ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Dec 15, 2021, 7:14 PM IST

top 10 at 7pm
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি...

CM Himanta Biswa Sarma Visit Ayodhya: ৰাম মন্দিৰত পত্নীসহ পূজা দিলে মুখ্যমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী মোডীয়ে মঙলবাৰে বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ লগত বৈঠকত মিলিত হৈছিল । এই বৈঠকত ৰাজ্যসমূহৰ উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ত পৰ্যালোচনা কৰা হৈছিল । প্ৰধানমন্ত্ৰীৰ পৰামৰ্শমতে(Advice of Prime Minister Narendra Modi) মঙলবাৰে পত্নীসহ লক্ষ্ণৌত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী শৰ্মা ।

Akhil Gogoi's vs CM Himanta: মুকলি বিতৰ্কলৈ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ অখিলৰ

‘‘মুখ্যমন্ত্ৰীৰ সাহস থাকিলে মুকলি মঞ্চত আহক আৰু সাহস নাথাকিলে তেওঁৰ পৰিয়ালৰ চেনেলত পোনপটীয়া সম্প্ৰচাৰত মোক মাতক’’ ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান বিধায়ক অখিল গগৈৰ (Akhil Gogoi dares Himanta Biswa Sarma for open debate) ৷

Demand for ST status : যাদুৰ বাকচত অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ

তিনিবছৰে মন্ত্রী গোটে দাখিল কৰা নাই প্ৰতিবেদন । বিগত তিনি বছৰে প্রতিবেদন দাখিল কৰিবলৈ সময় নােপােৱা ৰাজ্য চৰকাৰখনৰ হেমাহিৰ কথা সংসদৰ মজিয়াতে উন্মোচিত হৈছে ।

Karbi Anglong Autonomous Council : পৰিষদৰ নিৰ্বাচনত বেলট পেপাৰ ব্যৱহাৰৰ সিদ্ধান্ত

সোমবাৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সচিবালয়ৰ সভাকক্ষত অনুষ্ঠিত হৈ যায় এখন সৰ্বদলীয় বৈঠক ৷ বৈঠকত উপস্থিত সকলো দলৰ মতামতৰ অন্তত গ্ৰহণ কৰা হয় এক সিদ্ধান্ত ৷ সমাগত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত এইবাৰ ব্যৱহাৰ হ'ব বেলট পেপাৰ (Ballot paper to be used instead of EVMs) ৷

New education policy 2020 : নতুন শিক্ষানীতি ২০২০ ৰ অধিসূচনা জাৰি দিছপুৰৰ

শীঘ্ৰেই অসমত বলৱৎ হ’ব নতুন শিক্ষানীতি ৷ বঙাইগাঁৱত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকে (Assam Government's cabinet meeting in Bongaigaon) এই বিষয়ত অনুমোদন জনোৱাৰ পিছত ৰাজ্যৰ শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে জাৰি কৰিছে নতুন শিক্ষানীতি ২০২০ ৰ অধিসূচনা জাৰি কৰিছে ৷

GMC notice issued to private school : কৰ পৰিশোধ নকৰা ব্যক্তিগত বিদ্যালয়লৈ GMC ৰ জাননী

গুৱাহাটী পৌৰ নিগমক বছৰ বছৰ ধৰি কোটি কোটি টকাৰ কৰ ফাঁকি মহানগৰীৰ প্ৰায় ২৫০ খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ৷ বিদ্যালয়সমূহৰ তালিকাত আছে বহু আগশাৰীৰ বিদ্যালয়ৰ নাম ৷ কৰ পৰিশোধ নকৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়য়ৈ GMC ৰ জাননী(GMC notice issued to private school) ৷

Manohari Gold tea new records : প্ৰতিকেজিত ৯৯,৯৯৯ টকা দৰত বিক্ৰী হ’ল অসমৰ চাহ

ৰাজ্যৰ লগতে ডিব্ৰুগড়ৰ চাহ উদ্যোগলৈ আহিছে আন এক সু-সংবাদ । চাহ নিলাম কেন্দ্ৰত পুনৰ অভিলেখ গঢ়িলে ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই (Manohari Gold tea new records)।

Nechiphu tunnel : ২০২২ ৰ এপ্ৰিল মাহত নেচিফু সুৰংগৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা

পূৰ্ণগতিত চলিছে অৰুণাচলৰ পশ্চিম কামেং জিলাত নিৰ্মাণ কৰি থকা নেচিফু সুৰংগৰ কাম (Nechiphu tunnel is under construction) । ৫০০ মিটাৰ দৈৰ্ঘৰ সুৰংগটোৰ নিৰ্মাণকাৰ্য ২০২২ ৰ এপ্ৰিল মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে । এতিয়ালৈকে সুৰংগটোৰ ৪০০ মিটাৰ দৈৰ্ঘৰ কাম সম্পূৰ্ণ হৈছে ।

Farmers to vacate Ghazipur border : আজি সম্পূৰ্ণৰূপে মুকলি হ’ব গাজীপুৰ সীমান্ত

প্ৰতিবাদী কৃষকৰ শেষৰটো দলে বুধবাৰে প্ৰতিবাদস্থলী এৰি আপোন ঘৰলৈ ৰাওনা হ'ব (Farmers to vacate Ghazipur protest site) । সম্পূৰ্ণৰূপে খালী হৈ পৰিব গাজীপুৰ সীমান্তৰ প্ৰতিবাদস্থলী । আজি অনুষ্ঠিত হ’বলগা পদযাত্ৰাৰ নেতৃত্ব দিব কৃষক নেতা ৰাকেশ টিকাইটে ।

Ankita Vicky got married: এক হ’ল দুখন হৃদয়

মঙলবাৰে প্ৰেমিক বিকী জৈনৰে বিবাহ পাশত আৱদ্ধ হ’ল অংকিতা লোখাণ্ডে ( Ankita Vicky got married) ৷ দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কক সামাজিক স্বীকৃতি দিলে প্ৰেমিকযুগলে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.