শিহৰণকাৰী! নৈৰ কোবাল সোঁতে উটুৱাই লৈ গ'ল মটৰ চাইকেলসহ এজন যুৱকক

By

Published : Jun 19, 2022, 8:07 AM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

ৰাজ্যজুৰি বানৰ সংহাৰ (Flood in Assam) ৷ কৰিমগঞ্জত সংঘটিত হ’ল দেখিলেই বুকু কঁপি যোৱা এক ঘটনা (Flood in Karimganj)৷ লংগাই নৈৰ কোবাল সোঁতে উটুৱাই লৈ গ’ল মটৰ চাইকেলসহ এজন যুৱকক (Young man swept away in river in Karimganj) ৷ এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে যুৱকজনৰ ৷ ততালিকে স্থানীয় লোকে নৈত নামি জালেৰে যুৱকজনক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে ৷ স্থানীয় লোকে প্ৰায় 200 মিটাৰ দূৰলৈকে উটুৱাই নিয়া যুৱকজনক মটৰ চাইকেলসহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ যুৱকজনৰ নাম অজিতেষ ৰায় বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, বছৰটোৰ দ্বিতীয়টো বানে সংহাৰী ৰূপ ধাৰণ কৰিছে কৰিমগঞ্জত । ইতিমধ্যে জিলাখনত বানপানীৰ বাবে যাতায়ত ব্যাহত হৈ পৰিছে ৷ জিলাখনৰ কেইবাটাও স্থানত মথাউৰিৰ ওপৰেৰে বৈছে পানীৰ সোঁত ৷ কৰিমগঞ্জ জিলাৰ প্ৰায়সংখ্যক নৈৰেই পানী বিপদসীমাৰ ওপৰত আছে ৷

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.