ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jun 19, 2022, 9:03 AM IST

TOP 10 AT 9 AM
9 বজাৰ শীৰ্ষ দহটা বাতৰি

9 বজাৰ শীৰ্ষ দহটা বাতৰি

প্ৰকৃতিৰ কালৰূপ: এনিশাৰ ভিতৰতে নদীৰ বুকুত বিলীন হ'ল 10 বিঘা চাহ বাগান

বিহালীৰ ৰৌমাৰীত বুৰৈ নৈত তীব্ৰ গৰাখহনীয়া (Erosion in Behali) ৷ এনিশাৰ ভিতৰতে নদীৰ বুকুত বিলীন হ'ল 10 বিঘাকৈ চাহ বাগান ৷

শিহৰণকাৰী! নৈৰ কোবাল সোঁতে উটুৱাই লৈ গ'ল মটৰ চাইকেলসহ এজন যুৱকক

ৰাজ্যজুৰি বানৰ সংহাৰ (Flood in Assam) ৷ কৰিমগঞ্জত সংঘটিত হ’ল দেখিলেই বুকু কঁপি যোৱা এক ঘটনা (Flood in Karimganj)৷ লংগাই নৈৰ কোবাল সোঁতে উটুৱাই লৈ গ’ল মটৰ চাইকেলসহ এজন যুৱকক (Young man swept away in river in Karimganj) ৷

ৰঙাপৰাত গাভৰু নৈয়ে ছিঙিলে মথাউৰি: চিন্তিত নৈপৰীয়া ৰাইজ

ৰঙাপৰাত গাভৰু নৈয়ে ছিঙিলে মথাউৰি (Embankment erosion at Rangapara)। ভগ্ন অংশৰে বাগৰিল নৈৰ বাঢ়নী পানী । নৈৰ গৰাখহনীয়াত জাহ গৈছে বৃহৎ পৰিমাণৰ কৃষিভূমি ৷ চিন্তিত হৈ পৰিছে কৃষক ৰাইজ ৷

আবেগিক হৈ কি আহ্বান জনালে লাভলীনা বৰগোঁহাইয়ে ?

টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদকেৰে অসমকে ধৰি সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই অনা আন্তঃৰাষ্ট্ৰীয় বক্স‍াৰ লাভলীনা বৰগোহাঁইৰ (Olympics medalist Lovlina Borgohain) একান্তই ব্যক্তিগত সম্পৰ্ক এটাক অন্য ধৰণে সংবাদ তথা সামাজিক মাধ্যমত প্ৰচাৰ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বক্সাৰগৰাকীয়ে ।

Flood in Assam 2022: দৰঙৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ

শনিবাৰে দৰঙৰ বন বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM visited Flood effected area of Darang)৷ বানাক্ৰান্ত ৰাইজে যাতে থকা-খোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব লগা নহয় তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তগৰাকীক কঠোৰ দৃষ্টি নিক্ষেপ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷

কমলপুৰত বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী ড৹ শৰ্মা

পুঠিমাৰী, বৰলীয়া আৰু কলাজল নৈয়ে বাইহাটা চাৰিআলিত বিস্তৰ ক্ষতি সাধন কৰিছে ৷ আনকি বাঢ়নী পানীত বুৰ গৈছে বাইহাটা চাৰিআলিৰ কমলপুৰ সমষ্টিৰ ইখনৰ পাচত সিখন গাঁও ৷ হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে বন্যাৰ্তৰ মাজত ৷ বানাক্ৰান্ত ৰাইজৰ দুখ-দুদৰ্শা বুজ ল’বলৈ শনিবাৰে কমলপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma at Baihata chariali) ৷

হিমন্ত বিশ্ব শৰ্মাই কমিছনৰ অংকত গুৱাহাটীখন বৰবাদ কৰিলে: অখিল গগৈ

শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে গুৱাহাটীৰ কৃত্ৰিম বানৰ কবলত পৰা ৰুক্মিণীগাঁও, হাতীগাঁও, সিজুবাৰী, নটবমা আদি বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লৈ (Akhil Gogoi visited Flood affected area of Guwahati) ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কেতবোৰ মন্তব্য় কৰে ৷

ৰাজীৱ ভৱনৰ প্ৰতিবাদৰ বিৰুদ্ধে আৰক্ষীয়ে ভুৱা গোচৰ তৰাৰ অভিযোগ বিধায়ক ৰকিবুলৰ

শনিবাৰে গৃহ সমষ্টি চামগুৰিত উপস্থিত হৈ ৰাজীৱ ভৱনৰ প্ৰতিবাদৰ বিৰুদ্ধে আৰক্ষীয়ে ভুৱা গোচৰ তৰা অভিযোগ উত্থাপন কৰে বিধায়ক ৰকিবুল হুছেইনে ৷ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক AIUDF লৈ নিমন্ত্ৰণ জনোৱাৰ সন্দৰ্ভত AIUDF প্ৰধান বদৰুদ্দিন আজমলক কুৰুচি সম্পন্ন ব্যক্তি আখ্যা দিয়ে বিধায়কগৰাকীয়ে ৷

যোগীজান বাৰফুটিৰ ভগ্ন ৰে’লপথ মেৰামতিৰ বাবে নিয়োজিত ১৫০ৰো অধিক শ্ৰমিক

কেইবাদিনো নেৰানেপেৰা বৰষুণৰ ফলত হোজাইত বৃদ্ধি পাইছে কপিলী নৈৰ জলপৃষ্ঠ ৷ লগতে নীপকোৱে জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ খুলি (Neepco releases excess water from Ranganadi hydroelectric plant) দিয়াৰ ফলত এতিয়া হোজাই আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত সৃষ্টি হৈছে এক হাহাকাৰময় পৰিৱেশৰ ৷

উদ্যোগ বিভাগৰ দায়িত্ব লৈয়ে ৮৫ গৰাকী বিষয়াৰ পদোন্নতিৰ ব্যৱস্থা মন্ত্রী বিমল বড়াৰ

উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্তালয়ত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ বিভাগীয় কাম কাজৰ পৰ্যালোচনা (Review meeting of departmental Department of Industry and Commerce)। শনিবাৰে গুৱাহাটীৰ বামুণীমৈদামস্থিত উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় মন্ত্ৰী বিমল বৰা ৷ মন্ত্ৰী বৰাই বিভাগটোৰ দীৰ্ঘদিন ধৰি পদোন্নতিৰ পৰা বঞ্চিত হৈ থকা ৮৫ গৰাকী বিষয়াক পদোন্নতি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.