ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Aug 13, 2021, 7:01 PM IST

TOP 10 NEWS AT 7 PM
সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

দুপৰীয়া 12 বজাৰ পাচত কাম আৰম্ভ হোৱা এটা চৰকাৰী কাৰ্যালয় !

এটা চৰাকৰী বিশেষ কাৰ্যালয় ৷ দিনৰ 12 বজাৰ পাছতহে আৰম্ভ হয় কাৰ্যালয়টোৰ কাম-কাজ ৷ কাৰ্যালয়টোলৈ সাধাৰণ জনতাই এটা সৰু কামৰ বাবেও তিনি চাৰি দিন আহা-যাহ কৰিব লাগে ৷ কিন্তু কিয় পঢ়ক সৰ্ম্পূণ প্ৰতিবেদন...

স্বাধীনতা দিৱসৰ অনুষ্ঠানত উপস্থিত থাকিব পাৰিব মাত্ৰ 50 % লোক

ক'ভিড পৰিস্থিতিৰ মাজত দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ ক্ষেত্রত চৰকাৰীভাৱে জাৰি কৰা হৈছে কেতবোৰ নীতি-নিৰ্দেশনা । মুকলি ঠাই বা খেলপথাৰত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ১৫০০ তকৈ অধিক লোকৰ সমাগম হ’ব নোৱাৰিব ।

ডবকাৰ টোল গেটত পিস্তলধাৰী দুৰ্বৃত্তৰ দাদাগিৰি

হোজাই জিলা ডবকাৰ টোলগেটত চাঞ্চল্যৰ ঘটনা । এগৰাকী লোকে টোলগেটৰ কৰ্মচাৰীক পিস্তল দেখুৱাই পাৰ কৰিলে নিজৰ গাড়ী । পিস্তল দেখুৱাই গুলিয়াই হত্যা কৰাৰ ভাবুকিৰ অচিনাক্ত লোকজনৰ ৷ ইয়াৰ পাচতে এতিয়া টোল কৰ্মচাৰী সকলৰ মাজত আতংকৰ সৃষ্টি হৈছে ৷ এই ভিডিঅ' সামাজিক মাধ্যমতো ইতিমধ্যে ভাইৰেল হৈ পৰিছে ৷

নগাঁও আৰক্ষীৰ জালত কুখ্যাত ডকাইত মফিজুল

নগাঁও আৰক্ষীৰ অভিযানত জালত পৰিল আন এক কুখ্যাত ডকাইত । নগাঁৱৰ পানীখাইতিৰ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ ডকাইতিৰ ঘটনাত জড়িত ধৃত ডকাইতটো । জব্দ এখন বাইক ।

ৰহাত প্ৰহসনত পৰিণত পশু চিকিৎসা ব্যৱস্থা

চিকিৎসা উপকেন্দ্ৰ আছে কিন্তু চিকিৎসক নাই ৷ পশু চিকিৎসকৰ অভাৱত অকালতে মৰিছে গৰু-ছাগলীকে ধৰি বহু পশুধন ৷ যাৰ বাবে পশু পালন কৰিবলৈ এৰিছে ৰহাৰ এটা বিশেষ অঞ্চলৰ ৰাইজে ৷

সকলো শিশুৱে মোৰ মেডেলটো এবাৰ চুই চোৱাতো বিচাৰো : লাভলীনা

শুকুৰবাৰে হোটেল তাজ ভিভান্তাত অসমৰ সাংবাদিকক সাক্ষাৎ কৰে টকিঅ’ অলিম্পিক(Tokyo Olympics)ত ব্ৰঞ্জৰ পদক লাভ কৰা অসম গৌৰৱ লাভলীনা বৰগোহাঁয়ে(Lovlina Borgohain) ৷ অসমত ক্ৰীড়াৰ ক্ষেত্ৰত ভৱিষ্যৎ প্ৰজন্মৰ বাবে এক উন্নত ব্যৱস্থা গঢ়ি তুলিবলৈ অসম চৰকাৰক আহ্বান জনায় বক্সাৰগৰাকীয়ে ৷

নতুন ৰূপ পালে ওড়িশাৰ সম্বলপুৰত থকা সাহিত্যৰথীৰ বাসগৃহই

ওড়িশাৰ কেইবাজনো ব্যক্তিৰ বিশেষ তৎপৰতা তথা অসম চৰকাৰে বাসগৃহটো সংৰক্ষণৰ বাবে দেখুওৱা আগ্রহৰ বাবেই ৰসৰাজৰ স্মৃতি এতিয়া সংৰক্ষণৰ পথত। প্রথম পর্যায়ত আটকধুনীয়াকৈ সজাই তোলা হৈছে ওড়িশাৰ সম্বলপুৰত থকা সাহিত্যৰথীৰ লক্ষ্মীনাথ বেজবৰুৱাৰ প্রার্থনা গৃহ তথা অধ্যয়ন কক্ষ ।

আন্তঃৰাজ্যিক সীমা বিবাদক লৈ বিধানসভাত মুখ্যমন্ত্ৰীৰ বিবৃতি

বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনটোত চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে অসমৰ সীমা বিবাদ সন্দৰ্ভত কেতবোৰ নতুন তথ্য দাঙি ধৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ নাগালেণ্ডৰ সৈতে অসমৰ সীমা সমস্যা যথেষ্ট জটিল বুলি সদনত প্ৰকাশ ড৹ শৰ্মাৰ ৷

পুনৰ বিতৰ্কত নগাঁৱৰ ডিঅ’ কেয়াৰ হাস্পতাল

পুনৰ বিতৰ্কত নগাঁৱৰ ডিঅ’ কেয়াৰ হাস্পতাল এণ্ড ৰিচার্জ চেণ্টাৰ । ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি চিকিৎসালয়খনত। ভুল চিকিৎসা প্ৰদানৰ অভিযোগ ৰোগীৰ আত্মীয়ৰ ।

নাই পানী ! চেলাইনৰ পানীৰে হাত ধুইছে চিকিৎসকে...

পানীৰ অভাৱত চিকিৎসকে চেলাইনৰ পানীৰে হাত ধুবলগীয়া হৈছে নাজিৰা চৰকাৰী সাহাৰ্য প্ৰাপ্ত চিকিৎসালয়(Nazira Sub-Sidiary Health Centre)ত ৷ চিকিৎসালয়খনত পানী যোগান(Water Supply) ধৰা অ’এনজিচি(ONGC)য়ে কোনো জাননী নিদিয়াকৈ বন্ধ কৰিলে পানী যোগান ব্যৱস্থা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.