ETV Bharat / state

সকলো শিশুৱে মোৰ মেডেলটো এবাৰ চুই চোৱাতো বিচাৰো : লাভলীনা

author img

By

Published : Aug 13, 2021, 11:31 AM IST

শুকুৰবাৰে হোটেল তাজ ভিভান্তাত অসমৰ সাংবাদিকক সাক্ষাৎ কৰে টকিঅ’ অলিম্পিক(Tokyo Olympics)ত ব্ৰঞ্জৰ পদক লাভ কৰা অসম গৌৰৱ লাভলীনা বৰগোহাঁয়ে(Lovlina Borgohain) ৷ অসমত ক্ৰীড়াৰ ক্ষেত্ৰত ভৱিষ্যৎ প্ৰজন্মৰ বাবে এক উন্নত ব্যৱস্থা গঢ়ি তুলিবলৈ অসম চৰকাৰক আহ্বান জনায় বক্সাৰগৰাকীয়ে ৷

lovlina-borgohain-interect-with-media-in-guwahati
সাংবাদিকক সাক্ষাৎ লাভলীনা বৰগোহাঁইৰ

গুৱাহাটী, 13 আগষ্ট : অসমবাসীৰ নয়নৰ মণি লাভলীনা বৰগোহাঁয়ে(Lovlina Borgohain) শুকুৰবাৰে পুৱা এক সুন্দৰ পৰিৱেশৰ মাজত ব্যক্ত কৰিলে নিজৰ মনৰ ভিতৰত লুকাই থকা এক ব্যতিক্ৰমী আশা । ‘‘মই বিচাৰোঁ অসমৰ শিশুসকলৰ সৈতে এটা দিন কটাবলৈ । মই অলিম্পিকত জিকি অহা মেডেলটো প্ৰতিটো শিশুকে এবাৰ চুবলৈ দিব বিচাৰো । প্ৰতিটো শিশুৱে এবাৰ স্পৰ্শ কৰক এই মেডেলটো আৰু সপোন দেখিবলৈ, আকাশ চোৱাৰ অনুশীলন কৰিবলৈ শিকক । মই যেতিয়া শিশু আছিলোঁ তেতিয়া মোৰ সপোন আছিল এনে এটা মেডেল এবাৰ নিজ হাতে চুই চোৱাৰ । মই অসম চৰকাৰ আৰু অসম অলিম্পিক সন্থাক অনুৰোধ কৰিছো তেনেকুৱা এক অনুষ্ঠানৰ আয়োজন কৰি দিয়ক’’ ।

দিল্লী যাত্ৰাৰ পূৰ্বে শুকুৰবাৰে পুৱা গুৱাহাটীৰ হোটেল তাজ ভিভান্তাত সাংবাদিকৰ সৈতে এক বিশেষ অনুষ্ঠানত ভাগ লৈ এইদৰে মন্তব্য কৰে অসম গৌৰৱ লাভলীনা বৰগোহাঁয়ে । সুখৰ কথা যে, তেওঁৰ এই আশা অতি শীঘ্ৰে পূৰণ কৰিব বুলিও এই অনুষ্ঠানত প্ৰতিশ্ৰুতি দিয়ে অসম অলিম্পিক সন্থা(Assam Olympics Association)ই ।

সাংবাদিকক সাক্ষাৎ লাভলীনা বৰগোহাঁইৰ

উক্ত অনুষ্ঠানত ভাগ লৈ লাভলীনাই কয় যে, ‘অসম বা ভাৰতত প্ৰতিভাৰ অভাৱ নাই । কিন্তু তথাপিও ভাৰতে অলিম্বিকৰ দৰে খেলত ইমান কম সংখ্যক পদক লাভ কৰে ৷ ইয়াৰ কাৰণ হ’ল আন দেশসমূহৰ দৰে ভাৰতত এতিয়াও ক্ৰীড়াক শিক্ষাৰ এক মূল বিষয় হিচাপে, পাঠ্যক্ৰম হিচাপে স্বীকৃতি দিয়া হোৱা নাই । যাৰ বাবে ক্ৰীড়াক পেচা হিচাপে ল’ব পৰা এক পৰিৱেশ এতিয়াও আমাৰ দেশত গঢ়ি উঠা নাই ।’

অসমতো ক্ৰীড়াৰ ক্ষেত্ৰত এতিয়াও বহু কৰিবলগীয়া আছে বুলি মন্তব্য কৰে লাভলীনাই । আনহাতে, অসম চৰকাৰে তেওঁলৈ আগবঢ়োৱা DSP পদ তেওঁ গ্ৰহণ কৰিব আৰু খেলৰ জৰিয়তে দেশৰ প্ৰতি সেৱা আগবঢ়াব বুলি জানিবলৈ দিয়ে ।

এই অনুষ্ঠানতে অসমৰ বহুকেইটা ক্ৰীড়া সংগঠনে অলিম্পিক পদক বিজয়ী খেলুৱৈগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে । অসম অলিম্পিক সন্থাই (Assam Olympic Association) লাভলীনাৰ হাতত তুলি দিয়ে 3 লাখ টকাৰ চেক । অনুষ্ঠানত লাভলীনাৰ চাৰিগৰাকী প্ৰশিক্ষকলৈ অসম চৰকাৰে ঘোষণা কৰা দহ লাখ টকাৰ চেক লাভলীনাৰ হাতত অৰ্পণ কৰে ক্ৰীড়া মন্ত্ৰী বিমল বৰা(Bimal Bora)ই ।

অনুষ্ঠান শেষ কৰিয়েই দিল্লী অভিমুখে ৰাওনা হয় লাভলীনা । 15 আগষ্টৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ সৈতে একেলগে উপস্থিত থাকিব বক্সাৰগৰাকী ।

লগতে পঢ়ক : 18 সংখ্যক মৃত্যু বাৰ্ষিকীত ড৹ ভবেন্দ্ৰ নাথ শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.