ETV Bharat / state

Gunotsav Assam 2022: এই গুনোৎসৱে নিৰ্নয় কৰিব পাৰিব নে ৰাজহুৱা খণ্ডৰ শিক্ষাৰ মান ?

author img

By

Published : May 11, 2022, 10:54 PM IST

প্ৰায়‌ তিনিটা বছৰৰ ব্যৱধানত ৰাজ্যত পুনৰ আৰম্ভ হোৱা গুণোৎসৱে(Gunotsav 2022) নিৰ্ধাৰণ কৰিব পাৰিবনে ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ শিক্ষাৰ শেহতীয়া মান? ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নিজেই গাঁৱত উপস্থিত হৈ গুণোৎসৱত ভাগ লোৱাৰ সময়তে ৰাজ্যৰ শিক্ষাৰ আন্তঃগাঁথনি আৰু শিক্ষণ প্ৰণালীৰ মান সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত হৈছে । মনকৰিবলগীয়া যে আজিৰে পৰা মাত্ৰ এমাহৰ আগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষকৰ নিযুক্তিপত্ৰ বিতৰণৰ এক অনুষ্ঠানত স্পষ্টভাৱে কৈছিল যে‌ এনে অৱস্থা অব্যাহত থাকিলে অহা দহ বছৰৰ পাছত চৰকাৰী শিক্ষানুষ্ঠান বুলিবলৈ একো নাথাকিব ।

Gunotsav Assam 2022
এই গুনোৎসৱে নিৰ্নয় কৰিব পাৰিব নে ৰাজহুৱা খণ্ডৰ শিক্ষাৰ মান ?

গুৱাহাটী, ১১ মে’: প্ৰায়‌ তিনিটা বছৰৰ ব্যৱধানত ৰাজ্যত পুনৰ আৰম্ভ হোৱা গুণোৎসৱে(Gunotsav 2022) নিৰ্ধাৰণ কৰিব পাৰিবনে ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ শিক্ষাৰ শেহতীয়া মান? ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নিজেই গাঁৱত উপস্থিত হৈ গুণোৎসৱত ভাগ লোৱাৰ সময়তে ৰাজ্যৰ শিক্ষাৰ আন্তঃগাঁথনি আৰু শিক্ষণ প্ৰণালীৰ মান সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত হৈছে । মনকৰিবলগীয়া যে আজিৰে পৰা মাত্ৰ এমাহৰ আগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষকৰ নিযুক্তিপত্ৰ বিতৰণৰ এক অনুষ্ঠানত স্পষ্টভাৱে কৈছিল যে‌ এনে অৱস্থা অব্যাহত থাকিলে অহা দহ বছৰৰ পাছত চৰকাৰী শিক্ষানুষ্ঠান বুলিবলৈ একো নাথাকিব ।

প্ৰতিগৰাকী চৰকাৰী শিক্ষকে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিব লাগিব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে । যোৱা দুটা দশকৰ অধিক সময়েই ৰাজ্যৰ শিক্ষা বিভাগৰ দায়িত্বত থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অধিক সময়তে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তনৰ ৰূপকাৰ হিচাবে নিজকে দাবী ‌কৰি আহিছে । কিন্তু মুখ্যমন্ত্ৰীৰ আসনত বহাৰ‌ পাছতে ৰাজহুৱা খণ্ডৰ শিক্ষাৰ অধঃপতিত ছবিখন তেওঁ নিজেই দাঙি ধৰা‌ কাৰ্যই ব্যৱস্থাটোৰ আভ্যন্তৰীণ অৱস্থাক উদঙাই দিছে ।

উল্লেখনীয় যে বুধবাৰে পুৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৰং জিলাৰ ছিপাঝাৰৰ এখন বিদ্যালয়ত উপস্থিত হৈ গুণোৎসৱৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে ।‌‌ ইয়াৰ পূৰ্বে ৰাজ্যৰ আন দুগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী ক্ৰমে প্ৰয়াত তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱালেও গুণোৎসৱত অংশগ্ৰহণ কৰি শিক্ষক-শিক্ষাৰ্থীৰ মনৰ বুজ লোৱাৰ চেষ্টা কৰিছিল । সেইদৰে আজিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুণোৎসৱৰ আৰম্ভ কৰিলে । কিন্তু প্ৰশ্ন উঠিছে- চৰকাৰী শিক্ষানুষ্ঠানক লৈ নিজেই ইতিমধ্যে এক নেতিবাচক মনোভাৱ লোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে কিদৰেনো শিক্ষক-শিক্ষাৰ্থীৰ মনৰ বুজ ল'ব !

ৰাজ্যৰ ৮০ শতাংশ শিক্ষাৰ্থীয়ে আজিও চৰকাৰী, চৰকাৰী প্ৰাদেশিকৃত বা‌ সাহায্যপ্ৰাপ্ত বিদ্যালয়তে পঢ়ে । বাংগালোৰৰ চেন্টাৰ ফৰ বাজেট এণ্ড পলিচী ষ্টাডিজ নামৰ গৱেষণা সংস্থাটোৱে শেহতীয়াকৈ গুৱাহাটীত প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি অসমত শিক্ষাৰ শিতানত বাৰ্ষিক বাজেট ব্যয় বৃদ্ধি কৰিছে যদিও তুলনামূলকভাৱে এই ব্যয় শেহতীয়া বিত্তীয় বৰ্ষকেইটাত নিম্নগামী হৈছে । এই ব্যয়ৰ পৰিমান ১১ শতাংশতকৈও বেছি । অৰ্থাৎ, অভিযোগ অনুসৰি অতি পৰিকল্পিতভাৱে ৰাজহুৱা খণ্ডৰ শিক্ষাৰ শিতানত ব্যয়ৰ পৰিমাণ কমাই অনা হৈছে ।

লক্ষনীয়ভাৱে ২০২০-২১ আৰু ২০২১-২২ বিত্তীয় বৰ্ষ দুটাত চৰকাৰে ক’ভিডকেন্দ্ৰিক পৰিস্থিতিতো আন আন্তঃগাঁঠনিক কাম ক্ষীপ্ৰতাৰে আগবঢ়াই নিছিল যদিও বিদ্যালয়ৰ গৃহ নিৰ্মাণ আৰু আন নিৰ্মাণৰ কামসমূহ পেলাই থৈছিল । অতি লক্ষনীয়ভাৱে এই দুটা বছৰত সমগ্ৰ শিক্ষা অভিযান (Samagra Shiksha Abhiyan) ৰ নামৰ বৃহৎ সংস্থাটোৱে কেৱল শুই বহিয়েই কটাইছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযানে প্ৰতিটো শিক্ষাবৰ্ষত ৰাজহুৱা খণ্ডৰ শিক্ষাত বিনিয়োগ কৰিবলৈ তিনি হাজাৰ কোটিতকৈও অধিক টকাৰ পুঁজি কেন্দ্ৰীয় চৰকাৰৰ পৰা আবন্টন পায় । সংস্থাটোৰ ৱেব চাইটলৈ গৈ প্লেনিং আৰু বাজেটিঙৰ তথ্য পঢ়িলেই এই‌ কথা স্পষ্ট হ’ব‌ পৰা যায় ।

সংস্থাটোৰ এক শীৰ্ষ সূত্ৰই জনোৱা মতে শেহতীয়া দুটা বছৰত সমগ্ৰ শিক্ষা অভিযানৰ নামত আবন্টিত পুঁজিৰ দহ শতাংশও মুকলি ‌কৰি দিয়া নহ'ল । কেৱল সেয়ে নহয়, নতুনকৈ শিক্ষামন্ত্ৰীৰ দায়িত্ব লোৱা ৰণোজ পেগুৱে যোৱা বৰ্ষটোত সমগ্ৰ শিক্ষা অভিযান কি বস্তু গমেই নাপালে । এনে পৰিস্থিতিয়ে ৰাজহুৱা খণ্ডৰ শিক্ষাৰ প্ৰসাৰ বিচৰা প্ৰতিগৰাকী সচেতন নাগৰিকক চিন্তান্বিত কৰি তুলিছে । এনে পৰিস্থিতিত নতুন শিক্ষানীতিৰ(New Education Policy) ৰূপায়ন প্ৰক্ৰিয়াও ব্যাহত‌ হ’ব বুলি‌ চৰ্চিত হৈছে ।

লগতে পঢ়ক: Gunotsav Assam 2022 : চৰাইদেউ জিলা শিক্ষা বিভাগত অৰাজক পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.