ETV Bharat / state

9 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : May 12, 2022, 9:00 AM IST

Top 10 At 9 AM
9 বজাৰ শীৰ্ষ 10টা বাতৰি

9 বজাৰ শীৰ্ষ 10টা বাতৰি

মহামৃত্যুঞ্জয় মন্দিৰত মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী: অৱসান ঘটিল মন্দিৰৰ বিতৰ্কৰ

নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ(Maha Mrityunjay Mandir)ক লৈ শেহতীয়াকৈ হোৱা বিতৰ্কৰ সন্দৰ্ভত বুধবাৰে পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজৰ মাজত বৈঠক অনুষ্ঠিত হয় ।

অভিষেক বেনাৰ্জীৰ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে অসমৰ সাংবাদিকক দুৰ্ব্যৱহাৰৰ অভিযোগ

এদিনীয়া ভ্ৰমণৰ কাৰ্যসূচীৰে বুধবাৰে অসমলৈ আহিছিল তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক বেনাৰ্জী (Abhishek Banarjee in Assam)। তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীৰ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হৈছে সাংবাদিকক দুৰ্ব্যৱহাৰৰ অভিযোগ (Allegation of misbehave against West Bangal Police) ৷

Death Penalty by ULFA: তিনিচুকীয়াৰ আন এজন যুৱককো আলফা স্বাধীনৰ মৃত্যদণ্ড !

চলিত বছৰৰ জানুৱাৰী মাহতে আলফা(স্বা)ৰ শিৱিৰত মৃত্যুদণ্ড বিহা হৈছিল তিনিচুকীয়াৰ এজন যুৱকক ৷ পোহৰলৈ নহা এই তথ্য প্ৰকাশ কৰিছে আটকাধীন এজন আলফা(স্বা)ৰ এজন সদস্যই ৷ 2020 চনৰ কা আন্দোলনৰ সময়ত আলফা(স্বা)ত যোগদান কৰা বিজু গগৈ ওৰফে ভাগ্য অসমক মৃত্যুদণ্ড বিহা হৈছিল এই বৰ্ষৰে জানুৱাৰী মাহত (Death Penalty by ULFA I) ৷

'কা' সন্দৰ্ভত পূৰ্বৰ স্থিতিতে অটল আছে তৃণমূল কংগ্ৰেছ

'কা' সন্দৰ্ভত পূৰ্বৰ স্থিতিতে অটল আছে তৃণমূল কংগ্ৰেছ ৷ এই মন্তব্য় তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ । 'কা' দেশত বলবৎ হোৱাৰ আঢ়ৈ বছৰৰ পিছতো ইয়াৰ নিয়মাৱলী প্ৰস্তুত কৰা নহ'ল । অমিত শ্বাহে পশ্চিমবংগত ক'ভিড শেষ হ'লে 'কা' বলবৎ কৰিম বুলি কয় আৰু ইয়াৰ বিপৰীতে অসমত আইনখনক লৈ অসমত নীৰৱ ভূমিকা পালন কৰে ।

Gunotsav Assam 2022: এই গুনোৎসৱে নিৰ্নয় কৰিব পাৰিব নে ৰাজহুৱা খণ্ডৰ শিক্ষাৰ মান ?

প্ৰায়‌ তিনিটা বছৰৰ ব্যৱধানত ৰাজ্যত পুনৰ আৰম্ভ হোৱা গুণোৎসৱে(Gunotsav 2022) নিৰ্ধাৰণ কৰিব পাৰিবনে ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ শিক্ষাৰ শেহতীয়া মান? ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নিজেই গাঁৱত উপস্থিত হৈ গুণোৎসৱত ভাগ লোৱাৰ সময়তে ৰাজ্যৰ শিক্ষাৰ আন্তঃগাঁথনি আৰু শিক্ষণ প্ৰণালীৰ মান সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত হৈছে ।

পঞ্চায়ত প্ৰতিনিধিৰ কাম তদাৰকী কৰাহে, ঠিকাদাৰী নহয় : মুখ্যমন্ত্ৰী

বিজেপিৰ জিলা পৰিষদৰ সদস্যসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক। দুর্নীতি নকৰো, দুর্নীতি কৰিব নিদিও মহামন্ত্ৰৰে দুৰ্নীতিৰ বিৰুদ্ধে আপোচহীন হৈ থাকিব পাৰিলে পঞ্চায়ত প্ৰতিনিধিসকলে সন্মানো পাব আৰু আসনো পাব । এই মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

ভাইৰেল ফোন ৰেকৰ্ডিঙে বিপদত পেলাব নেকি চৰ্চিত আৰক্ষী বিষয়া জোনমণিক

সততেই চৰ্চাত থকা অসম আৰক্ষীৰ এগৰাকী বিষয়া হৈছে উপ-পৰিদৰ্শক জোনমণি ৰাভা (Si Joonmoni Rabha controversy) ৷ প্ৰথমে বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় ভূঞাৰ ফোনকল কৰিলে ভাইৰেল ৷ তাৰ পাচতে প্ৰৱঞ্চনাৰ গোচৰত আটক কৰিলে নিজৰ ভাবি স্বামীক ৷ আৰু এইবাৰ ভাইৰেল হৈছে জোনমণি ৰাভাৰ নিজৰেই ফোনকল ৷

সাগৰৰ ঢৌত উটি আহিল এটা মন্দিৰ

শ্ৰীকাকুলাম জিলাৰ সন্থাবোম্বালী মণ্ডলৰ এম. সুন্নাপল্লী গাঁৱৰ সমুদ্ৰতীৰলৈ ঢৌৰ সৈতে এটা মন্দিৰ উটি অহা পৰিলক্ষিত হয় (A shrine was came with waves in Andhra) ৷ মন্দিৰটো সমুদ্ৰ তীৰৰ ওচৰ চাপি অহাৰ লগে লগে স্থানীয় লোকে ৰছীৰে বান্ধি উঠাই আনে ৷

Sedition law : ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ স্থগিত ৰাখিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

ভাৰতীয় দণ্ডবিধিৰ ১২৪ এ ধাৰা এখন ১৫২ বছৰ পুৰণি আইন, যাৰ অধীনত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰসমূহ ৰুজু কৰা হয় । এই সংক্ৰান্তীয় এক নিৰ্দেশনাত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহকো পুনৰ বিবেচনাৰ সময়চোৱাত এই ধাৰাৰ অধীনত গোচৰ ৰুজু কৰাটো বন্ধ ৰাখিবলৈ নিৰ্দেশ(SC orders to keep sedition law in abeyance) দিয়ে ।

ছিংগাপুৰত নিষিদ্ধ দ্য কাশ্মীৰ ফাইলছ : টুইটাৰত আৰম্ভ হৈছে বিতৰ্ক

কংগ্ৰেছ নেতা শশী থাৰুৰক অভিনেতা অনুপম খেৰ আৰু পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে ছিংগাপুৰত 'দ্য কাশ্মীৰ ফাইলছ' বোলছবিখনৰ ওপৰত নিষেধাজ্ঞাৰ বাতৰি টুইট কৰাৰ পিছত আগুৰি ধৰিছে (The Kashmir Files twitter debate) । বিষয়টো বাঢ়ি অহাৰ লগে লগে, চলচ্চিত্ৰ নিৰ্মাতাই শশী থাৰুৰৰ স্বৰ্গীয় পত্নী সুনন্দা পুষ্কৰৰ কথা উল্লেখ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.