ETV Bharat / state

নাই পানী ! চেলাইনৰ পানীৰে হাত ধুইছে চিকিৎসকে...

author img

By

Published : Aug 13, 2021, 2:21 PM IST

পানীৰ অভাৱত চিকিৎসকে চেলাইনৰ পানীৰে হাত ধুবলগীয়া হৈছে নাজিৰা চৰকাৰী সাহাৰ্য প্ৰাপ্ত চিকিৎসালয়(Nazira Sub-Sidiary Health Centre)ত ৷ চিকিৎসালয়খনত পানী যোগান(Water Supply) ধৰা অ’এনজিচি(ONGC)য়ে কোনো জাননী নিদিয়াকৈ বন্ধ কৰিলে পানী যোগান ব্যৱস্থা ৷ যাৰ ফলস্বৰূপে ৰোগী আৰু চিকিৎসকৰ মাজত লাগিছে হাহাকাৰ ৷

poor water supply facility at nazira hospital
নাজিৰা চিকিৎসালয়ত পানীৰ অভাৱ

শিৱসাগৰ, 13 আগষ্ট : এপষেক সময় ধৰি পানীৰ অভাৱত থকা শিৱসাগৰৰ এখন চৰকাৰী চিকিৎসালয় ৷ চিকিৎসালখনত চেলাইনৰ পানীৰে হাত ধুবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ কিয়নো কোনো জাননী নিদিয়াকৈ অ’এনজিচি(ONGC)য়ে বন্ধ কৰিলে চিকিৎসালয়খনৰ পানী যোগান(Water Supply) ব্যৱস্থা ৷ নাজিৰা মহকুমা সদৰত অৱস্থিত একমাত্ৰ চৰকাৰী সাহাৰ্য প্ৰাপ্ত এই চিকিৎসালয়খন হৈছে নাজিৰা চৰকাৰী সাহাৰ্য প্ৰাপ্ত চিকিৎসালয়(Nazira Sub-Sidiary Health Centre) ৷

নাজিৰা চিকিৎসালয়(Nazira Hospital)ত পানী যোগান বন্ধ হৈ পৰাত ৰোগী আৰু চিকিৎসকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ । চিকিৎসালয়খনত কৰ্মৰত চিকিৎসা কৰ্মীসকলে চেলাইনৰ পানীৰে ধুব লগা হৈছে হাত ৷ চিকিৎসালয়খনত সকলো জৰুৰী সেৱা উপলব্ধ হোৱা হেতুকে চিকিৎসা সেৱা আগবঢ়াই নিয়াত সংকটৰ সংকটৰ সন্মুখীন হৈছে চিকিৎসা কৰ্মীসকল ।

নাজিৰা চিকিৎসালয়ত পানীৰ অভাৱ

লগতে পঢ়ক : বানাক্ৰান্ত কলংপাৰবাসী, চাৰিটা বছৰে নাপালে সাহাৰ্য

উল্লেখ্য যে, চিকিৎসালয়খনৰ ভিতৰলৈ পানী যোগানৰ ব্যৱস্থাৰে সক্ৰিয় হৈ আছিল অ’এনজিচিৰ বহিঃ ক’লনীৰ পানী যোগান প্ৰণালীৰ পাইপ । হঠাৎ বন্ধ হৈ পৰা পানী যোগান ব্যৱস্থাই চিকিৎসালখনত সমস্যাৰ সৃষ্টি কৰিছে ।

আঘাতপ্ৰাপ্ত জৰুৰী সেৱাৰ ৰোগীক কৰা চিকিৎসাৰ সময়ত হাতত লগা তেজ পৰ্যন্ত চেলাইনৰ পানীৰে ধুব লগা হৈছে চিকিৎসা কৰ্মীসকলে । একমাত্ৰ পানী যোগান ব্যৱস্থা হিচাপে থকা অ’এনজিচি ক’লনীৰ পানী যোগান প্ৰণালীৰ ওপৰতে নিৰ্ভৰ কৰি চলিবলগীয়া হয় চিকিৎসালয়খন । বিকল্প 24 ঘণ্টাই পানী পোৱাৰ কোনো ব্যৱস্থা নাই চিকিৎসালয়খনত ।

poor water supply facility at nazira hospital
নাজিৰা চিকিৎসালয়ত পানীৰ অভাৱ

এনে দুৰ্দশাৰ মাজতে চিকিৎসালয়ৰ দৰে জৰুৰী বিভাগ এটাৰ পানী যোগান প্ৰক্ৰিয়া বন্ধ হোৱাতো অতি চিন্তনীয় বিষয় । ইফালে নাজিৰা নগৰৰ পৰা 4 কিলোমিটাৰ দূৰত্বত মহকুমা অসামৰিক চিকিৎসালয় থকাৰ বাহিৰে বিকল্প কোনো নাৰ্চিং হোম নথকা অৱস্থাত একমাত্ৰ এইখন চিকিৎসালয়ত পানী যোগানৰ এটি পূৰ্ণ প্ৰকল্প অ’এনজিচিয়ে প্ৰদান কৰিব নোৱাৰেনে ? ক’ভিড(Covid) সংক্ৰমণৰ এই সময়চোৱাত পানীৰ অভাৱত হাত ধোৱা বন্ধ কৰাৰ দৰে পৰিস্থিতি দুঃখজনক হিচাপে পৰিগণিত হৈছে নাজিৰা চিকিৎসালয়ত ।

লগতে পঢ়ক : কোকৰাঝাৰত ২৪০ গৰাকী হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.