ETV Bharat / state

দুপৰীয়া 12 বজাৰ পাচত কাম আৰম্ভ হোৱা এটা চৰকাৰী কাৰ্যালয় !

author img

By

Published : Aug 13, 2021, 5:20 PM IST

এটা চৰাকৰী বিশেষ কাৰ্যালয় ৷ দিনৰ 12 বজাৰ পাছতহে আৰম্ভ হয় কাৰ্যালয়টোৰ কাম-কাজ ৷ কাৰ্যালয়টোলৈ সাধাৰণ জনতাই এটা সৰু কামৰ বাবেও তিনি চাৰি দিন আহা-যাহ কৰিব লাগে ৷ কিন্তু কিয় পঢ়ক সৰ্ম্পূণ প্ৰতিবেদন...

Manikpur Employee Absence
দুপৰীয়া 12 বজাত কাম আৰম্ভ হোৱা এটা চৰকাৰী কাৰ্যালয় !

বঙাইগাঁও, 13 আগষ্ট : ৰাজ্যত দ্বিতীয় বাৰৰ বাবে বিজেপি দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে ৷ প্ৰথমবাৰ সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি ৰাজ্যৰ পৰা দুৰ্নীতি নিৰ্মূল আৰু চৰকাৰী কৰ্মচাৰী যাতে সময়মতে কাৰ্যালয়ত উপস্থিত থাকে তাৰ বাবে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰীৰ পৰা আঁতৰিল ৷

এতিয়া মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ দায়িত্ব গ্ৰহণ কৰিয়েই ৰাজ্যৰ পৰা দুৰ্নীতিৰ বিৰুদ্ধে শূন্যসহনশীলতাৰ নীতি ঘোষণা কৰিছে ৷ চৰকাৰী কাৰ্যালয় সমূহত যাতে কৰ্মচাৰী নিয়মীয়াকৈ উপস্থিত থাকে তাৰবাবে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ তাৰ সমান্তৰালভাৱে জনতা ভৱনত 24 ঘন্টাই কামকাজ চলাৰ ব্যৱস্থা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

কিন্তু এই সমূহ সিদ্ধান্ত বা নিৰ্দেশনাক সৰ্ম্পূণ অৱমাননা কৰা দেখা গৈছে এটা চৰকাৰী কাৰ্যালায়ত ৷ ঘটনাৰ স্থান বঙাইগাঁও জিলাৰ মানিকপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় ৷ এই বিশেষ কাৰ্যালয়টোত দিনৰ 12 বজাৰ লৈকে বিষয়া কৰ্মচাৰীলৈ অপেক্ষা কৰিব লাগে ইয়ালৈ অহা সাধাৰণ জনতাই ৷ কিয়নো কাৰ্যালয়টোত 12 বজালৈকে উপস্থিতি নহয় কাৰ্যালয়টোৰ কোনো এগৰাকী বিষয়া কৰ্মচাৰী ৷

দুপৰীয়া 12 বজাত কাম আৰম্ভ হোৱা এটা চৰকাৰী কাৰ্যালয় !

বোন্দাপৰ দি ৰৈ থাকিব লগীয়া হয় সাধাৰণ জনতা, বিষয়া-কৰ্মচাৰী আহিব আমাৰ কাম কৰিব বুলি ৷ অসমীয়াত এশাৰী ডাকৰ বচন আছে, "কাক নো বুলিবা ককা, আটাইৰে দাঢ়ি-চুলি পকা" ৷ যিটো কাৰ্যালয়ত মুৰব্বী গৰাকীয়েই যেতিয়া 12 বজালৈ উপস্থিত নাথাকে বাকী আৰু পালি পহৰীয়াৰ কথাই সুকীয়া ৷

এই কাৰ্যালয়টোত এদিন হে যে এনে হৈছে তেনে নহয় প্ৰতিদিনে কাৰ্যালয়টোত সময়মতে বিষয়া-কমচাৰী উপস্থিতি নথাকৰ অভিযোগ বহু পুৰণি ৷ যাৰবাবে সাধাৰণ এটা কামৰ বাবে কাৰ্যালয়টোলৈ তিনি চাৰি দিনধৰি আহিব লগীয়া হয় সাধাৰণ জনতা ৷ যাৰ বাবে অতিষ্ঠ হৈ পৰে কাৰ্যালয়টোলৈ অহা সাধাৰণ জনতা ৷

এতিয়া প্ৰশ্ন হয়, এনে বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে চৰকাৰী কৰ্তৃপক্ষই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব নে ৷ নে দেখিও চকু মুদা কুলিৰ ভাও ধৰি থাকিব ৷

লগতে পঢ়কঃ সকলো শিশুৱে মোৰ মেডেলটো এবাৰ চুই চোৱাতো বিচাৰো : লাভলীনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.