও ক্ষেত্ৰৰ বাবে 10 বিঘা মাটি আৱণ্টন দিয়ে । আমগুৰিত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ'বলগীয়া এই মে-ডাম-মে-ফী অনুষ্ঠান 27 জানুৱাৰীৰ পৰা আৰম্ভ হৈ 31 জানুৱাৰীত শেষ হ'ব ৷

লগতে পঢ়ক : APSC ৰ ভাষা বিষয়ক প্ৰশ্নকাকত প্ৰত্যাহাৰৰ বিষয়ত উচ্চ ন্যায়ালয়ত শুনানি

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.