এতিয়াও মিজোৰামৰ দখলত অসমৰ ১৫৭৭.৫৮ হেক্টৰ ভূমি

author img

By

Published : Aug 10, 2021, 9:41 PM IST

mizoram-is-occupying-assams-land-himanta-biswa-sharma

অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত শেহতীয়াকৈ সংঘটিত হোৱা ঘটনাকলৈ ৰাজ্যত অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ ইয়াৰ মাজতে অসম আৰু মিজোৰামৰ মাজত অব্যাহত সীমা বিবাদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াত দাখিল কৰিলে বিস্ফোৰক তথ্য ৷

গুৱাহাটী, 10আগষ্ট : অসমৰ‌ বৰাক উপত্যকাৰ তিনিখন জিলাৰ সীমান্তৰে মিজোৰামে তিনিটা স্থানত অসমৰ ভূমি দখল কৰি থৈছে ৷ শেহতীয়াকৈ এই তথ্য বিধানসভাৰ মজিয়াত দাখিল কৰিছে ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বিধায়ক নজৰুল হকৰ এক লিখিত প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই সদনত জনোৱা‌ মতে, অসমৰ কাছাৰ জিলাৰ লাইলাপুল, কুলিছেৰা আৰু জয়বদনপুৰত মিজোৰামে দখল কৰিছে 400 হেক্টৰ ভূমি ৷ একেদৰে, কৰিমগঞ্জৰ লুঙাল ফৰেষ্টৰ অন্তৰ্গত মেডলিছেৰা আৰু ছাটোৰভিৰবন্দ এলেকাত 377.58 হেক্টৰ অসমৰ ভূমি মিজোৰামৰ দখলত আছে ৷

বৰাক উপত্যকাৰ আন এখন জিলা হাইলাকান্দি ইনাৰ লাইন ফৰেষ্টৰ ভিতৰত চুবুৰীয়া ৰাজ্যখনে 800 হেক্টৰ ভূমি দখল কৰি আছে ৷ অৰ্থাৎ এই তিনিখন জিলাৰ তিনি‌ স্থানত মুঠ 1577.58 হেক্টৰ ভূমিত মিজোৰামে দখল অব্যাহত ৰাখিছে ৷ সোমবাৰে বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে দাখিল কৰা‌ তথ্য অনুসৰি অসম চৰকাৰে কৰিমগঞ্জৰ সীমান্তত আৰক্ষীয়ে ছাউনি পাতিছে ৷ একেদৰে হাইলাকান্দিত মিজোৰামে নতুনকৈ দখল কৰা 1000 হেক্টৰ ভূমিৰ 200 হেক্টৰ যোৱা‌ কেইদিনত দখল মুক্ত কৰা হৈছে ৷

মনকৰিবলগীয়া যে সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহকো এই তথ্য দাখিল কৰি বিষয়টোত দৃষ্টি গোচৰ কৰে ৷

লগতে পঢ়কঃ দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ জালত পৰিল ভুৱা উগ্ৰপন্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.