ETV Bharat / state

নতুন ৰূপ পালে ওড়িশাৰ সম্বলপুৰত থকা সাহিত্যৰথীৰ বাসগৃহই

author img

By

Published : Aug 13, 2021, 4:34 PM IST

ওড়িশাৰ কেইবাজনো ব্যক্তিৰ বিশেষ তৎপৰতা তথা অসম চৰকাৰে বাসগৃহটো সংৰক্ষণৰ বাবে দেখুওৱা আগ্রহৰ বাবেই ৰসৰাজৰ স্মৃতি এতিয়া সংৰক্ষণৰ পথত। প্রথম পর্যায়ত আটকধুনীয়াকৈ সজাই তোলা হৈছে ওড়িশাৰ সম্বলপুৰত থকা সাহিত্যৰথীৰ লক্ষ্মীনাথ বেজবৰুৱাৰ প্রার্থনা গৃহ তথা অধ্যয়ন কক্ষ ।

New look of Lakshimanth Bezbaruah Odisha home
নতুন ৰূপত ওড়িশাৰ সম্বলপুৰত থকা সাহিত্যৰথীৰ ঘৰ

গুৱাহাটী, ১৩ আগষ্ট : নতুন ৰূপত উজলি উঠিছে সুদূৰ ওড়িশাৰ সম্বলপুৰত থকা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহ । ইণ্ডিয়ান নেশ্যনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ চমুকৈ 'ইনটেক' নামৰ সংস্থাটোৱে ওড়িশাৰ সম্বলপুৰৰ মহানদীৰ সমীপত থকা ৰসৰাজৰ পুৰণি বাসগৃহ তথা সাধনা ঘৰটো ধবংস নকৰাকৈ নতুন ৰূপত সজাই তুলিছে ।

অসমীয়া সাহিত্যৰ কাণ্ডাৰী বেজবৰুৱাৰ বাসগৃহ সংৰক্ষণৰ বাবে ওড়িশা চৰকাৰে দায়িত্ব অর্পণ কৰা ইনটেক নামৰ প্রতিষ্ঠানটোৱে প্রথম পর্যায়ত আটকধুনীয়াকৈ সজাই তুলিছে ৰসৰাজৰ প্রার্থনা গৃহ তথা অধ্যয়ন কক্ষ । উল্লেখ্য যে, লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি বিজড়িত বাসগৃহটো সংৰক্ষণৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল ওড়িশাৰ দীপক পাণ্ডা নামৰ ব্যক্তিগৰাকীয়ে ।

New look of Lakshimanth Bezbaruah Odisha home
নতুন ৰূপত ওড়িশাৰ সম্বলপুৰত থকা সাহিত্যৰথীৰ ঘৰ

সম্বলপুৰত থকা ৰসৰাজৰ উঁৱলি যোৱা বাসগৃহৰ সংৰক্ষণৰ বাবে অসমৰ লগতে ওড়িশাতো দাবী উত্থাপন হোৱা সময়তে দুয়োখন চৰকাৰে সাহিত্যৰথীৰ স্মৃতি বিজড়িত বাসগৃহটো সংৰক্ষণৰ বাবে অর্থিক সাহায্য আগবঢ়াৱলৈ সন্মত হৈছিল ।

স্মর্তব্য যে, সম্বলপুৰত থকা সাহিত্যৰথীৰ বাসগৃহটো পথ নির্মাণৰ বাবে এসময়ত ভাঙি পেলোৱাৰ সিদ্ধান্ত লৈছিল ওড়িশাৰ লোক নিৰ্মাণ বিভাগে । কিয়নো উক্ত বাসগৃহৰ কাষতে ওড়িশা চৰকাৰে নির্মাণ কৰিবলৈ লৈছিল এটা বিশাল ফ'ৰলেন পথ । অৱশ্যে ওড়িশাৰে কেইবাজনো ব্যক্তিৰ বিশেষ তৎপৰতা তথা অসম চৰকাৰে বাসগৃহটো সংৰক্ষণৰ বাবে দেখুওৱা আগ্রহৰ বাবেই ৰসৰাজৰ স্মৃতি এতিয়া সংৰক্ষণৰ পথত ।

ইনটেক নামৰ প্রতিষ্ঠানটোৱে ইতিমধ্যে ৰসৰাজৰ বাসগৃহ তথা অধ্যয়ন কক্ষটো বিভিন্ন ধৰণে সজাই পৰাই তুলি সংৰক্ষিত কৰি ৰাখিব পৰাকৈ সাজু কৰি তুলিছে । ছেপ্টেম্বৰ মাহত এই বাসগৃহটো ওড়িশাৰ পর্যটন বিভাগক হস্তান্তৰ কৰা হ'ব ।

New look of Lakshimanth Bezbaruah Odisha home
নতুন ৰূপত ওড়িশাৰ সম্বলপুৰত থকা সাহিত্যৰথীৰ ঘৰ

উল্লেখ্য যে, বেজবৰুৱাৰ বাসগৃহ সংৰক্ষণৰ বাবে অসম চৰকাৰে ৫০ লাখ টকা আৰু ওড়িশা চৰকাৰে ৫৫ লাখ টকাৰ অনুদান আগবঢ়াইছিল । ৰসৰাজৰ বাসগৃহৰ সংৰক্ষণত বিশেষভাৱে জড়িত হৈ পৰা দীপক পাণ্ডাই এই সন্দর্ভত প্রকাশ কৰা মতে সাজু কৰি তোলা প্রার্থনা গৃহ তথা অধ্যয়ন কক্ষত বেজবৰুৱাৰ বিভিন্ন সৃষ্টিৰাজিৰ এটা পুথিভঁৰাল আৰু ৰসৰাজৰ বিভিন্ন ফটো সংৰক্ষণেৰে এটা ফটো গেলেৰী প্ৰস্তুত কৰা হ'ব ।

সংৰক্ষণৰ বাবে সংগৃহীত হোৱা ১.৫ কোটি টকাৰ সৰহসংখ্যক ধনেই এতিয়াও ব্যয় নোহোৱাকৈ আছে । জমা হৈ থকা উক্ত পুঁজিৰে ৰসৰাজৰ মূল বাসগৃহৰ সংৰক্ষণৰ কাম অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব । দীপক পাণ্ডেয়ে প্রকাশ কৰা অনুসৰি, ১২টা কোঠাৰ মূল বাসগৃহটোৰ বহু অংশ ইতিমধ্যে জৰাজীর্ণ ৰূপ লৈছে ।

তদুপৰি তেওঁৰ ৰান্ধনিঘৰটোও সম্পূর্ণৰূপে ভাঙি পৰিছে । গতিকে অৱশিষ্টভাৱে ৰৈ যোৱা বাসগৃহটো সংৰক্ষণৰ ক্ষেত্রত কিছু সময়ৰ প্রয়োজন হ'ব । ওড়িশাৰ পর্যটন বিভাগে মূল বাসগৃহটো অধিক আকর্ষণীয় কৰি তোলাৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰিছে । আগন্তুক সময়ছোৱাত মূল বাসগৃহটো সম্পূর্ণ হৈ উঠিলেই উভয় ৰাজ্যৰ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব ।

লগতে পঢ়ক : আন্তঃৰাজ্যিক সীমা বিবাদক লৈ বিধানসভাত মুখ্যমন্ত্ৰীৰ বিবৃতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.