ETV Bharat / city

হিমন্ত বিশ্ব শৰ্মাই কমিছনৰ অংকত গুৱাহাটীখন বৰবাদ কৰিলে: অখিল গগৈ

author img

By

Published : Jun 18, 2022, 10:47 PM IST

শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে গুৱাহাটীৰ কৃত্ৰিম বানৰ কবলত পৰা ৰুক্মিণীগাঁও, হাতীগাঁও, সিজুবাৰী, নটবমা আদি বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লৈ (Akhil Gogoi visited Flood affected area of Guwahati) ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কেতবোৰ মন্তব্য় কৰে ৷

Akhil Gogoi criticize on assam cm regarding Guwahati flood
হিমন্ত বিশ্ব শৰ্মাই কমিছনৰ অংকত গুৱাহাটীখন বৰবাদ কৰিলে: অখিল গগৈ

গুৱাহাটী,১৮ জুন: ৰাজধানী চহৰ গুৱাহাটী মহানগৰী ভয়াৱহ কৃত্ৰিম বানৰ কবলত পৰাৰ পাছৰে পৰা এটা বিষয় বিশেষভাৱে চৰ্চালৈ আহিছে । সেইটো হৈছে ছুপাৰ ছাকাৰ । গুৱাহাটীৰ নলা-নৰ্দমাসমূহ পৰিষ্কাৰ কৰাৰ অত্যাধুনিক প্ৰযুক্তিগত বাহন । কিন্তু এই বাহনসমূহ ক্ৰয় কৰি ব্যৱহাৰ নকৰাকলৈ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

শনিবাৰে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ছুপাৰ ছাকাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে । শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে গুৱাহাটীৰ কৃত্ৰিম বানৰ কবলত পৰা ৰুক্মিণীগাঁও, হাতীগাঁও, সিজুবাৰী, নটবমা আদি বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লয় (Akhil Gogoi visited flood affected area of Guwahati) ।

হিমন্ত বিশ্ব শৰ্মাই কমিছনৰ অংকত গুৱাহাটীখন বৰবাদ কৰিলে: অখিল গগৈ

সংবাদ মাধ্যমৰ আগত বিধায়কগৰাকীয়ে ছুপাৰ ছাকাৰ অনাৰ কি প্ৰয়োজন আছে বুলি সদৰি কৰি কয় যে কমিছনৰ অংকত ছুপাৰ ছাকাৰ ক্ৰয় কৰা হৈছে (Akhil Gogoi criticize Assam CM regarding Guwahati flood) । গুৱাহাটীত উৰণীয়া সেতু নিৰ্মাণ কৰি থকা হৈছে যদিও নলা নিৰ্মাণৰ ব্যৱস্থা কৰা হোৱা নাই । বানপানী নিয়ন্ত্ৰণৰ বাবে চৰকাৰে কোনো এটা পৰিকল্পনা গ্ৰহণ কৰা নাই বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷

গুৱাহাটী মহানগৰী আজি নৰকত পৰিণত হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ মূলতে হৈছে হিমন্ত বিশ্ব শৰ্মা নামৰ ব্যক্তিজন । হিমন্ত বিশ্ব শৰ্মাই ১৫ বছৰ ধৰি গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্বত থাকিও গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিব নোৱাৰিলে । বৰং গুৱাহাটীখনক বৰবাদ কৰি দিলে । কেৱল কমিছনৰ প্ৰজেক্ট লৈ গুৱাহাটীখনক বৰবাদ কৰি দিলে । সেইদৰে শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগৰ দায়িত্বত থাকিও হিমন্ত বিশ্ব শৰ্মাই বিভাগ দুটাৰ অৱস্থা শোচনীয় কৰিলে বুলি তেওঁ অভিযোগ উত্থাপন কৰে ।

কমিছনৰ অংকত এখনৰ পাছত আনখনকৈ উৰণীয়া সেতু, পাৰ্ক আদিৰ প্ৰকল্প গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এইবাৰ বিধানসভাৰ অধিবেশনত গুৱাহাটীৰ কৃত্ৰিম বানক লৈ প্ৰতিবাদ সাব্যস্ত কৰা হ’ব । উল্লেখ্য যে, শনিবাৰে পুৱাই অখিল গগৈয়ে সতীৰ্থসহ গুৱাহাটীৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ মাজতে নটবমাস্থিত চুকাফা ভৱন পৰিদৰ্শন কৰে ৷

স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ নামত উৎসৰ্গিত চৌহদটোত কেন্দ্ৰীয়ভাৱে আহোম সকলৰ পবিত্ৰ মেডাম মেফী উদযাপন হৈ আহিছে । গুৱাহাটীৰ এই গুৰুত্বপূৰ্ণ স্থানটোক অসম চৰকাৰে কদৰ্যময় পৰিৱেশত ৰখাক লৈ অখিল গগৈয়ে চৰকাৰ তথা নিজকে দক্ষ মুখ্যমন্ত্ৰী বুলি পৰিচয় দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

লগতে পঢ়ক: এলেংমাৰীৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.