ETV Bharat / state

আন্তঃৰাজ্যিক সীমা বিবাদক লৈ বিধানসভাত মুখ্যমন্ত্ৰীৰ বিবৃতি

author img

By

Published : Aug 13, 2021, 2:32 PM IST

Updated : Aug 13, 2021, 3:03 PM IST

বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনটোত চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে অসমৰ সীমা বিবাদ সন্দৰ্ভত কেতবোৰ নতুন তথ্য দাঙি ধৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ নাগালেণ্ডৰ সৈতে অসমৰ সীমা সমস্যা যথেষ্ট জটিল বুলি সদনত প্ৰকাশ ড৹ শৰ্মাৰ ৷

cm himanta biswa sarma
আন্তঃৰাজ্যিক সীমা বিবাদক লৈ বিধানসভাত মুখ্যমন্ত্ৰীৰ বিবৃতি

গুৱাহাটী, ১৩ আগষ্ট : চুবুৰীয়া ৰাজ্য নাগালেণ্ড, মেঘালয়, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ সৈতে দীৰ্ঘসময়জুৰি চলি অহা অসমৰ সীমা বিবাদ সম্পৰ্কে শুকুৰবাৰে বিধানসভাত কেতবোৰ নতুন তথ্য দাঙি ধৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) । সীমা সমস্যা সন্দৰ্ভত শুকুৰবাৰে বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনা সদনত মুখ্যমন্ত্ৰীয়ে কয় যে, আচলতে এই সমস্যাটো নতুন নহয় । বহু পুৰণি ।

অসমৰ পৰা ফালি যেতিয়া এই নতুন ৰাজ্যসমূহ গঠন কৰা হৈছিল তেতিয়াই পূৱ, পশ্চিম, উত্তৰ, দক্ষিণ সীমা নিৰ্দ্ধাৰণ কৰি নিদিয়াৰ বাবেই আজি এনে সমস্যা সমূহৰ উদ্ভৱ হৈছে । যাৰ বাবে অসম বা চুবুৰীয়া ৰাজ্য সমূহে চাৰ্ভে অফ ইণ্ডিয়াৰ ৰিপ'ৰ্ট চাই নিজৰ সীমা বিচাৰিবলগীয়া হয় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

আন্তঃৰাজ্যিক সীমা বিবাদক লৈ বিধানসভাত মুখ্যমন্ত্ৰীৰ বিবৃতি

মেঘালয়ৰ সৈতে অসমৰ সীমা সমস্যা জটিল নহয় বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে সদনত কয় যে, মেঘালয় আৰু অসমৰ মাজত মাত্ৰ কেইখনখনমান গাৱঁক লৈহে সমস্যা চলি আহিছে ।

এনে মাত্ৰ বাৰটা বিবদমান স্থান আছে যি সহজেই নিস্পত্তি কৰিব পৰা বিধৰ । পশ্চিম গাৰো পাহাৰ জিলা, ৰিভয় জিলা আৰু জয়ন্তীয়া পাহাৰ জিলাত এই সমস্যা আছে । চেপ্টেম্বৰ মাহৰ পৰা ইয়াৰে ছটা বিবাদমান স্থানৰ সমস্যা সমাধান কৰা হ’ব । বাকী ছটা স্থানৰ সমস্যা পৰৱৰ্তী সময়ত কৰা হ'ব ৷ জয়ন্তীয়া পাহাৰ জিলাৰ বাবে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰিভয় জিলাৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকা আৰু পশ্চিম গাৰো পাহাৰ জিলাৰ বাবে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নেতৃত্বত একোখনকৈ সমিতি গঠন কৰি দিয়াৰ কথাও সদনত জনায় মুখ্য়মন্ত্ৰীয়ে ।

আন্তঃৰাজ্যিক সীমা বিবাদক লৈ বিধানসভাত মুখ্যমন্ত্ৰীৰ বিবৃতি

আনহাতে, মেঘালয়ৰ সৈতে বিবদমান এই গাওঁ সমূহৰ লোকসকল কোনখন ৰাজ্যৰ লগত থাকিব তাক নিৰ্ধাৰণ কৰিবলৈ চাৰিটা নীতি চূড়ান্ত কৰা হৈছে । মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, খানাপাৰা অঞ্চলত মেঘালয়ে অসম চৰকাৰৰ অনুমতি লৈয়েই দ্ৰোণ উৰুৱাইছিল ৷ ইপিনে, নাগালেণ্ডৰ সৈতে অসমৰ সীমা সমস্যা যথেষ্ট জটিল বুলি সদনত প্ৰকাশ কৰে ড৹ শৰ্মাই ।

এই সমস্যা উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপতহে সমাধান সম্ভৱ । একেদৰে মিজোৰামৰ সৈতে সীমা সমস্যা সমাধানৰ দিশে আগবাঢ়িছে যদিও অৰুণাচল প্ৰদেশৰ সৈতে সীমা সমস্যা জটিল হৈয়ে আছে বুলিও মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে ।

লগতে পঢ়ক: এতিয়াও মিজোৰামৰ দখলত অসমৰ ১৫৭৭.৫৮ হেক্টৰ ভূমি

Last Updated : Aug 13, 2021, 3:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.