ETV Bharat / city

নগাঁও আৰক্ষীৰ জালত কুখ্যাত ডকাইত মফিজুল

author img

By

Published : Aug 13, 2021, 6:38 PM IST

নগাঁও আৰক্ষীৰ অভিযানত জালত পৰিল আন এক কুখ্যাত ডকাইত । নগাঁৱৰ পানীখাইতিৰ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ ডকাইতিৰ ঘটনাত জড়িত ধৃত ডকাইতটো । জব্দ এখন বাইক।

নগাঁও আৰক্ষীৰ জালত কুখ্যাত ডকাইত
নগাঁও আৰক্ষীৰ জালত কুখ্যাত ডকাইত

নগাঁও,13 আগষ্ট : নগাঁও আৰক্ষীয়ে অভিযান চলাই আন এক কুখ্যাত ডকাইতক আটক কৰিবলৈ সক্ষম হয় । ভাৰতীয় ষ্টেট বেংকৰ নগাঁৱৰ পানীখাইতিৰ গ্ৰাহক সেৱা কেন্দ্ৰত সংঘটিত ডকাইতিৰ ঘটনাত জড়িত ডকাইতক আটক কৰে নগাঁও আৰক্ষীয়ে । ধৃত ডকাইতটোৰ নাম মফিজুল ইছলাম । লোকজনৰ বিৰুদ্ধে নগাঁও আৰক্ষী থানাত ১৫৯৯/২১ নম্বৰত এটা গোচৰ ৰুজু হৈ আছে ।

উল্লেখযোগ্য যে, যোৱা ১৬ জুলাইত ননৈ আৰক্ষী চকীৰ অন্তৰ্গত পানীখাইটিত পাঁচ জনীয়া এটা দুৰ্বৃত্তৰ দলে গুলী চালনা কৰি এগৰাকী বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ কৰ্মচাৰীৰ পৰা ধন ভৰ্তি বেগ কাঢ়ি নিছিল । সেইদিনা নগাঁও চহৰৰ হয়বৰগাঁৱৰ খুটিকটীয়াস্থ ভাৰতীয় ষ্টেট বেংকৰ খুটিকটীয়া শাখাৰ পৰা ধন উলিয়াই ভাৰতীয় ষ্টেট বেংকৰ পানীখাইটি গ্ৰাহক সেৱা কেন্দ্ৰ (চি এছ পি) লৈ লৈ গৈছিল কেন্দ্ৰটোৰ বাণিজ্যিক প্ৰতিনিধি চামচুদ্দিন আৰু দুই সহযোগীয়ে ৷

নগাঁও আৰক্ষীৰ জালত কুখ্যাত ডকাইত

লগতে পঢ়কঃ সকলো শিশুৱে মোৰ মেডেলটো এবাৰ চুই চোৱাতো বিচাৰো : লাভলীনা

গ্ৰাহক সেৱা কেন্দ্ৰটোৰ সন্মুখত গাড়ীৰ পৰা নমাৰ লগে লগে গ্ৰাহকৰ বেশত খাপ পিটি থকা পাঁচ জনীয়া দুৰ্বৃত্তৰ দলে প্ৰথমতে কেন্দ্ৰটোৰ বাণিজ্যিক প্ৰতিনিধি চামচুদ্দিনলৈ লক্ষ্য কৰি গুলী চালনা কৰে যদিও সৌভাগ্য বশতঃ তেওঁৰ গাত গুলী নালাগিল । দুৰ্বৃত্তৰ দলটোৱে বাণিজ্যিক প্ৰতিনিধি গৰাকীৰ লগত যোৱা কৰ্মচাৰী হাফিজুৰ শ্বেখৰ পৰা টকা ভৰ্তি বেগটো কাঢ়ি নিব বিচাৰে । কৰ্মচাৰী জনে বাধা প্ৰদান কৰাত দুৰ্বৃত্তৰ দলটোৱে কৰ্মচাৰী জনৰ ওপৰত চলায় আক্ৰমণ ।

পিছত দুৰ্বৃত্তৰ দলটোৱে কৰ্মচাৰী জনলৈ লক্ষ্য কৰি গুলী চালনা কৰে । গুলী চালনা কৰি দুৰ্বৃত্তৰ দলটোৱে টকা ভৰ্তি মোনাটো কাঢ়ি লৈ দুখন মটৰ চাইকেলত উঠি পলায় যাবলৈ সক্ষম হয় । এই ঘটনা সংক্ৰান্তত ইজ্জত আলী ওৰফে ব্ৰয়লাৰ আৰু চাহিদুল ইছলাম নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে । এটা মাৰণাস্ত্ৰও জব্দ কৰিবলৈ সক্ষম হৈছিল নগাঁও আৰক্ষী ।

ঘটনাৰ সৈতে জড়িত তৃতীয়জন অভিযুক্ত মফিজুল ইছলামকো নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বতেই আৰক্ষীৰ দলে বৃহস্পতিবাৰে নিশা আটক কৰিবলৈ সক্ষম হয় । ধৃত মফিজুলক জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ৷ তাৰোপৰি বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত সংঘটিত হোৱা ডকাইতিৰ ঘটনাত জড়িত আন ডকাইতৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ।
লগতে পঢ়কঃ দুপৰীয়া 12 বজাৰ পাচত কাম আৰম্ভ হোৱা এটা চৰকাৰী কাৰ্যালয় !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.