ETV Bharat / state

Nechiphu tunnel : ২০২২ ৰ এপ্ৰিল মাহত নেচিফু সুৰংগৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা

author img

By

Published : Dec 15, 2021, 1:39 PM IST

পূৰ্ণগতিত চলিছে অৰুণাচলৰ পশ্চিম কামেং জিলাত নিৰ্মাণ কৰি থকা নেচিফু সুৰংগৰ কাম (Nechiphu tunnel is under construction) । ৫০০ মিটাৰ দৈৰ্ঘৰ সুৰংগটোৰ নিৰ্মাণকাৰ্য ২০২২ ৰ এপ্ৰিল মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে । এতিয়ালৈকে সুৰংগটোৰ ৪০০ মিটাৰ দৈৰ্ঘৰ কাম সম্পূৰ্ণ হৈছে ।

Nechiphu tunnel expected to be completed by April 2022
২০২২ৰ এপ্ৰিল মাহত নেচিফু সুৰংগৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা

তেজপুৰ, ১৫ ডিচেম্বৰ : অৰুণাচলৰ পশ্চিম কামেং জিলাত নিৰ্মাণ কাৰ্য চলি থকা নেচিফু সুৰংগৰ কাম ২০২২ ৰ এপ্ৰিল মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে (Nechiphu tunnel expected to be completed by 2022) । ১৩,৭০০ ফুট উচ্চতাত নিৰ্মাণ কৰি থকা সুৰংগটো ৫০০ মিটাৰ দৈৰ্ঘৰ । সুৰংগটোৰ কাম সম্পূৰ্ণ হ'লে ৭ কিল’মিটাৰ দৈর্ঘৰ পথ চমু হৈ পৰিব যাত্ৰীৰ বাবে । ডাঠ কুঁৱলীৰ মাজেৰে কৰিবলগীয়া হোৱা কষ্টদায়ক যাত্ৰাৰ পৰাও যাত্ৰীয়ে সকাহ পাব ।

Nechiphu tunnel expected to be completed by April 2022
নেচিফু সুৰংগৰ নিৰ্মাণকাৰ্য অব্যাহত

জি আৰ ই এফৰ দ্বাৰা নিৰ্মাণ কৰা সুৰংগটো বিচিটি ঘাইপথ প্ৰকল্পৰ এক অংশ । নেচিফু সুৰংগৰ নিৰ্মাণকাৰ্য ২০২০ চনৰ ডিচেম্বৰ মাহত আৰম্ভ হৈছিল । এতিয়ালৈকে সুৰংগটোৰ ৪০০ মিটাৰ দৈৰ্ঘৰ কাম সম্পূৰ্ণ হৈছে আৰু অৱশিষ্ট অংশৰ নিৰ্মাণকাৰ্য এতিয়াও চলি আছে (Construction work of Nechiphu tunnel underway) । সুৰংগটোৰ প্ৰস্থ ১২ মিটাৰ আৰু উচ্চতা ১০ মিটাৰ ।

নিৰ্মাণ কাৰ্যৰে জড়িত অভিযন্তা উৰ্বশ পেটেলে জনোৱা মতে, দুই লেনযুক্ত সুৰংগটোত এটা নলা, ৱাটাৰ প্ৰুফিং আৰু অগ্নি নিৰ্বাপক প্ৰণালী থাকিব । ২০২২ চনৰ এপ্ৰিল মাহৰ ভিতৰত সুৰংগটোৰ কাম সম্পূৰ্ণ হৈ উঠিব আৰু প্ৰতিৰক্ষা বাহিনীয়ে ব্যৱহাৰ কৰাৰ বাবে মুকলি কৰা হ'ব ।

Nechiphu tunnel expected to be completed by April 2022
২০২২ৰ এপ্ৰিল মাহত নেচিফু সুৰংগৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা

অৱশ্যে ২০২২ চনৰ শেষৰ ফালেহে ৰাজহুৱা ব্যৱহাৰৰ বাবে সুৰংগটো মুকলি কৰা হ'ব । প্ৰায়ে ঘন কুঁৱলীয়ে আৱৰি থকা নেচিফু অঞ্চলত সুৰংগটো নিৰ্মাণ কৰা হৈছে । সুৰংগটোৰে যাত্ৰা নিৰাপত্তা বাহিনী আৰু জনসাধাৰণৰ বাবে সুৰক্ষিত হ'ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক: New education policy 2020 : নতুন শিক্ষানীতি ২০২০ ৰ অধিসূচনা জাৰি দিছপুৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.