ETV Bharat / city

Rajya Sabha election: ৰাজ্যসভা নিৰ্বাচনে পুনৰ মিলন ঘটাব কংগ্ৰেছ-এ আই ইউ ডি এফৰ

author img

By

Published : Jan 22, 2022, 4:50 PM IST

ৰাজ্যসভাত বৰ্তমানে কংগ্ৰেছৰ হাতত থকা দুখন আসন আৰু এটা মাহৰ পিছতে খালি হ’ব ৷ বিৰোধী পক্ষই সমিলমিলেৰে যদি ইয়াৰে অন্ততঃ এখন আসনত নিজা প্ৰাৰ্থী জয়ী কৰাই পঠিয়াব খোজে, তেন্তে প্ৰয়োজন হ’ব ৪২ টা ভোটৰ, যিটো আজিৰ তাৰিখত বিৰোধীৰ হাতত আছে ৷ সেয়েহে এতিয়া পুনৰ পৰস্পৰে পৰস্পৰৰ ওচৰ চপাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ আৰু শতিকা প্ৰাচীন কংগ্ৰেছ দলৰ মাজত (Congress AIUDF alliance for Rajya Sabha election) ৷

ৰাজ্যসভা নিৰ্বাচনে পুনৰ মিলন ঘটাব কংগ্ৰেছ-এ আই ইউ ডি এফৰ
ৰাজ্যসভা নিৰ্বাচনে পুনৰ মিলন ঘটাব কংগ্ৰেছ-এ আই ইউ ডি এফৰ

গুৱাহাটী, ২২ জানুৱাৰী: ভূপেন বৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লৈয়েই সেই সময়ৰ মহাজোঁটৰ পৰা বাহিৰ কৰিছিল এ আই ইউ ডি এফক । এক কথাত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত থকা "মিত্ৰতা" সেইদিনাৰে পৰা ভংগ হৈছিল । কিন্তু ৰাজনীতিত কোনো স্থায়ী শত্ৰু কিম্বা মিত্ৰ নাথাকে । সেয়েহে এতিয়া পুনৰ পৰস্পৰে পৰস্পৰৰ ওচৰ চপাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ আৰু শতিকা প্ৰাচীন কংগ্ৰেছ দলৰ মাজত (Congress AIUDF alliance for Rajya Sabha election) ।

দুয়ো দলৰ এই পুনৰ মিলনৰ আচিলা হিচাপে সমূখত আহি থিয় দিছেহি ৰাজ্যসভা নিৰ্বাচন (Rajya Sabha election) । ৰাজ্যসভাত বৰ্তমানে কংগ্ৰেছৰ হাতত থকা দুখন আসন আৰু এটা মাহৰ পিছতে খালি হব । বিৰোধী পক্ষই সমিলমিলেৰে যদি ইয়াৰে অন্ততঃ এখন আসনত নিজা প্ৰাৰ্থী জয়ী কৰাই পঠিয়াব খোজে, তেন্তে প্ৰয়োজন হব ৪২ টা ভোটৰ, যিটো আজিৰ তাৰিখত বিৰোধীৰ হাতত আছে । কংগ্ৰেছ, এ আই ইউ ডি এফ, চি পি এম আৰু নিৰ্দলীয় অখিল গগৈক ধৰিলে বিৰোধীয়ে এজন প্ৰাৰ্থীক জয়ী কৰাই পঠিয়াব পৰাৰ জোখাৰে ভোট মজুত আছে । কিন্তু প্ৰশ্নটো হৈছে প্ৰাৰ্থীজন কোন দলৰ হব ? কংগ্ৰেছ নে এ আই ইউ ডি এফৰ ?

ৰাজ্যসভা নিৰ্বাচনে পুনৰ মিলন ঘটাব কংগ্ৰেছ-এ আই ইউ ডি এফৰ

ইতিমধ্যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে । বিৰোধী দলপতি গৰাকীয়ে কৈছে যে এ আই ইউ ডি এফৰ সমৰ্থন অবিহনে বিৰোধীৰ প্ৰাৰ্থী ৰাজ্যসভালৈ নিৰ্বাচিত হৈ যোৱাটো অসম্ভৱ (Rajya Sabha election may unite Congress AIUDF) । সেয়েহে তেওঁ এইক্ষেত্ৰত এ আই ইউ ডি এফৰ সহায় বিচাৰিছে । গতিকে সমীকৰণ যদি ঠিকে ঠাকে থাকে, তেন্তে আগন্তক সময়ত ৰাজ্যসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ পুনৰ মিলন ৰাইজে নিশ্চয় দেখিব ।

লগতে পঢ়ক: গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা বৃদ্ধিৰ প্ৰক্ৰিয়াকলৈ কংগ্ৰেছৰ গুৰুতৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.