ETV Bharat / state

Death Penalty by ULFA: তিনিচুকীয়াৰ আন এজন যুৱককো আলফা স্বাধীনৰ মৃত্যুদণ্ড !

author img

By

Published : May 11, 2022, 8:04 PM IST

Updated : May 12, 2022, 2:57 PM IST

Death Penalty by ULFA I
তিনিচুকীয়াৰ আন এজন যুৱকক আলফা স্বাধীনৰ মৃত্যুদণ্ড!

চলিত বছৰৰ জানুৱাৰী মাহতে আলফা(স্বা)ৰ শিৱিৰত মৃত্যুদণ্ড বিহা হৈছিল তিনিচুকীয়াৰ এজন যুৱকক ৷ পোহৰলৈ নহা এই তথ্য প্ৰকাশ কৰিছে আটকাধীন এজন আলফা(স্বা)ৰ এজন সদস্যই ৷ 2020 চনৰ কা আন্দোলনৰ সময়ত আলফা(স্বা)ত যোগদান কৰা বিজু গগৈ ওৰফে ভাগ্য অসমক মৃত্যুদণ্ড বিহা হৈছিল এই বৰ্ষৰে জানুৱাৰী মাহত (Death Penalty by ULFA I) ৷

তিনিচুকীয়া, 11 মে’: সঞ্জীৱ শৰ্মা আৰু ধনজিৎ দাস নামৰ দুজন যুৱকক আলফা(স্বা)য়ে মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ চাঞ্চল্য মাৰ নাযাওতেই সংগঠনটোৰ মজিয়াত আন এজন যুৱকৰ মৃত্যদণ্ডৰ খবৰ লাভ কৰা কৰা গৈছে (Death Penalty by ULFA I)৷ এজন আটকাধীন আলফা(স্বা)ৰ সদস্যৰ মন্তব্যত প্ৰকাশ পাইছে এই বিস্ফোৰক তথ্য ৷ এই বৰ্ষৰে জানুৱাৰী মাহত বিজু গগৈ ওৰফে ভাগ্য অসম নামৰ যুৱকজনক আলফা(স্বা)ৰ শিৱিৰত মৃত্যুদণ্ড বিহাৰ তথ্য প্ৰকাশ কৰিছে আটকাধীন আলফা(স্বা)ৰ সদস্যজনে ৷

উল্লেখ্য যে, আৰক্ষী আৰু অসম ৰাইফলছৰ যুটীয়া অভিযানত অৰুণাচল-অসম সীমান্তৰ খামদো এলেকাৰ পৰা মঙলবাৰে আটক হৈছিল আলফা সদস্য সন্তোষ লামা ওৰফে অপু অসমক (ULFA I cadre arrested in Assam Arunachal border) 2021 চনত কয়লাৰ খনিত কাম কৰিবলৈ ওলাই যোৱা তিনিচুকীয়াৰ দুয়াৰমাৰা বালিজানৰ সন্তোষ লামাই 5 মাহ পূৰ্বে আলফা(স্বা)ত যোগদান কৰিছিল ৷ আটকাধীন আলফা(স্বা)ৰ সদস্য সন্তোষ লামাই সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিছে বহু বিস্ফোৰক মন্তব্য ৷

তিনিচুকীয়াৰ আন এজন যুৱকক আলফা স্বাধীনৰ মৃত্যুদণ্ড!

সন্তোষ লামাৰ মন্তব্য অনুসৰি, তিনিচুকীয়াৰ পেঙেৰিৰ প্ৰাক্তন আছু নেতা বিজু গগৈ ওৰফে ভাগ্য অসমে 2020 চনৰ কা আন্দোলনৰ(CAA movement) সময়ত আলফা(স্বা)ত যোগদান কৰিছিল (Joining in ULFA I)৷ কিন্তু চলিত বৰ্ষৰ জানুৱাৰী মাহৰ 18 তাৰিখে সংগঠনটোৰ ম্যানমাৰৰ শিৱিৰৰ পৰা পলায়নৰ চেষ্টা কৰা সময়তে মৃত্যদণ্ড বিহা হয় ৷ আনহাতে বিগত সময়ত আলফা(স্বা)ত যোগদান কৰা তিনিচুকীয়াৰ প্ৰায় 14 জন যুৱকক আলফা(স্বা)য়ে হত্যা কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷

লগতে পঢ়ক: পুনৰ আলফা(স্বা)মুখী নতুন প্ৰজন্ম: উজনি-নামনিত অন্তৰ্ধান বহুজন

Last Updated :May 12, 2022, 2:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.