ETV Bharat / bharat

Farmers to vacate Ghazipur border : আজি সম্পূৰ্ণৰূপে মুকলি হ’ব গাজীপুৰ সীমান্ত

author img

By

Published : Dec 15, 2021, 12:19 PM IST

প্ৰতিবাদী কৃষকৰ শেষৰটো দলে বুধবাৰে প্ৰতিবাদস্থলী এৰি আপোন ঘৰলৈ ৰাওনা হ'ব (Farmers to vacate Ghazipur protest site) । সম্পূৰ্ণৰূপে খালী হৈ পৰিব গাজীপুৰ সীমান্তৰ প্ৰতিবাদস্থলী । আজি অনুষ্ঠিত হ’বলগা পদযাত্ৰাৰ নেতৃত্ব দিব কৃষক নেতা ৰাকেশ টিকাইটে ।

Celebration at Ghazipur Border
গাজীপুৰ সীমান্তৰ প্ৰতিবাদস্থলী এৰি ঘৰলৈ ৰাওনা কৃষক

নেশ্যনেল ডেস্ক, ১৫ ডিচেম্বৰ : এবছৰ ধৰি প্ৰতিবাদী শ্ল'গানেৰে উত্তাল হৈ থকা গাজীপুৰ সীমান্তৰ প্ৰতিবাদস্থলীত বুধবাৰে দেখা গৈছে উছাহৰ ধল (Celebration at Ghazipur) । কিছু সময়ৰ পাচতে নিজম পৰিব প্ৰতিবাদস্থলী । কিয়নো আজিয়েই প্ৰতিবাদী কৃষকৰ শেষৰটো দলে প্ৰতিবাদস্থলী এৰি ঘৰমুৱা হোৱাৰ সম্ভাৱনা আছে (Protesting farmers to vacate Ghazipur border) ।

ভাৰতীয় কৃষক ইউনিয়নে জনোৱা মতে, ফতেহ পদযাত্ৰাৰ বাবে সাজু হৈছে কৃষকসকল । এই সমদল উলিওৱা হ'ব গাজীপুৰ সীমান্তৰ পৰা । কৃষকসকলে মোডীনগৰ, মিৰাট, খাতোলি, মনচুৰপুৰ, সৌৰম চৌপাল হৈ কৃষকৰ ৰাজধানী হিচাপে জনাজাত চিছৌলিত উপস্থিত হ'ব । ফতেহ পদযাত্ৰা চিছৌলি চিৰহা কৃষক ভৱনত সমাপ্ত হ'ব । এই সমদলৰ নেতৃত্ব দিব কৃষক নেতা ৰাকেশ টিকাইটে ।

বিভিন্ন স্থানত কৃষকসকলক আদৰণি জনোৱা হ'ব বুলিও জনাইছে ভাৰতীয় কৃষক ইউনিয়নে । বিগত এটা বছৰে তিনিখন কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি অহা কৃষকসকলৰ কষ্ট, ত্যাগ আজি যেন সাৰ্থক হ'ল । চৰকাৰে তেওঁলোকৰ দাবী মানি লোৱাৰ পাচত এতিয়া মৰমৰ ঘৰলৈ ৰাওনা হ'বলৈ সাজু হৈছে প্ৰতিবাদী কৃষকৰ শেষৰটো দল(Last batch of farmers to return home) ।

উল্লেখ্য যে, ২০২০ চনৰ ২৬ নৱেম্বৰৰ পৰা দিল্লীৰ বিভিন্ন সীমান্তত কৃষকসকলে তিনিখন বিতৰ্কিত কৃষি আইন বাতিলৰ দাবী প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল । অৱশেষত চৰকাৰে তেওঁলোকৰ দাবী মানি ল'বলৈ মান্তি হয় । অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তিনিওখন কৃষি আইন বাতিল কৰিব বুলি ঘোষণা কৰাৰ পাচতো কৃষকে প্ৰতিবাদ অব্যাহত ৰাখিছিল । লোকসভাত কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক গৃহীত হোৱাৰ পাচতহে প্ৰতিবাদৰ অন্ত পেলায় কৃষকসকলে ।

লগতে পঢ়ক: লখিমপুৰ খেৰীৰ ঘটনা সু-পৰিকল্পিত আছিল : SIT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.